/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-06/7afdae44-b317-4f72-9b15-1f6c02012e1e/1.jpg)
ডিজিটেল ডেস্কঃ শনিবাৰৰ পৰা সামাজিক মাধ্যমত প্ৰচাৰ হৈছে অভিনেত্ৰী ৰবিনা টেণ্ডনৰ এটা ভিডিঅ'। উক্ত ভিডিঅ'টোত একাংশ উন্মাদ লোকে অভিনেত্ৰীগৰাকীৰ সৈতে তৰ্ক-বিতৰ্কত লিপ্ত হোৱা পৰিলক্ষিত হয়। লগে লগে এগৰাকী মহিলা আৰু এজন লোকে ৰবিনাক আক্ৰমণৰ চেষ্টা কৰে। ৰবিনায়ো প্ৰত্যুত্তৰত কিছু আক্ৰমণাত্মক হোৱা দেখা যায়। বহু লোকে উক্ত ঘটনাটো কেমেৰাত বন্দী কৰাৰ চেষ্টা কৰে।
উল্লেখ্য যে এজন লোকে অভিনেত্ৰী গৰাকীৰ বিৰুদ্ধে মাৰ-পিটৰ অভিযোগ উত্থাপন কৰিছে। লোকজনৰ মাতৃ আৰু পৰিয়ালৰ লোক শনিবাৰে নিশা মুম্বাইৰ অন্তৰ্গত ৰবিনা টেণ্ডনৰ ফ্লেটৰ সমুখেৰে আহি থকা সময়ত ৰবিনাৰ গাড়ী চালকে তীব্ৰ গতিত আহি লোকজনৰ বৃদ্ধ মাতৃক খুন্দিয়াই। মহিলাগৰাকীয়ে মূৰত আঘাত পোৱাত তেওঁৰ পৰিয়ালৰ লোকে চালকক সোধ-পোছ কৰে। তেওঁৰ অভিযোগ অনুসৰি টেণ্ডনৰ চালকে তেওঁৰ ভাগিনীয়েকক শাৰীৰিক নিৰ্যাতনৰ চেষ্টা চলায় আৰু মাৰ-পিট কৰে। লগে লগে উক্ত স্থানত বহু লোক উপস্থিত হৈ চালকজনক আটক কৰাৰ চেষ্টা কৰে। ঘটনাটো গম্ভীৰ হৈ পৰাত ৰবিনা গাড়ীৰ পৰা বাহিৰলৈ ওলাই আহি চালকক ৰক্ষণা-বেক্ষণ দিয়ে। লগতে ৰবিনাই লোকজনৰ মাতৃক আক্ৰমণৰ চেষ্টা কৰে। অভিযোগকাৰীৰ মতে,ৰবিনা টেণ্ডন সেই সময়ত সুৰাসক্ত আছিল।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-06/b87200e3-ff98-4a82-adc9-1ae0a5013aef/raveena-tandon-1-2024-06-f42534fc817c28d0f8ac3e1e639d9a3d.avif)
অভিযোগকাৰীৰ পৰিয়ালে ৰবিনাৰ এই কাৰ্যৰ বিৰোধীতা কৰে। তেওঁৰ ভাষ্য অনুসৰি, অভিনেত্ৰী গৰাকীও তেওঁৰ পৰিয়ালৰ প্ৰতি আক্ৰমণাত্মক হৈ পৰে। উক্ত তৰ্ক-বিতৰ্কৰ ভিডিঅ' ৰেকৰ্ড কৰি বহু লোকে সামাজিক মাধ্যমত প্ৰকাশ কৰে। তেওঁৰ পৰিয়ালে ঘটনা সন্দৰ্ভত খাৰ থানাত গোচৰ ৰুজু কৰে যদিও ৪ ঘন্টা পাৰ হৈ যোৱা পাছতো আৰক্ষীয়ে কোনো ব্যৱস্থা নোলোৱাৰ অভিযোগ কৰিছে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-06/690403f5-fa3f-444c-a6f2-8eac3dbc795f/2.jpg)
আনহাতে সমগ্ৰ ঘটনা সন্দৰ্ভত আৰক্ষীয়ে ৰবিনাৰ বাসগৃহৰ সমুখত থকা চিচি কেমেৰাৰ ফুটেজ উদ্ধাৰ কৰিছে। আৰক্ষীৰ ভাষ্য অনুসৰি অভিযোগকাৰীৰ সকলো অভিযোগ মিছা। চিচি কেমেৰাত বন্দী ভিডিঅ' অনুসৰি পোন প্ৰথমে কেইগৰাকীমান মহিলা অভিনেত্ৰীগৰাকীৰ বাহনৰ সমুখলৈ আহে। তেওঁলোকে চালকজনৰ সৈতে তৰ্কাতৰ্কিত লিপ্ত হয়। উন্মাদ লোকসকলে টেণ্ডক আক্ৰমণৰ চেষ্টা কৰে। ফলত তেওঁৰ নাকেৰে তেজ ওলায়। পৰৱৰ্তী সময়ত চালক আৰু টেণ্ডনে পৰিস্থিতি নিয়ন্ত্ৰণৰ চেষ্টা কৰে। সেই সময়ত অভিনেত্ৰী গৰাকী সুৰামত্ত নাছিল বুলিও স্পষ্ট কৰে আৰক্ষীয়ে। ইতিমধ্যে দুয়ো পক্ষই আৰক্ষীক গোচৰ ৰুজু কৰিছে।
Also Read: বিষণ্ণ মনেৰে আজি পুনৰ কাৰাগাৰলৈ উভতিব কেজৰিৱাল...