আহি আছে ৰণবীৰ-ৰশ্মিকাৰ বহুচৰ্চিত 'এনিমেল'

অৱশেষত মুকলি হ’ল চলিত বছৰৰ বহু প্ৰত্যাশিত ছবি 'এনিমেল'ৰ টিজাৰ। নাম ঘোষণা হোৱাৰ পাছতেই ছবিখন চৰ্চাত থকাৰ কাৰণ হৈছে এই ছবিখনত অভিনয় কৰা যুটিটো। হয়, 'এনিমেল'ত পোনপ্ৰথমবাৰৰ বিগ স্ক্ৰীণত দৰ্শকে দেখিবলৈ পাব অভিনেতা ৰণবীৰ কাপুৰ আৰু দক্ষিণৰ তাৰকা অভিনেত্ৰী ৰশ্মিকা মান্দনাক।

author-image
Asomiya Pratidin
New Update
আহি আছে ৰণবীৰ-ৰশ্মিকাৰ বহুচৰ্চিত 'এনিমেল'

ডিজিটেল ডেস্ক: অৱশেষত মুকলি হ’ল চলিত বছৰৰ বহু প্ৰত্যাশিত ছবি 'এনিমেল'ৰ টিজাৰ। নাম ঘোষণা হোৱাৰ পাছতেই ছবিখন চৰ্চাত থকাৰ কাৰণ হৈছে এই ছবিখনত অভিনয় কৰা যুটিটো। হয়, 'এনিমেল'ত পোনপ্ৰথমবাৰৰ বিগ স্ক্ৰীণত দৰ্শকে দেখিবলৈ পাব অভিনেতা ৰণবীৰ কাপুৰ আৰু দক্ষিণৰ তাৰকা অভিনেত্ৰী ৰশ্মিকা মান্দনাক। টিজাৰ মুকলিৰ পাছতেই 'এনিমেল'ক কেন্দ্ৰ কৰি এতিয়া চৰ্চা দুগুণে বৃদ্ধি পাইছে।

ইফালে, 'এনিমেল' চৰ্চাত থকাৰ আন এক বিশেষ কাৰণ হৈছে ৰণবীৰ কাপুৰৰ পাৰিশ্ৰমিক। এই ছবিখনত অভিনয় কৰাৰ বাবদ অভিনেতাজনে তেওঁৰ পাৰিশ্ৰমিক ৫০ শতাংশ হ্ৰাস কৰে। ছবিখনৰ ব্যয় বৃদ্ধি হৈ গৈ থকাত প্ৰযোজকক সহায় কৰিবৰ বাবে ৰণবীৰে তেওঁৰ পাৰিশ্ৰমিক কমাই লোৱা বুলি খবৰ ওলাইছে।সম্প্ৰতি এখন ছবিত অভিনয় কৰাৰ বাবদ ৰণবীৰে ৭০কোটি টকা লাভ কৰে।

ভূষণ কুমাৰ, কৃষণ কুমাৰ, মুৰদ খেটানি আৰু প্ৰণয় ৰেড্ডী ভাংগাই প্ৰযোজনা কৰা 'এনিমেল'ৰ পৰিচালনাৰ দায়িত্বত আছে সন্দীপ ৰেড্ডী ভাংগা।ছবিখনত ৰণবীৰ, ৰশ্মিকাৰ লগতে কেইটামান বিশেষ চৰিত্ৰত অভিনয় কৰিছে ববী দেউল, পৰিণীতি চোপ্ৰা, অনিল কাপুৰ আৰু তৃপ্তি দিমৰীয়ে।

এক সমস্যাগ্ৰস্ত পিতৃ-পুত্ৰৰ কাহিনীক কেন্দ্ৰ কৰি নিৰ্মিত 'এনিমেল'ৰ বাজেট ১০০ কোটি টকা। মুক্তিৰ পূৰ্বে সীমাহীন চৰ্চা লাভ কৰা ছবিখন ১ ডিচেম্বৰত বহুকেইটা ভাষাত দেশজুৰি মুক্তি লাভ কৰিব।

Also Read: কংগনাৰ ছ’চিয়েল মেডিয়াৰ প’ষ্টে বিভ্ৰান্তিত পেলাইছে অনুৰাগীক