/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-10/d7e40407-9f7b-494a-a38b-a030e5145c7a/AP_FOR_WEB_Ranbir_kapoor.jpg)
ডিজিটেল ডেস্ক: এতিয়া আৰু দৰ্শকে দেখিবলৈ নাপাব বলীউডৰ জনপ্ৰিয় অভিনেতা ৰণবীৰ কাপুৰৰ অভিনয়ৰ যাদু।হয়, সকলো অনুৰাগীক হতবাক কৰি ৰণবীৰে বলীউড ত্যাগ কৰাৰ কথা ঘোষণা কৰিছে।শেহতীয়াকৈ অভিনেতাজনে 'ব্ৰহ্মাস্ত্ৰ'ৰ ছিকুৱেল নিৰ্মাণ হ’ব বুলি কৰা ঘোষণাৰ পাছতে এই অবাঞ্চিত খবৰ লাভ কৰাত অনুৰাগীসকল চিন্তিত হৈ পৰিছে।
শেহতীয়া এক সাক্ষাৎকাৰত ৰণবীৰে কয় যে মুক্তিৰ অপেক্ষাত থকা তেওঁৰ ছবি 'এনিমেল'ৰ পাছত দীৰ্ঘদিনলৈ তেওঁক আৰু দৰ্শকে দেখিবলৈ নাপাব।বলীউডৰ পৰা আতৰি থাকি তেওঁ পৰিয়ালৰ লগত সময় অতিবাহিত কৰিব।ৰণবীৰৰ পত্নী আলিয়া ভাট সম্প্ৰতি খুবেই ব্যস্ত।সেয়েহে পিতৃ হিচাপে সন্তানৰ দায়িত্ব তেওঁ ল’ব বুলিও প্ৰকাশ কৰে অভিনেতাজনে।আলিয়া তেওঁৰ ছবি ‘জিগ্ৰা’ৰ দৃশ্যগ্ৰহণত ব্যস্ত আছে।
আনহাতে, ৰণবীৰে 'ব্ৰহ্মাস্ত্ৰ ২' সন্দৰ্ভত প্ৰকাশ কৰা মতে, সম্প্ৰতি এই ছবিখনৰ চিত্ৰনাট্যৰ কাম চলি আছে। ২০২৪ চনৰ শেষৰ ফালে অথবা ২০২৫ চনৰ আৰম্ভণিতে ছবিখনৰ দৃশ্যগ্ৰহণ আৰম্ভ হ'ব। আয়ন মুখাৰ্জীৰ দ্বাৰা পৰিচালিত ‘ব্ৰহ্মাস্ত্ৰ’ ২০২২ চনত মুক্তি লাভ কৰিছিল। ছবিখনত মুখ্য চৰিত্ৰত অভিনয় কৰিছিল ৰণবীৰ কাপুৰ, আলিয়া ভাট, অমিতাভ বচ্চন, মৌনী ৰয়, ডিম্পল কাপাডিয়া আৰু নাগাৰ্জুন আক্কিনেনীয়ে।
ইফালে, 'এনিমেল'ত ৰণবীৰ কাপুৰৰ সৈতে পোনপ্ৰথমবাৰৰ বিগ স্ক্ৰীণত দৰ্শকে দেখিবলৈ পাব দক্ষিণৰ তাৰকা অভিনেত্ৰী ৰশ্মিকা মান্দনাক। টিজাৰ মুকলিৰ পাছতেই 'এনিমেল'ক কেন্দ্ৰ কৰি এতিয়া চৰ্চা দুগুণে বৃদ্ধি পাইছে। 'এনিমেল' চৰ্চাত থকাৰ আন এক বিশেষ কাৰণ হৈছে ৰণবীৰ কাপুৰৰ পাৰিশ্ৰমিক। এই ছবিখনত অভিনয় কৰাৰ বাবদ অভিনেতাজনে তেওঁৰ পাৰিশ্ৰমিক ৫০ শতাংশ হ্ৰাস কৰে। ছবিখনৰ ব্যয় বৃদ্ধি হৈ গৈ থকাত প্ৰযোজকক সহায় কৰিবৰ বাবে ৰণবীৰে তেওঁৰ পাৰিশ্ৰমিক কমাই লোৱা বুলি খবৰ ওলাইছে।সম্প্ৰতি, এখন ছবিত অভিনয় কৰি ৰণবীৰে ৭০কোটি টকা লাভ কৰে।
ভূষণ কুমাৰ, কৃষণ কুমাৰ, মুৰদ খেটানি আৰু প্ৰণয় ৰেড্ডী ভাংগাই প্ৰযোজনা কৰা 'এনিমেল'ৰ পৰিচালনাৰ দায়িত্বত আছে সন্দীপ ৰেড্ডী ভাংগা।ছবিখনত ৰণবীৰ, ৰশ্মিকাৰ লগতে কেইটামান বিশেষ চৰিত্ৰত অভিনয় কৰিছে ববী দেউল, পৰিণীতি চোপ্ৰা, অনিল কাপুৰ আৰু তৃপ্তি দিমৰীয়ে। সমস্যাগ্ৰস্ত পিতৃ-পুত্ৰৰ কাহিনীক কেন্দ্ৰ কৰি নিৰ্মিত 'এনিমেল'ৰ বাজেট ১০০ কোটি টকা। মুক্তিৰ পূৰ্বে সীমাহীন চৰ্চা লাভ কৰা ছবিখন ১ ডিচেম্বৰত বহুকেইটা ভাষাত দেশজুৰি মুক্তি লাভ কৰিব।
Also Read: পৰিয়ালৰ গোপনীয়তা ভংগ কৰিলে ৰণবীৰ কাপুৰে