ৰাণু মণ্ডলে গোৱা ‘আ…আ…আ…তেৰী মেৰি কাহিনী’ শীৰ্ষক গীতটি মুক্তি… VIDEO

ৰাণু মণ্ডলে গোৱা ‘আ…আ…আ…তেৰী মেৰি কাহিনী’ শীৰ্ষক গীতটি মুক্তি… VIDEO

author-image
asomiyapratidin
New Update
ৰাণু মণ্ডলে গোৱা ‘আ…আ…আ…তেৰী মেৰি কাহিনী’ শীৰ্ষক গীতটি মুক্তি… VIDEO

ডিজিটেল ডেস্কঃ 'তেৰী মেৰি কাহিনী', এইটোৱে প্রথম গীত য'ত কণ্ঠদান কৰিছে পশ্চিমবংগৰ এটা ৰে'ল ষ্টেচনৰ পৰা বলিউডলৈ যাত্ৰা কৰা ৰাণু মণ্ডলে। এটি নিশাৰ ভিতৰতে সকলোৰে পৰিচিত হৈ পৰা ৰাণু মণ্ডলে কণ্ঠদান কৰা এই গীতটো প্ৰতিষ্ঠিত গায়ক তথা সংগীত পৰিচালক হিমেশ ৰেছমীয়াৰ নতুন ছবি 'হেপ্পী হাৰ্ডী এণ্ড হীৰ'ৰ।

ৰাণু মণ্ডলৰ এই গীতটো ইউটিউবত মুক্তি পোৱাৰ পাছতেই এতিয়া ভাইৰেল হৈ পৰিছে। মাত্ৰ ৮ ঘণ্টা পূৰ্বে মুক্তি পোৱা এই গীতটো ইউটিউবত চাইছেল ১৬ লাখৰো অধিক লোকে। বৰ্তমান ইয়াৰ পৰা বুজিব পৰা গৈছে যে, ৰাণু মণ্ডলৰ কণ্ঠক আদৰি লৈছে সকলোৱে।

উল্লেখ্য যে, তেৰী মেৰি কাহিনীৰ উপৰিও হিমেশ ৰেছমীয়াৰ এই ছবিখনত ৰাণু মণ্ডলে আৰু দুটা গীতত কৰিছে কণ্ঠদান। 'আদত' আৰু 'আশ্বিকী মে তেৰী' গীত দুটিও যে ছুপাৰহীট হ'ব সেয়া সকলোৱে আশা কৰিছে। হিমেশ ৰেছমীয়াই নিজে মুখ্য চৰিত্ৰত অভিনয় কৰা এই নতুন ছবিখন মুক্তি পোৱাৰ পূৰ্বেই এনেদৰে সকলোৱে আদৰি লৈছে গীত কেইটি।

ৰাণু মণ্ডলৰ এই যাত্ৰাৰ বিষয়ে সবিশেষ পঢ়কঃ