ৰণবীৰ-প্ৰিয়ংকাৰ যুটিক লৈ উৎসুকতা বৃদ্ধি অনুৰাগীৰ

ছবিপ্ৰেমী সকলৰ বাবে এক সুখবৰ। হয়, অতি শীঘ্ৰে নিৰ্মাণ হ’ব বহু প্ৰত্যাশিত ছবি ‘ডন’ৰ ছিকুৱেল ‘ডন ৩’ আৰু ‘ডন ৩’ত মূখ্য চৰিত্ৰত অভিনয় কৰিব জনপ্ৰিয় অভিনেত্ৰী প্ৰিয়ংকা চোপ্ৰা জোনাছে।

author-image
Asomiya Pratidin
New Update
ৰণবীৰ-প্ৰিয়ংকাৰ যুটিক লৈ উৎসুকতা বৃদ্ধি অনুৰাগীৰ

ডিজিটেল ডেস্ক: : ছবিপ্ৰেমী সকলৰ বাবে এক সুখবৰ। হয়, অতি শীঘ্ৰে নিৰ্মাণ হ’ব বহু প্ৰত্যাশিত ছবি ‘ডন’ৰ ছিকুৱেল ‘ডন ৩’ আৰু ‘ডন ৩’ত মূখ্য চৰিত্ৰত অভিনয় কৰিব জনপ্ৰিয় অভিনেত্ৰী প্ৰিয়ংকা চোপ্ৰা জোনাছে।

Advertisment

বলীউডৰ ‘ডন’ শ্বাহৰুখ খানৰ পৰিৱৰ্তে ৰণবীৰ সিঙে এই ছবিখনৰ ছিকুৱেলৰ বিষয়ে ছ’চিয়েল মেডিয়াত আনুষ্ঠানিক ঘোষণা কৰাৰ পিছতে চৰ্চাৰ শীৰ্ষত আছে এই ছবিখন।ছবিখনৰ নিৰ্মাতা ফাৰহান আখটাৰেও এই ছবিখনৰ দৃশ্যগ্ৰহণ অতি শীঘ্ৰে আৰম্ভ হ’ব বুলি অনুৰাগীক জানিবলৈ দিছে। ছবিখন পৰিচালনাৰ দায়িত্বতো আছে ফাৰহান আখতাৰ।ফাৰহান এতিয়া ৰণবীৰ সিং আৰু প্ৰিয়ংকা চোপ্ৰাৰ সৈতে ‘ডন ৩’ৰ বাবে সাজু হৈছে। 

কেইদিনমান পূৰ্বে প্ৰিয়ংকা ভাৰতলৈ আহি এই ছবিখনৰ সৈতে জড়িত হোৱাৰ চুক্তি কৰিছে।ছবিখনত প্ৰিয়ংকা, ৰণবীৰৰ লগতে এক বিশেষ চৰিত্ৰত দেখা যাব অৰ্জুন পানচালক।আগন্তুক বৰ্ষৰ শেষৰফালে ছবিখনে মুক্তি লাভ কৰাৰ সম্ভাৱনা আছে।

উল্লেখ্য যে, ২০০৬ চনত মুক্তিপ্ৰাপ্ত ‘ডন’ হিন্দী ছবিজগতৰ এখন উল্লেখনীয় ছবি হিচাপে বিবেচিত হোৱাৰ পাছত ২০১১ চনত মুক্তি লাভ কৰিছিল ‘ডন ২’। দুয়োখন ছবিতে মূখ্য চৰিত্ৰত অভিনয় কৰি দৰ্শকৰ মনত এক সুকীয়া স্থান দখল কৰিবলৈ সক্ষম হৈছে শ্বাহৰুখ খান।

Also Read: স্বামীৰ কৰ্ম-কাণ্ডত দিশহাৰা হৈ পৰিছিল শিল্পা ছেট্টী