Advertisment

পৰিয়ালৰ গোপনীয়তা ভংগ কৰিলে ৰণবীৰ কাপুৰে

বলীউডৰ তাৰকা দম্পতি ৰণবীৰ কাপুৰ আৰু আলিয়া ভাটে তেওঁলোকৰ একমাত্ৰ কন্যাৰ মুখ বৰ্তমানেও অনুৰাগীক দেখুওৱা নাই। কিন্তু ইয়াৰ পাছতো তেওঁলোকৰ কন্যা ৰাহা অনুৰাগীৰ মাজত বেছ চৰ্চিত। ৰাহা ১ নৱেম্বৰত এবছৰীয়া হ'ব।শেহতীয়াকৈ পিতৃ ৰণবীৰ কাপুৰে ৰাহা আৰু মাতৃৰ এক অতি গোপনীয় কথা ৰাজহুৱা কৰাত পুনৰ চৰ্চালৈ আহিছে কণমানিজনী।

author-image
Asomiya Pratidin
New Update
পৰিয়ালৰ গোপনীয়তা ভংগ কৰিলে ৰণবীৰ কাপুৰে

ডিজিটেল ডেস্ক: বলীউডৰ তাৰকা দম্পতি ৰণবীৰ কাপুৰ আৰু আলিয়া ভাটে তেওঁলোকৰ একমাত্ৰ কন্যাৰ মুখ বৰ্তমানেও অনুৰাগীক দেখুওৱা নাই। কিন্তু ইয়াৰ পাছতো তেওঁলোকৰ কন্যা ৰাহা অনুৰাগীৰ মাজত বেছ চৰ্চিত। ৰাহা ১ নৱেম্বৰত এবছৰীয়া হ'ব।শেহতীয়াকৈ পিতৃ ৰণবীৰ কাপুৰে ৰাহা আৰু মাতৃৰ এক অতি গোপনীয় কথা ৰাজহুৱা কৰাত পুনৰ চৰ্চালৈ আহিছে কণমানিজনী।হয়, ৰণবীৰে জনোৱা মতে মাতৃ আলিয়াই হেনো প্ৰতিদিনে ৰাহালৈ ইমেইল প্ৰেৰণ কৰে।

Advertisment

আচহুৱা যেন লাগিলেও কিন্তু কথাটো সঁচা।ৰাহাই যাতে ডাঙৰ হৈ মাতৃৰ অনুভৱবোৰৰ বিষয়ে জ্ঞাত হয়, সেইবাবেই প্ৰতিদিনৰ অনুভৱবোৰ ইমেইলৰ দ্বাৰাই ভৱিষ্যতলৈ সাঁচি ৰাখে আলিয়াই।  এই বিষয়ে আলিয়াই কোনোদিনে কাৰো আগত প্ৰকাশ কৰা নাই।ৰণবীৰেহে ভংগ কৰিলে এই গোপনীয়তা।

উল্লেখ্য যে, মঙলবাৰে দিল্লীত ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৰ হাতৰ পৰা শ্ৰেষ্ঠ অভিনেত্ৰীৰ ৰাষ্ট্ৰীয় পুৰস্কাৰ গ্ৰহণ কৰে ৰাহাৰ মাতৃ আলিয়া ভাটে। এই বঁটা প্ৰদান অনুষ্ঠানত আলিয়াৰ লগতে তেওঁৰ স্বামী ৰণবীৰ কাপুৰো উপস্থিত থাকে।

ইফালে, ৰণবীৰ কাপুৰক অতি শীঘ্ৰেই বহুচৰ্চিত 'এনিমেল' ছবিখনত দৰ্শকে দেখিবলৈ পাব।  ছবিখনে চলিত বৰ্ষৰ ১ ডিচেম্বৰত মুক্তি লাভ কৰিব। আনহাতে, আলি ভাটকো আগন্তুক বৰ্ষৰ প্ৰথমতেই মুক্তি পাবলগীয়া 'জিগ্ৰা' ছবিখনত দেখা যাব।

Also Read: Alia Bhatt: আপোনাৰ-মোৰ দৰেই আলিয়া ভাটৰো প্ৰিয় দালি-ভাত