/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-10-09/jszwnisp/WhatsApp-Image-2024-10-09-at-11.53.43-AM-3.jpeg)
nita-ambani-rekha
ডিজিটেল ডেস্ক: ‘ৰেখা মোৰ আপোন।আমাৰ সম্পৰ্ক এতিয়াৰ নহয়। আপোনালোকে হয়তো নাজানে যে ৰেখা আৰু মই একেখন স্কুলৰে ছাত্ৰী। তেতিয়াৰ পৰা আজিলৈকে আমাৰ সম্পৰ্ক একেই আছে।’ এই মন্তব্য ৰিলায়েন্স ফাউণ্ডেচনৰ অধ্যক্ষ তথা মুকেশ আম্বানীৰ পত্নী নীতা আম্বানীৰ।শেহতীয়া এক অনুষ্ঠানত সংবাদ মাধ্যমক উদ্দেশ্য কৰি এই মন্তব্য কৰে আম্বানী পত্নীয়ে।
প্ৰকৃততে, মুম্বাইৰ জিঅ' ৱৰ্ল্ড গাৰ্ডেনত প্ৰখ্যাত ডিজাইনাৰ মনীষ মালহোত্ৰাৰ শেহতীয়া দোকান মুকলি অনুষ্ঠানত অংশ গ্ৰহণ কৰি নীতা আম্বানীয়ে ৰেখা আৰু তেওঁৰ সম্পৰ্কৰ কথা মুকলিকৈ প্ৰকাশ কৰে।চেলিব্ৰেটী সমৃদ্ধ এই বিশেষ অনুষ্ঠানটোত বলীউডৰ ‘এভাৰগ্ৰীণ বিউটি’ ৰেখা আৰু নীতা আম্বানীক বহু সময় একেলগে কথা পাতি থকা দেখা গৈছিল।
এই অনুষ্ঠানৰ ভাইৰেল ভিডিঅ’ত দেখা পোৱা মতে, নীতা আম্বানীয়ে ৰেখা আৰু মনীষ মালহোত্ৰাৰ সৈতে কথা পাতি থাকোতে শিল্পা ছেট্টী আহি ৰেখাৰ ভৰি স্পৰ্শ কৰিছিল। ৰেখাই শিল্পাক আশীৰ্বাদ দি আঁকোৱালি লৈছিল।
Also Read: আনৰ নহয়, নিজে দেখা সপোনৰ পম খেদিহে সফল হ’ল শ্ৰীদেৱীৰ দুহিতা