‘ৰাণু দিদি’ৰ সন্ধানত…

‘ৰাণু দিদি’ৰ সন্ধানত…

মৃদুল কুমাৰ সন্দিকৈ

:- ৰাণু দিদি আছে?

:- আছে, আপুনি ক'ৰ পৰা কৈছে?

:- গুৱাহাটীৰ পৰা কৈছো- অতীন্দ্ৰ চক্ৰৱৰ্তীক পৰিচয় দি সুধিলোঁ মুম্বাইতে আছে নে তেওঁলোক উভতিছে? ফোন কৰোঁতে তেওঁলোক ঘৰলৈ আহি আছিল। দমদম বিমান বন্দৰৰ পৰা ২০ আগষ্ট, ২০১৯ত মুম্বাইলৈ উৰা মাৰিছিল অতীন্দ্ৰ চক্ৰৱৰ্তী, তপন আৰু ৰাণু দিদিয়ে।

২০ আগষ্টত মুম্বাইলৈ উৰা মৰাৰ পূৰ্বে কলকতা বিমান বন্দৰত…

ৰাণু দিদি এতিয়া এটা পৰিচিত নাম। ২০ জুলাইৰ আগলৈকে তেওঁক কোনেও চিনি পোৱা নাছিল। ৰাণাঘাট ৰে'লৱে ষ্টেছনৰ ৬নং প্লেটফৰ্মত ভিক্ষা খুজি পেট প্ৰৱৰ্তাইছিল ৬৪ বছৰীয়া এই মহিলাগৰাকীয়ে। অতীন্দ্ৰ চক্ৰৱৰ্তীয়ে দেখা পাইছিল তেওঁক। গুণগুণাই আছিল মহম্মদ ৰফীৰ এটা গান।

এই কণ্ঠ ভগৱান প্ৰদত্ত…

গান তেওঁ আনুষ্ঠানিকভাৱে ক'তো শিকা নাছিল। নিজেই কৈছিল ৰাণু দিদিয়ে। অতীন্দ্ৰ চক্ৰৱৰ্তীয়ে ৰাণু দিদিক সুধিছিল- আৰু কি গান গাব পাৰা তুমি? ৰাণু দিদিয়ে কৈছিল কেইবাটাও গানৰ কথা। অতীন্দ্ৰই মোবাইলটো উলিয়াই লৈছিল। ৰেকৰ্ড কৰিছিল তেতিয়ালৈকে অচিনাকী সেই মহিলাগৰাকীৰ ৮টাকৈ গান।

২১ জুলাই, ২০১৯। সেইদিনা অতীন্দ্ৰ চক্ৰৱৰ্তীয়ে এই মহিলাগৰাকীৰ কণ্ঠৰ প্ৰথমটো গান পোষ্ট কৰিছিল তেওঁৰ ফেচবুক একাউন্টত। বিধ্বস্ত এগৰাকী মহিলা। আউলি বাউলি চুলি। তেৱোঁ যে এনে কণ্ঠৰ গৰাকী সেয়া কল্পনাই কৰিব নোৱাৰি। প্ৰথমটো ভিডিঅ' পোষ্ট কৰি অতীন্দ্ৰ চক্ৰৱৰ্তীয়ে লিখিছিল- ৰাণাঘাটৰ ৬নং প্লেটফৰ্মত বন্ধুৰ সৈতে আড্ডা মাৰি থাকোতে এগৰাকী মানসিক ভাৰাসাম্যহীন সংগীত শিল্পীৰ গান শুনি আমি হতবাক।

কহী দূৰ কভি দিন ধল জায়ে…

এই ভিডিঅ'টো ৬ সহস্ৰাধিক লোকে শ্বেয়াৰ কৰিছিল। সেই দিনাই অতীন্দ্ৰ চক্ৰৱৰ্তীয়ে আন এটা গানৰ ভিডিঅ' ফেচবুকত পোষ্ট কৰিছিল। সেই ভিডিঅ'টোৰ সৈতে তেওঁ লিখা কথাখিনি আছিল- অসাধাৰণ গলা। ৰাণাঘাট প্লেটফৰ্মত কোনোবাই যদি দেখা পায়, দয়া কৰি যেন তেওঁক সহায় কৰে।

