পাঠানৰ পিছত কি চাব : একেলগে মুক্তিৰ বাবে সাজু মেগা বাজেটৰ ৩ ছবি...

বিনোদন জগতত ভিৰ কৰিছে নামী-দামী তাৰকাৰ ছবিয়ে। মুক্তিৰ অপেক্ষাত আছে ভালেকেইখন ছবি। একেটা দিনতে দৰ্শকৰ মাজলৈ

author-image
Asomiya Pratidin
New Update
পাঠানৰ পিছত কি চাব : একেলগে মুক্তিৰ বাবে সাজু মেগা বাজেটৰ ৩ ছবি...

একেলগে মুক্তিৰ বাবে সাজু মেগা বাজেটৰ ৩ ছবি

ডিজিটেল ডেস্কঃ বিনোদন জগতত ভিৰ কৰিছে নামী-দামী তাৰকাৰ ছবিয়ে। মুক্তিৰ অপেক্ষাত আছে ভালেকেইখন ছবি। একেটা দিনতে দৰ্শকৰ মাজলৈ আহিব চানী দেউলৰ গডৰ-২,ৰণবীৰ কাপুৰৰ এনিমেল আৰু হলিউডত নতুনকৈ ভুমুকি মৰা আলিয়া ভাটৰ হাৰ্ট অৱ ষ্টোনে।

Advertisment

এইসকল বলিউড তাৰকাৰ ছবিয়ে এই বৰ্ষতে মুক্তি লাভ কৰিব বুলি জানিব পৰা গৈছে। গুৰুত্বপূৰ্ণ কথা এই যে উল্লেখিত আটাইকেইখন ছবিয়ে চলিত বৰ্ষৰ ১১ আগষ্টত মুক্তি লাভ কৰিব। সেয়ে ছবি অনুৰাগীয়ে কোনখন চাব কোনখন এৰিব বা কোন সময়ত চাব তাকলৈও এক চৰ্চাৰ বিষয় হৈ পৰিছে।

কোনো কোনো ছবিগৃহত বিভিন্ন সময়ত তিনিওখন ছবিৰ প্ৰদৰ্শন হ'ব। অৱশ্যে একেটা হলতে তিনিওখন ছবি ভিন্ন সময়ত উপভোগ কৰা দৰ্শকো আছে। উল্লেখ্য যে, ইয়াৰ পূৰ্বেও একে সময়তে ভিন্ন তাৰকাৰ ছবি মুক্তিলাভ কৰিছিল।

তাৰ উদাহৰণ আমিৰ খান অভিনীত লাল সিং চাদ্দা আৰু অক্ষয় কুমাৰৰ ৰক্ষা বন্ধনেও একেটা দিনতে মুক্তিলাভ কৰিছিল। আনহাতে বলিউডৰ বাদশ্বাহ শ্বাহৰুখ খানৰ ৰেইছ আৰু হৃতিক ৰোশনৰ কাবিল ছবিয়েও ২০১৭ বৰ্ষৰ ২৬ জানুৱাৰীত মুক্তিলাভ কৰিছিল। কিন্তু সকলো ছবিয়ে যে হিট হ'ব তেনে নহয়।

কোনোখন যদি হিট কোনোখন ফ্লপ হোৱাৰ আশংকাও নথকা নহয়। তুলনামূলকভাৱে চানী দেউলৰ অনুৰাগী নথকা নহয়,তাতে দীৰ্ঘ দিনৰ মূৰত ৰূপালী পৰ্দাত ভুমুকি মাৰিব তেওঁ। আনহাতে সঞ্জু ছবিৰ জড়িয়তে দৰ্শকৰ মন জয় কৰি থৈছে ৰণবীৰ কাপুৰে। আলিয়া ভাটেও বিভিন্ন চৰিত্ৰত অভিনয় কৰি নিজৰ অভিনয়ৰ দক্ষতাৰ উমান দি থৈছে। গতিকে সকলো চালি-জাৰি চাই সময়লৈ অপেক্ষা কৰাৰ বাহিৰে গত্যন্তৰ নাই।

আৰু পঢ়কঃ সকলোকে পিছ পেলাই নতুন অভিলেখৰ দিশে পাঠান

alia bhatt raveer kapoor cinema sunny deul bollywood