পিতৃৰ বলত আঢ়ৈ বছৰতে নতুন পৰিচয় লাভ কৰিলে ৰাহা কাপুৰে

আঢ়ৈ বছৰ বয়সতে ২৫০ কোটিৰ ঘৰৰ মালিক হ'ল বলীউডৰ বিখ্যাত কাপুৰ পৰিয়ালৰ দুহিতা ৰাহা কাপুৰ।হয়, পিতৃ ৰণবীৰ কাপুৰে ৰাহাক উপহাৰ দিলে এই বিশাল বাংলোটো।

author-image
Asomiya Pratidin
New Update
পিতৃৰ বলত আঢ়ৈ বছৰতে নতুন পৰিচয় লাভ কৰিলে ৰাহা কাপুৰে

ডিজিটেল ডেস্ক: আঢ়ৈ বছৰ বয়সতে ২৫০ কোটিৰ ঘৰৰ মালিক হ'ল বলীউডৰ বিখ্যাত কাপুৰ পৰিয়ালৰ দুহিতা ৰাহা কাপুৰ।হয়, পিতৃ ৰণবীৰ কাপুৰে ৰাহাক উপহাৰ দিলে এই বিশাল বাংলোটো।

Advertisment

শেহতীয়াকৈ ৰণবীৰ কাপুৰ, তেওঁৰ পত্নী আলিয়া ভাট আৰু মাতৃ নীতু কাপুৰক মুম্বাইৰ বান্দ্ৰাৰ মাজভাগত অৱস্থিত তেওঁলোকৰ নিৰ্মাণৰত বাংলোত একেলগে দেখা গৈছিল। এই বাংলোটোয়েই ৰণবীৰে তেওঁৰ কন্যাক উপহাৰ দিছে।ইয়াৰ পাছতে বলীউডৰ 'সবাতোকৈ ধনী কণিষ্ঠ তাৰকা সন্তান' হিচাপে নতুন পৰিচয় লাভ কৰিলে ৰাহা কাপুৰে।

২৫০ কোটিটকীয়া এই বাংলোটো শ্বাহৰুখ খানৰ ‘মন্নত’ আৰু অমিতাভ বচ্চনৰ ‘জলচা’তকৈও অধিক ব্যয়বহুল।এইটো মুম্বাইৰ 'আটাইতকৈ ব্যয়বহুল' চেলিব্ৰিটি বাংলো।নিৰ্মাণ সম্পূৰ্ণ হ’লে এই বাংলোটোৰ নামকৰণো ৰাহাৰ নামতে কৰা হ’ব।উল্লেখ্য যে, এই বিশাল বাংলোটোৰ লগতে আলিয়া আৰু ৰণবীৰ দুয়োৰে বান্দ্ৰাত আৰু চাৰিটা বহুকোটিটকীয়া ফ্লেট আছে। ৰাহাৰ পাছতে এই বাংলোটোৰ সহ-গৰাকী হিচাপে আছে ৰণবীৰৰ মাতৃ তথা ৰাহাৰ আইতাক নীতু কাপুৰ।

Also Read: Alia Bhatt: আপোনাৰ-মোৰ দৰেই আলিয়া ভাটৰো প্ৰিয় দালি-ভাত