অতীন্দ্ৰ চক্ৰৱৰ্তীৰ মতে এই অসাধাৰণ মহিলাগৰাকীক কিছু সহায় কৰাৰ উদ্দেশ্যৰে তেওঁ এইদৰে ভিডিঅ' বনাই ফেচবুকত সেই গানবোৰ শ্বেয়াৰ কৰিছিল। তেওঁৰ জীৱন সংগ্ৰাম আৰু দুৰাৱস্থাৰ কথা অনুভৱ কৰি এই কাম কৰিছিল। তেতিয়া ভৱা নাছিল আজিৰ দৰে তেওঁৰ এই ভিডিঅ'ই সলনি কৰি দিব এই মহিলাগৰাকীৰ জীৱন।

২৩ জুলাই, ২০১৯। অতীন্দ্ৰ চক্ৰৱৰ্তীয়ে তেওঁৰ মোবাইলত বন্দী হৈ থকা ৰাণাঘাট ৰে'লৱে প্লেটফৰ্মত বাস কৰা এই মহিলাগৰাকীৰ আন এটা ভিডিঅ' সেইদিনা ফেচবুকত পোষ্ট কৰিলে। তেওঁ লিখিলে- 'অনেক ডাঙৰ ডাঙৰ শিল্পীয়েও যেন হাৰ মানিব। এই মানসিক ভাৰাসাম্যহীন মহিলাগৰাকীক সহায় কৰিবলৈ চাওক। তেওঁৰ এই প্ৰতিভা যাতে কামত লগাব পাৰে তাৰ বাবে ব্যৱস্থা কৰক। আপোনালোকৰ ওচৰত এয়াই অনুৰোধ।'

লতা মংগেশকাৰৰ দৰেই আছিল তেওঁৰো সুৰীয়া কণ্ঠ…

২৩ জুলাই, ২০১৯ত পোষ্ট কৰা ভিডিঅ'টোত এই মহিলাগৰাকীয়ে গাইছিল- 'এক প্যাৰ কা নগমা হ্যে, মৌজো কী ৰমাণী হ্যে' শীৰ্ষক লতা মংগেশকাৰৰ গীতটো। প্ৰায় ২১ হাজাৰ লোকে শ্বেয়াৰ কৰিছিল এই ভিডিঅ'টো। এই ভিডিঅ'ই সলাই পেলালে এই মহিলাগৰাকীৰ জীৱনৰ গতি। দেশজুৰি চৰ্চিত হ'ল এগৰাকী মহিলাৰ কণ্ঠ আৰু নাম। তেৱেঁই আছিল ৰাণু মণ্ডল।

তাৰ পিছত চৌদিশে চৰ্চা। এই ভিডিঅ' চাই শংকৰ মহাদেৱনেও প্ৰতিক্ৰিয়া ব্যক্ত কৰিলে। কেৱল তেঁৱেই নহয়, বলিউডৰ নামী দামী গায়ক, পশ্চিম বংগৰ শিল্পী, সুধী সমাজে এই সাধাৰণ মহিলাগৰাকীৰ অসাধাৰণ কণ্ঠ শুনি ৰৈ গৈছিল।

টুইটাৰত শংকৰ মহাদেৱনৰ প্ৰতিক্ৰিয়া…

গাড়ীৰে ঘৰলৈ গৈ থকা সময়তে আমি কথা পাতি গৈছিলো। কৈ গৈছিল এই যাত্ৰাৰ বিষয়ে। কেৱল ভিডিঅ'টো দিয়েই দায়িত্ব সামৰা নাছিল অতীন্দ্ৰ চক্ৰৱৰ্তীয়ে। লাহে লাহে মানুহে ৰাণু মণ্ডলৰ খবৰ লোৱা হ'ল। ওচৰৰ বহু দল-সংগঠনে ৰাণু মণ্ডলক নি সংগীতানুষ্ঠান পৰিৱেশন কৰিবলৈ দিয়াৰ লগতে সম্বৰ্ধনা জনালে। লগতে ধন্যবাদ জনালে অতীন্দ্ৰ চক্ৰৱৰ্তীলৈ।

