দেশবাসীক দিপাৱলীৰ শুভেচ্ছা জনালে ছিম্বা, লেডী সিংঘম, বেবী ছিম্বাই

শিৰোনামটো পঢ়ি হয়তো আচৰিত হৈছে। হোৱাটো অৱশ্যে স্বাভাৱিক।কিয়নো বলীউডৰ অন্যতম চৰ্চিত যুটি ৰণবীৰ সিং আৰু দীপিকা পাডুকোনৰ এমহীয়া কন্যাই কিদৰে বলীউডত আত্মপ্ৰকাশ কৰিব পাৰে !

author-image
Asomiya Pratidin
New Update
দেশবাসীক দিপাৱলীৰ শুভেচ্ছা জনালে ছিম্বা, লেডী সিংঘম, বেবী ছিম্বাই

baby-simba

ডিজিটেল ডেস্ক: শিৰোনামটো পঢ়ি হয়তো আচৰিত হৈছে। হোৱাটো অৱশ্যে স্বাভাৱিক।কিয়নো বলীউডৰ অন্যতম চৰ্চিত যুটি ৰণবীৰ সিং আৰু দীপিকা পাডুকোনৰ এমহীয়া কন্যাই কিদৰে বলীউডত আত্মপ্ৰকাশ কৰিব পাৰে ! আপুনি আচৰিত হ'লেও কিন্তু এই খবৰটো সঁচা।পিতৃ ৰণবীৰ সিঙে নিজেই জনালে যে তেওঁলোকৰ কন্যা সন্তানটোয়ে এখন বহু চৰ্চিত ছবিৰ জৰিয়তে 'বি টাউন'ত 'এণ্ট্ৰি' মাৰিলে।

Advertisment

হয়, শেহতীয়াকৈ মুকলি হ'ল বহু প্ৰত্যাশিত ছবি 'সিংঘম এগেইন'ত ট্ৰেইলাৰ।এই ট্ৰেইলাৰ মুকলিৰ অনুষ্ঠানতে ৰণবীৰে এই কথা ৰাজহুৱা কৰে। ৰণবীৰে কয়, 'মোৰ পত্নী দীপিকা বৰ্তমান আমাৰ সন্তানৰ লগত ব্যস্ত।দিনত দীপিকা আৰু ৰাতি মই আমাৰ জীয়ৰীৰ সৈতে সময় কটাওঁ।  'সিংঘম এগেইন'ত অজয় দেৱগান, কৰীণা কাপুৰ খান, দীপিকা পাডুকন, অক্ষয় কুমাৰ, টাইগাৰ শ্ৰফ, ৰবি কিষণ,অৰ্জুন কাপুৰৰ লগতে মইও অভিনয় কৰিছো।আমাৰ কণমানিজনীয়েও কিন্তু এইখন ছবিৰ জৰিয়তে বলীউডত আত্মপ্ৰকাশ কৰিছে।তাই বেবী ছিম্বা।কিয়নো এই ছবিৰ শ্বুটিঙৰ সময়ত দীপিকাৰ গৰ্ভত আছিল আমাৰ সন্তান। লেডী সিংঘম, ছিম্বা আৰু বেবী ছিম্বাৰ তৰফৰ পৰা আগতীয়াকৈ সকলোকে দেৱালীৰ শুভেচ্ছা। 'সিংঘম এগেইন' উপভোগ কৰি দিপাৱলী উদযাপন কৰক। '

'সিংঘম এগেইন'ৰ সদ্য মুক্তিপ্ৰাপ্ত ট্ৰেইলাৰে ইতিমধ্যে সীমাহীন দৰ্শকৰ মন জয় কৰিবলৈ সক্ষম হৈছে।পৰিচালক-প্ৰযোজন ৰোহিত ছেট্টীৰ এই একশ্যনধৰ্মী ছবিখনৰ ৫ মিনিটৰ ট্ৰেইলাৰটোত অজয় দেৱগণে বাজিৰাও সিংঘমৰ চৰিত্ৰত অভিনয় কৰা দেখা গৈছে, য'ত তেওঁ অৰ্জুন কাপুৰৰ মুখামুখি হৈছে। আনহাতে, কৰীণা কাপুৰে অজয়ৰ পত্নীৰ চৰিত্ৰত অভিনয় কৰিছে। ৰণবীৰ সিঙে ছিম্বা আৰু অক্ষয় কুমাৰে সূৰ্যবংশীৰ চৰিত্ৰত অভিনয় কৰিছে।আৰক্ষীৰ এই দলটোত এটা নতুন নামৰ সংযোজন হৈছে।তেওঁ হৈছে দীপিকা পাডুকন, যাক 'লেডী সিংঘম' হিচাপে পৰিচয় দিয়া হৈছে।মুক্তি পূৰ্বেই চৰ্চাৰ শীৰ্ষত থকা 'সিংঘম এগেইন' ১ নৱেম্বৰত ছবিগৃহলৈ আহিব।

Also Read:
জিঅ' ৱৰ্ল্ড গাৰ্ডেনত নীতা আম্বানীয়ে ৰাজহুৱা কৰিলে জীৱনৰ গোপন অধ্যায়