সকলোকে পিছ পেলাই নতুন অভিলেখৰ দিশে পাঠান

দৰ্শকৰ দাবীৰ প্ৰতি সঁহাৰি জনাই মুক্তিৰ দিনা মাজনিশাও হলত চলে পাঠান

author-image
Asomiya Pratidin
New Update
সকলোকে পিছ পেলাই নতুন অভিলেখৰ দিশে পাঠান

অভিলেখৰ দিশে পাঠান

ডিজিটেল ডেস্কঃ বহু বিতৰ্ক নেওচি ২৫ জানুৱাৰীত বিশ্বব্যাপি মুক্তি লাভ কৰিলে পাঠান ছবিয়ে। শ্বাহৰুখ খান, দীপিকা পাডুকন, জন আব্ৰাহম আদিৰে অভিনীত এই ছবিখনে দৰ্শকৰ উৎকৃষ্ট সঁহাৰি লাভ কৰা দেখা যায়।

Advertisment

মুক্তিৰ পূৰ্বেই ছবিখন বিতৰ্কত সোমাই পৰিছিল। ছবি খনৰ এটা গানৰ পৰাই আৰম্ভ হোৱা বিতৰ্কই দেশৰ বিভিন্ন স্থানত পৰিস্থিতি উত্তপ্ত কৰি তুলিছিল। বিভিন্ন প্ৰান্তত একাংশ দল সংগঠনে পোষ্টাৰ জ্বলাই,ছবি বয়কট কৰি প্ৰতিবাদো সাৱ্যস্ত কৰিছিল।

দৰ্শকৰ লগতে চিত্ৰগৃহৰ স্বত্বাধিকাৰীক উক্ত ছবিখন বৰ্জন কৰিবলৈ আহ্বান জনাইছিল। কিন্তু সকলো বাধা নেওচি ছবি গৃহসমূহত ভিৰ কৰে ছবিখনৰ অনুৰগীয়ে। প্ৰতিটো দৰ্শনীতে প্ৰায় হাউচফুল। আগন্তুক ২ দিনলৈ দেশৰ বিভিন্নটা ছবিগৃহ হাউচফুল বুলি জানিব পৰা গৈছে।

কেৱল ইমানেই নহয়,দৰ্শকৰ দাবীৰ প্ৰতি সঁহাৰি জনাই মুক্তিৰ দিনা মাজনিশাও হলত চলে পাঠান। যাৰ বাবে ছবিখনে বক্স অফিছত পূৰ্বৰ বহু চিনেমাৰ ৰেকৰ্ড ভংগ কৰিবলৈ সক্ষম হয়।

ছবিখন উপভোগ কৰি একাংশই অনুৰাগীয়ে প্ৰশংসাৰে উপচাই পেলাইছে অভিনেতা অভিনেত্ৰী সকলক। এক্সন, বিনোদন ধৰ্মী এই ছবিখনে একাংশ দৰ্শকক বেছ আকৰ্ষিত কৰিছে। শ্বাহৰুখ, দীপিকা, জন আদিৰ অভিনয় তথা এক্সনে মোহিত কৰি তুলিছে দৰ্শকক। ছবিখনৰ গানবোৰেও জনতাৰ মন জয় কৰা পৰিলক্ষিত হয়।

যাৰ বাবে ছবি চলি থকাৰ সময়ত বহু ছবিগৃহত দৰ্শকে চকী এৰি নৃত্য কৰা পৰিলক্ষিত হয়। ইয়াৰোপৰি পূৰ্বতে হোৱা বিতৰ্কৰ বাবে কোনো যাতে হানি বিঘিনি নহয় তাৰ বাবে আৰক্ষী প্ৰশাসনেও চোকা দৃষ্টি ৰখাদেখা যায়।

উল্লেখ্য যে,মুক্তিৰ প্ৰথম দিনটোত পাঠানে ৫৫ কোটি উপাৰ্জন কৰাৰ বিপৰীতে কে জি এফে ৫৩.৯৫ কোটি টকা উপাৰ্জন কৰিছিল। এই দিশৰ পৰা লক্ষ্য কৰিলে অনাগত সময়ত পাঠানে পূৰ্বৰ সকলো ৰেকৰ্ড ভংগ কৰাৰ দিশে অগ্ৰসৰ হৈছে।

আৰু পঢ়কঃ অন্ধ্ৰপ্ৰদেশৰ হাতত পৰাস্ত অসম

india cinema bollywood john abraham sahrukh khan pathaan