স্থানীয় দল-সংগঠনৰ সম্বৰ্ধনা…

ৰাণু মণ্ডলৰ মানসিক আৰু শাৰিৰীক অৱস্থা তেতিয়া ভাল নাছিল। অতীন্দ্ৰ আৰু দুই একে লগ লাগি তেওঁৰ চিকিৎসাৰ ব্যৱস্থা কৰিলে। অতীন্দ্ৰ চক্ৰৱৰ্তীৰ মতে- বহু প্ৰস্তাৱ আহিবলৈ লৈছিল তেতিয়ালৈকে। কিন্তু আমি তেওঁৰ প্ৰথমে চিকিৎসাৰ ব্যৱস্থা কৰিছিলো। চিকিৎসাৰ অন্তত আমি বাকীবোৰ দিশত গুৰুত্ব দিম বুলি ভাৱিছিলো।

এক অনুষ্ঠানত শুভেচ্ছা গ্ৰহণ কৰাৰ পিছত…

লাহে লাহে তেওঁ সুস্থ হ'ল। কিন্তু মানুহজনীয়ে খুউব কম কথা কয়। কথাতকৈ বেছি তেওঁ হাঁহি ভাল পায়। পশ্চিম বংগৰ স্থানীয় সংবাদ মাধ্যম, ৰাষ্ট্ৰীয় সংবাদ মাধ্যমৰ দৃষ্টি আকৰ্ষণ কৰিলে। মলিয়ন কাপোৰ কানিৰে ষ্টেছনত ভিক্ষা খুজি পেট প্ৰৱৰ্তোৱা মহিলাগৰাকীৰ বেশ ভূষা সলনি হ'ল।

এনেদৰে সলনি হয় সময়…

কোনোৱে তেওঁক লৈ কবিতা লিখিলে। কোনোৱে ছেল্ফী তুলিবলৈ হেতা ওপৰা লগালে। ছ'চিয়েল মিডিয়া ফেচবুকৰ জৰিয়তে এমাহৰ ব্যৱধানতে ৰাণু মণ্ডলৰ জীৱনলৈ এইবোৰ পৰিৱৰ্তন আহিল। কোনোবাই ক'লে- ৰাণু মণ্ডলক বোলে মুম্বাইলৈ গান গাবলৈ মাতিছে। বাংলাদেশৰ পৰাও যোগাযোগ চলিছে। কিন্তু তেতিয়ালৈকে ৰাণু মণ্ডলৰ মুম্বাইৰ পৰা কোনো প্ৰস্তাৱ অহা নাছিল।

ৰাণু মণ্ডলৰ বাবে লিখা কবিতা…

ৰাণু মণ্ডলে ক'লে- তেওঁ পূৰ্বতে মুম্বাইতে আছিল। তেওঁৰ স্বামী আছিল এখন হোটেলৰ ৰান্ধনি। স্বামীৰ মৃত্যুৰ পাছত থানবান হৈ গ'ল ঘৰ সংসাৰ। তাৰ পিছত তেওঁৰ একো মনত নাই।

তেওঁ গান ক'তোৱেই শিকা নাছিল। ৰেডিঅ'ত শুনি শিকিছিল গান গাবলৈ। সম্বন্ধীয় এগৰাকীয়ে তেওঁক সহায় কৰিছিল। বহু গান তেওঁৰ মুখস্থ। মনে প্ৰাণে ভাল পায় গান। সেয়ে তেওঁ আওৰাই থাকে প্ৰিয় গানবোৰ। মহম্মদ ৰফী, লতা মংগেশকাৰৰ গানবোৰ তেওঁৰ অতিকৈ প্ৰিয়।

ছনী টিভিৰ পৰা এদিন ফোন আহিল। মুম্বাইলৈ যাব লাগে ৰাণু মণ্ডল। কিন্তু তেওঁৰ কোনো পৰিচয় পত্ৰ নাই। বিমান যাত্ৰাৰ বাবে প্ৰয়োজন হ'ব পৰিচয় পত্ৰৰ। সেইবাবে ৰাণু মণ্ডলৰ পৰিচয় পত্ৰ প্ৰস্তত কৰা হ'ল। সলাই পেলালে ৰাণু মণ্ডলে নিজৰ নাম। কৰিলে- ৰেণু ৰয়।

