আলিয়া ভাটৰ স্বামীৰ প্ৰশংসাত পঞ্চমুখ ৰশ্মিকা মান্দান্না

শেহতীয়াকৈ, ছ'চিয়েল মিডিয়াত প’ষ্ট কৰি তেওঁ এই বিষয়ে অনুৰাগীসকলক জানিবলৈ দিছে।এই প’ষ্টটোত অভিনেত্ৰীগৰাকীয়ে ছবিখনৰ দৃশ্যগ্ৰহণ সম্পূৰ্ণ হৈছে বুলি জানিবলৈ দি ৰণবীৰ কাপুৰপ প্ৰশংসাত পঞ্চমুখ হৈ পৰিছে।

author-image
Asomiya Pratidin
New Update
আলিয়া ভাটৰ স্বামীৰ প্ৰশংসাত পঞ্চমুখ ৰশ্মিকা মান্দান্না

ডিজিটেল ডেস্ক: খুব কম দিনতে বলীউডত নিজৰ সুকীয়া পৰিচয় গঢ়িলে দক্ষিণ ভাৰতৰ ছবি উদ্যোগৰ ‘হিট নায়িকা’ ৰশ্মিকা মান্দান্নাই।বিগত বৰ্ষত 'মিছন মজনু'ৰ জৰিয়তে বলীউডত প্ৰৱেশ কৰা ৰশ্মিকাক অতি শীঘ্ৰে তেওঁৰ পৰৱৰ্তী বিগ বাজেটৰ বলীউড ছবি ‘এনিমেল’ত দৰ্শকে দেখিবলৈ পাব।এই ছবিখনত ৰশ্মিকাৰ বিপৰীতে অভিনয় কৰিছে ৰণবীৰ কাপুৰে। খুবেই বেছি চৰ্চিত এই দুয়োজন অভিনেতা-অভিনেত্ৰীক দৰ্শকে প্ৰথমবাৰৰ বাবে ‘এনিমেল’ত একেলগে দেখিবলৈ পাব।ৰশ্মিকা এই ছবিখনক লৈ বহু উৎসাহিত। শেহতীয়াকৈ, ছ'চিয়েল মিডিয়াত প’ষ্ট কৰি তেওঁ এই বিষয়ে অনুৰাগীসকলক জানিবলৈ দিছে।এই প’ষ্টটোত অভিনেত্ৰীগৰাকীয়ে  ছবিখনৰ দৃশ্যগ্ৰহণ সম্পূৰ্ণ হৈছে বুলি জানিবলৈ দি ৰণবীৰ কাপুৰপ প্ৰশংসাত পঞ্চমুখ হৈ পৰিছে।

Advertisment

এই প’ষ্টটোত অভিনেত্ৰীগৰাকীয়ে উল্লেখ কৰিছে, ‘এই ছবিখনত অভিনয়ৰ প্ৰস্তাৱ হঠাতে মোৰ ওচৰলৈ আহোতে মই আচৰিত হৈ গৈছিলো। মই নিশ্চিতভাৱেই ছবিখনৰ সকলো অভিনেতা-অভিনেত্ৰীৰ সৈতে কাম কৰিবলৈ বিচাৰিছিলো।মই এই ছবিখনৰ বাবে প্ৰায় ৫০ দিন ধৰি দৃশ্যগ্ৰহণ কৰিছো। এতিয়া দৃশ্যগ্ৰহণ শেষ হৈছে আৰু মই চৌদিশে শূন্যতা অনুভৱ কৰিবলৈ আৰম্ভ কৰিছো। ছেটত কাম কৰা সকলোয়েই বহুত পেছাদাৰী আৰু দয়ালু আছিল। মই তেওঁলোকক বহুবাৰ কৈছো যে মই তেওঁলোকৰ সকলোৰে সৈতে ১০০০ বাৰ কাম কৰিবলৈও সাজু।’

আনহাতে, ৰণবীৰৰ প্ৰশংসাত ৰশ্মিকাই লেখিছিল, ‘মই ৰণবীৰৰ সৈতে কাম কৰিবলৈ প্ৰথমে খুবেই নাৰ্ভাছ অনুভৱ কৰি আছিলো। ঈশ্বৰে সঁচাকৈয়ে তেওঁক সময় লৈ সৃষ্টি কৰিছিল। তেওঁ নিখুঁট।তেওঁ এজন ভাল অভিনেতাৰ লগতে এজন ভাল মানুহ।’

উল্লেখ্য, এজন গুণ্ডাৰ কাহিনীৰ ওপৰত আধাৰিত ‘এনিমেল’ ছবিখনে  ১১ আগষ্টত মুক্তি লাভ কৰিব। ছবিখন পৰিচালনা কৰিছে কবীৰ সিং আৰু অৰ্জুন ৰেড্ডীয়ে।

Also Read: সকলোৰে দৰে কংগনাৰো ঘৰ-সংসাৰ কৰাৰ মন