ৰাজকীয় পৰিয়ালৰ হৈও নিজৰ উপাৰ্জনৰেহে চলে ছাৰা

ছাৰা আলী খান, ব্যতিক্ৰমী ব্যক্তিত্বই যাৰ পৰিচয়। ছেইফ আলী খান আৰু অমৃতা সিঙৰ জীয়ৰী ছাৰা বলীউডৰ অন্যতম জনপ্ৰিয় তাৰকা সন্তান।কেতিয়াবা যদি অভিনয়, কেতিয়াবা চিধা কথা, আন কেতিয়াবা আকৌ আকৰ্ষণীয় ফেশ্বনৰ বাবে চৰ্চাৰ শীৰ্ষত থাকে ছাৰা।

author-image
Asomiya Pratidin
New Update

ডিজিটেল ডেস্ক: ছাৰা আলী খান, ব্যতিক্ৰমী ব্যক্তিত্বই যাৰ পৰিচয়। ছেইফ আলী খান আৰু অমৃতা সিঙৰ জীয়ৰী ছাৰা বলীউডৰ অন্যতম জনপ্ৰিয় তাৰকা সন্তান।কেতিয়াবা যদি অভিনয়, কেতিয়াবা চিধা কথা, আন কেতিয়াবা আকৌ আকৰ্ষণীয় ফেশ্বনৰ বাবে চৰ্চাৰ শীৰ্ষত থাকে ছাৰা।ছাৰা পাটাউদী পৰিয়ালৰ কন্যা, যিটো পৰিয়াল ৰাজকীয়তাৰ বাবে বিখ্যাত।তাৰ পাছতো ছাৰাক প্ৰায় সকলো সময়তে সৰল তথা সাধাৰণভাৱেই অনুৰাগীয়ে দেখিবলৈ পায়।কিন্তু ‘ৰাজকন্যা’ ছাৰাই তেওঁৰ পিতৃ-মাতৃৰ পৰিচয়ৰে পৰিচিত হ'ব নিবিচাৰে।যাৰ বাবে তেওঁ কষ্টৰে ধন উপাৰ্জন কৰি নিজৰ জীৱনটো নিজে চলাই নিব বিচাৰে।আজি ছাৰাৰ উপাৰ্জনৰ বিষয়ে জানো আহক-

Advertisment

ছাৰাৰ পিতৃ-মাতৃৰ বিবাহ বিচ্ছেদৰ পিছত মাতৃ অমৃতা সিঙে অকলে তেওঁক ডাঙৰ-দীঘল কৰিছে। সেয়েহে তেওঁৰ মাতৃৰ প্ৰতি অগাধ শ্ৰদ্ধা আছে।অমৃতাই ছাৰাক সৰুৰে পৰা আত্মনিৰ্ভৰশীল হোৱাৰ পৰামৰ্শ দি আহিছে আৰু মাতৃৰ কথা আখৰে-আখৰে পালন কৰিছে অভিনেত্ৰীগৰাকী। 'কেদাৰনাথ' ছবিৰ জৰিয়তে বলীউডত কেৰিয়াৰ আৰম্ভ কৰা ছাৰাই খুব কম দিনতে নিজৰ এক সুকীয়া পৰিচয় গঢ়ি তুলিবলৈ সক্ষম হৈছে।

ছাৰাৰ এমাহত কিমান উপাৰ্জন জানেনে ?

ছাৰাৰ উপাৰ্জনৰ উৎস হৈছে তেওঁৰ ছবি, যাৰ আধাৰত তেওঁ মাহে প্ৰায় ৫০ লাখ টকা উপাৰ্জন কৰে। বিজ্ঞাপনৰ পৰাও তেওঁ যথেষ্ট উপাৰ্জন কৰে। এনেদৰে, তেওঁ বছৰি ৬ কোটি টকাতকৈ অধিক উপাৰ্জন কৰে।বৰ্তমান ছাৰাৰ মুঠ সম্পত্তিৰ মূল্য প্ৰায় ৫ নিযুত ডলাৰ অৰ্থাৎ প্ৰায় ৪০ কোটি টকা।

ছাৰা আলী খানৰ মুম্বাইত এটা ঘৰ আৰু বহুতো বিলাসী গাড়ী আছে। ‘কেদাৰনাথ’ আৰু ‘ছিম্বা’ৰ অভূতপূৰ্ব সফলতাৰ পিছত সম্প্ৰতি তেওঁ ‘জাৰা হটকে জাৰা বচকে’ ছবিখনৰ বাবে চৰ্চাত আছে। এই ছবিখনত ছাৰাৰ বিপৰীতে মূখ্য চৰিত্ৰত অভিনয় কৰিছে বিকি কৌশলে।এই ছবিখন ‘বক্স অফিচ’ত ইতিমধ্যে হিট হোৱাৰ বিপৰীতে গানসমূহক শ্ৰোতাই খুবেই আদৰি লৈছে। একে সময়তে, মন্দিৰ, মছজিদ আৰু গুৰুদ্বাৰা সকলোতে ছাৰা প্ৰদৰ্শন কৰা শ্ৰদ্ধা আৰু ভক্তিৰ লগতে তেওঁৰ সেই বিশেষ ‘নমস্কাৰ’টোয়ে অনুৰাগীসকলৰ হৃদয় জয় কৰে।

Also Read: সিদ্ধাৰ্থৰ দৰে জীৱন সংগী লাভ কৰাটো মোৰ বাবে সৌভাগ্য : কিয়াৰা