ৰাণু মণ্ডল হ'ল ৰেণু ৰয়…

এতিয়া ভীষণ ব্যস্ত তেওঁ। ২০ আগষ্টত মুম্বাইলৈ গৈ ছ'নী টিভিৰ ছুপাৰ ষ্টাৰ নামৰ শ্ব'টোৰ বাবে তেওঁ দৃশ্যগ্ৰহণত অংশল'লে। গান গালে। বলিউডৰ গায়ক তথা সংগীত পৰিচালক হিমেশ ৰেছমীয়াৰ সৈতে দৰ্শন হ'ল। তেওঁৰ কন্ঠ শুনি হিমেশ ৰেছমীয়াও তবধ মানিলে। হিমেশ ৰেছমীয়াই ঘোষণা কৰিলে তেওঁৰ নতুন ছবি 'হেপ্পী হাৰ্ডী এণ্ড হাৰ' ছবিৰ 'তেৰি মেৰী কাহিনী' গীতটো গাব ৰাণু মণ্ডলে।

এনেকৈয়ে সলনি হয় ভাগ্য। ৰাণু মণ্ডল তাৰে এটা উদাহৰণ। পৰিৱেশ-পৰিস্থিতিৰ বাবে পৰি ৰয় এনে হাজাৰ হাজাৰ ৰাণু মণ্ডল। সুযোগ আৰু সুবিধা পালেই তেওঁলোকে সেই প্ৰতিভাৰ প্ৰমান দিব পাৰে। এতিয়া সেয়া একেবাৰে সহজ। যিকোনো লোকেই এনে প্ৰতিভাৰ সন্ধান পালে ছ'চিয়েল মিডিয়াৰ জৰিয়তে বিশ্বজনীন ৰূপত সেই প্ৰতিভাক তুলি ধৰিব পাৰে। যি কাম অতীন্দ্ৰ চক্ৰৱৰ্তীয়ে কৰিছিল।

হিমেশ ৰেছমীয়াৰ সৈতে ষ্টুডিঅ'ত ৰাণু মণ্ডল…

এই প্ৰতিভা সঁচাকৈয়ে ভগৱান প্ৰদত্ত। ইমান দিনে তেওঁ অৱহেলিত হৈ আহিছিল। কিন্তু এতিয়া তেওঁ সুযোগ লাভ কৰিছে আৰু সকলোৱে কৈছে – ইমান দিনে ক'ত আছিল তেওঁ? জীৱনৰ গণিতে তেওঁক সেই সুযোগ নিদিলে জীৱনৰ আদবয়সত। বিশেষ পঢ়া শুনা নাছিল ৰাণু মণ্ডলৰ। পৰিয়ালৰ বিষয়েও সবিশেষ নাজানে। বহু বছৰ পূৰ্বে তেওঁ আহি আছিলহি সেই অঞ্চলৰে দিলীপ বিশ্বাস নামৰ এজন লোকৰ ঘৰত। তাৰপাছত জীৱনৰ জটিলতাই তেওঁক লৈ গৈছিল প্লেটফৰ্মলৈ।

ৰে'লৱে প্লেটফৰ্মৰ পৰা এতিয়া তেওঁ ষ্টুডিঅ'ত। সেয়া কেৱল সম্ভৱহৈছে ছ'চিয়েল মিডিয়া, অতীন্দ্ৰ চক্ৰৱৰ্তীৰ উদ্যোগ আৰু লাখ লাখ লোকে তেওঁৰ গান শুনি মুগ্ধ হৈ কৰা প্ৰতিক্ৰিয়াৰ বাবে।এনে বিৰল প্ৰতিভা বুটলি আনি তুলি ধৰা পৰা সক্ষমতা এতিয়া সকলোৰে হাতে হাতে। কিছু দিনৰ পূৰ্বে অসমৰ এজন যুৱকৰ এটা ভিডিঅ' খুব ভাইৰেল হৈছিল। কিন্তু সেই ভাইৰেল হোৱাতে ভিডিঅ'টো ৰৈ গ'ল।কিন্তু কলকাতাত ৰাণু মণ্ডলৰ সৈতে সেয়া নহ'ল।

