সকলোৰে দৰে কংগনাৰো ঘৰ-সংসাৰ কৰাৰ মন

শেহতীয়াকৈ ব্যক্তিগত জীৱনৰ কেতবোৰ প্ৰসংগত মুখ খুলি পুনৰ চৌদিশে চৰ্চিত হৈছে এইগৰাকী অভিনেত্ৰী।হয়, এক সাক্ষাৎকাৰত কংগনাই তেওঁৰ বিয়াৰ কথা মুকলিকৈ প্ৰকাশ কৰিছে।

author-image
Asomiya Pratidin
New Update
সকলোৰে দৰে কংগনাৰো ঘৰ-সংসাৰ কৰাৰ মন

ডিজিটেল ডেস্ক: অদমনীয় অভিনয়, ব্যতিক্ৰমী ব্যক্তিত্বৰ বাবে সদায় অনুৰাগীৰ মাজত চৰ্চাত থাকে বলীউডৰ অন্যতম জনপ্ৰিয় অভিনেত্ৰী কংগনা ৰাণাৱট।তেওঁ চৰ্চাত থকা আন এক কাৰণ হৈছে তেওঁৰ ব্যক্তিগত জীৱন।শেহতীয়াকৈ ব্যক্তিগত জীৱনৰ কেতবোৰ প্ৰসংগত মুখ খুলি পুনৰ চৌদিশে চৰ্চিত হৈছে এইগৰাকী অভিনেত্ৰী।হয়, এক সাক্ষাৎকাৰত কংগনাই তেওঁৰ বিয়াৰ কথা মুকলিকৈ প্ৰকাশ কৰিছে।

Advertisment

কংগনাই কয়, 'মইটো বিয়া পাতিবলৈয়ে বিচাৰো আছো। নিজৰ বুলি পৰিয়াল এটা থকাটো আন বহুতৰ দৰেই মইও বিচাৰো।মোৰ ছাগৈ বিয়াৰ সময় অহা নাই।জীৱনত সকলো বস্তুৰ বাবেই এটা নিৰ্দিষ্ট সময় আছে।মোৰ বিয়াৰ সময় যাতে সোনকালে আহে, মই সেইটোয়েই কামনা কৰিছো।'

ইয়াৰ পূৰ্বে ২০২১ চনত কংগনাই কৈছিল যে আগন্তুক পাঁচ বছৰত তেওঁক অনুৰাগীসকলে এগৰাকী মাতৃ আৰু পত্নী হিচাপে দেখিবলৈ পাব। সেই সময়ত তেওঁ তেওঁৰ সংগীৰ বিষয়ে খুব সোনকালে সকলোয়ে জানিব পাৰিব বুলিও উল্লেখ কৰিছিল। উল্লেখ্য যে, মুক্তিৰ পূৰ্বেই যথেষ্ট চৰ্চা লাভ কৰা ছবি 'ইমাৰ্জেন্সি'ত দৰ্শকে প্ৰাক্তন প্ৰধানমন্ত্ৰী ইন্দিৰা গান্ধীৰ চৰিত্ৰত দেখিবলৈ পাব কংগনা ৰানাৱটক।কংগনাই ইতিমধ্যে এই প্ৰত্যাহ্বানমূলক চৰিত্ৰটোত অভিনয় কৰাৰ বাবে যথেষ্ট প্ৰশংসা লাভ কৰিবলৈ সক্ষম হৈছে।তদুপৰি, 'চন্দ্ৰমুখী ২' ছবিখনতো দৰ্শকে দেখিবলৈ পাব কংগনাৰ অভিনয়ৰ যাদু।এই ছবিখনত কংগনাই এগৰাকী নৃত্যশিল্পীৰ চৰিত্ৰত অভিনয় কৰিব।

Also Read: কোন তাৰকাৰ কিমান টকা চোৰে নিলে জানেনে ?