/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-10/ea23be1b-e1c3-4afd-8886-81e3e880936b/AP_FOR_WEB_kangana.jpg)
ডিজিটেল ডেস্ক: বলীউডত চলি থকা স্বজন পোষণৰ বিৰুদ্ধে অকলে মাত মাতি অহা অভিনেত্ৰী কংগনা ৰাণৱট প্ৰায় সকলো সময়তে সংবাদ শিৰোনামত থাকে। বিশেষকৈ আনক সমালোচনা কৰাৰ ক্ষেত্ৰত তেওঁ সদায়েই আগৰণুৱা।ভাৰতীয় চিনেমা উদ্যোগত এনে খুব কম লোক আছে, যাক কংগনাই প্ৰশংসা কৰে।পিছে এইবাৰ নিজকে সমালোচনা কৰি সকলোৰে দৃষ্টি কাঢ়িছে এইগৰাকী অভিনেত্ৰীয়ে।
হয়, ছ’চিয়েল মেডিয়াত শেহতীয়াকৈ কংগনাই এটা বিশেষ প’ষ্ট কৰে। যাৰ এতিয়া সৰ্বত্ৰে চৰ্চা চলিছে।প্ৰকৃততে, অভিনেত্ৰীগৰাকীয়ে তেওঁৰ ইনষ্টাগ্ৰাম ষ্ট’ৰীত লেখিছে, ‘প্ৰথম কথাটো হ'ল যে মই বৰ অভদ্ৰ। দ্বিতীয়তে, মই বহুত কাজিয়া কৰো।হিংসা মই ভাল পাওঁ আৰু হিংসাইও মোক ভাল পায়। তৃতীয়তে, মই অতি জেদী। একে সময়তে, মই তীব্ৰ প্ৰতিভাশালী।ইয়াক বেটমেন বুলি কোৱা হয়। মই সেইটোৱেই।'
প্ৰথমে নিজকে সমালোচনা কৰি শেষত তেওঁ অতি প্ৰতিভাশালী বুলি কৰা প’ষ্টটোয়ে এতিয়া কংগনাৰ অনুৰাগীসকলক বিভ্ৰান্তিত পেলাইছে।কংগনাই নিজকে প্ৰশংসাই কৰিছে নে সমালোচনাই কৰিছে, সেয়া সঠিককৈ বুজি পোৱাটো অনুৰাগীসকলৰ বাবে টান হৈ পৰিছে।একে সময়তে অভিনেত্ৰীগৰাকী অনুৰাগীৰ সমালোচনাৰো সন্মুখীন হ’বলগীয়া হৈছে।উল্লেখ্য যে, সময়ে সময়ে সমালোচনাৰ পাত্ৰ হৈও অনুৰাগীৰ হৃদয়ত এক সুকীয়া স্থান দখল কৰা কংগনাক অতি শীঘ্ৰে ‘ইমাৰজেঞ্চী’ আৰু ‘চন্দ্ৰমুখী ২’ শীৰ্ষক ছবি দুখনত দৰ্শকে দেখিবলৈ পাব।
Also Read: পত্নী সন্দৰ্ভত মুখ খুলিছে বিকি কৌশলে, আচৰিত অনুৰাগী