স্থানীয় দল, অনুষ্ঠানে ৰাণু মণ্ডলক তুলি ধৰাৰ বাবে সমুহীয়া উদ্যোগ লৈছিল। অতীন্দ্ৰ চক্ৰৱৰ্তীয়ে নিজেই ৰাণু মণ্ডলৰ হৈ যোগাযোগ কৰি গৈছিল। আনকি আমি ৰাণু মণ্ডলৰ সৈতে যোগাযোগ কৰোতে কথা পাতিব লগা হৈছিল তেওঁৰ সৈতেই। ৰাণু মণ্ডলক সম্বৰ্ধনা জনোৱা অনুষ্ঠানৰ দৃশ্য সেই অনুষ্ঠানত উপস্থিত থকা দৰ্শক শ্ৰোতাই একেলগে ফেচবুকত লাইক কৰিছিল। এয়াই এজন শিল্পীক গঢ়ি তুলিবলৈ তেওঁলোকে কৰা চেষ্টাৰ উদাহৰণ।

ৰাণু মণ্ডলৰ জীৱনৰ গতি সলনি হ'ল। প্ৰতিষ্ঠাই তেওঁক জীৱনৰ উত্তৰণৰ বাট দেখুৱাওক। কিন্তু ৰাণু মণ্ডলৰ দৰে আৰু বহু ৰাণু মণ্ডল আমাৰ চকুৰ সন্মুখতে জহি খহি যায়। তেনে প্ৰতিভাক তুলি ধৰাৰ বাবে আমাক লাগিব আন বহু অতীন্দ্ৰ চক্ৰৱৰ্তী। যাৰ বাবে এনে দিশহাৰা হোৱা হাজাৰগৰাকী ৰাণু মণ্ডলৰ সৃষ্টি হ'ব পাৰে।

জ'মাট' বয় প্ৰাণজিৎ হালৈক লৈও চৰ্চা হৈছিল। খাদ্য যোগান ধৰা এই ল'ৰাটোৱে অধিক কষ্টৰে অব্যাহত ৰাখিছে সংগীত সাধনা। এটা এটা টকা সাঁচি ৰাখি সপোন দেখিছে নিজৰ এটা গানৰ ভিডিঅ' কৰা। ইতিমধ্যে প্ৰাণজিতলৈও আহিছে বহু প্ৰস্তাৱ। এদিন হয়তো ৰাণু মণ্ডলৰ দৰেই সংগীতৰ ক্ষেত্ৰত উজ্বলি উঠিব প্ৰাণজিৎ। কিন্তু তাৰ বাবে লাগিব তেওঁৰ চৌপাশে থকা লোকসকলৰো সহযোগ।

সময় এনেকুৱাই। কেতিয়া কেনেকৈ সময়ে কি দি যায়, কি লৈ যায় কোনেও নাজানে। কিন্তু তথ্য প্ৰযুক্তি আৰু ছ'চিয়েল মিডিয়াই এতিয়া প্রভাৱান্বিত কৰে আমাক। সেইবোৰৰ উপযুক্ত ব্যৱহাৰ হ'লেই ই হৈ পৰে আশাব্যঞ্জক। ৰাণু মণ্ডলৰ দৰে বহুতৰ মুখলৈ কঢ়িয়াই আনিব পাৰে প্ৰাপ্তিৰ হাঁহি।

কথাবোৰ থূলমূলকৈ পতা হৈছিল। তেতিয়াও তেওঁলোক গৈ ঘৰ পোৱা নাছিল। কিন্তু উত্তৰণৰ এই কাহিনী অতীন্দ্ৰ চক্ৰৱৰ্তীৰ মুখত শুনি এনে লাগিছিল, ৰাণু মণ্ডল যেন তেওঁৰেই পৰিয়ালৰ এজন আৰু আজি ৰাণু মণ্ডলৰ এই সফলতাত আটাইতকৈ তেওঁৱেই সুখী।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in