ঘৰুৱা সামগ্ৰী ব্যৱহাৰ কৰে বাবেই মেকআপৰ প্ৰয়োজন নহয় প্ৰিয়ংকা চোপ্ৰাক

বলীউডৰ ‘দেশী গাৰ্ল’ প্ৰিয়ংকা চোপ্ৰাৰ সৌন্দৰ্যৰ বিষয়ে হয়তো পুনৰ কোৱাৰ প্ৰয়োজন নাই। সৌন্দৰ্যৰ বলত মিছ ৱৰ্ল্ডৰ সন্মান নিজৰ নাম কৰা প্ৰিয়ংকাই বলীউডৰ লগতে হলীউডতো নিজৰ এক সুকীয়া স্থান দখল কৰিবলৈ সক্ষম হৈছে।প্ৰিয়ংকাৰ সৌন্দৰ্যৰ ৰহস্য জানিবলৈ সকলো উৎসুক হৈ থাকে।

author-image
Asomiya Pratidin
New Update
ঘৰুৱা সামগ্ৰী ব্যৱহাৰ কৰে বাবেই মেকআপৰ প্ৰয়োজন নহয় প্ৰিয়ংকা চোপ্ৰাক

ডিজিটেল ডেস্ক: বলীউডৰ ‘দেশী গাৰ্ল’ প্ৰিয়ংকা চোপ্ৰাৰ সৌন্দৰ্যৰ বিষয়ে হয়তো পুনৰ কোৱাৰ প্ৰয়োজন নাই। সৌন্দৰ্যৰ বলত মিছ ৱৰ্ল্ডৰ সন্মান নিজৰ নাম কৰা প্ৰিয়ংকাই বলীউডৰ লগতে হলীউডতো নিজৰ এক সুকীয়া স্থান দখল কৰিবলৈ সক্ষম হৈছে।প্ৰিয়ংকাৰ সৌন্দৰ্যৰ ৰহস্য জানিবলৈ সকলো উৎসুক হৈ থাকে। কেইদিনমান পূৰ্বে অভিনেত্ৰীগৰাকীয়ে নিজেই এটা ভিডিঅ' প’ষ্ট কৰি তেওঁৰ সৌন্দৰ্যৰ ৰহস্য প্ৰকাশ কৰিছে। এই ভিডিঅ’ত উল্লেখ কৰা মতে, প্ৰিয়ংকাই মাত্ৰ ৩ টা ঘৰত বনোৱা ফেচপেকৰে নিজৰ ছালৰ যত্ন লয়।এয়া হেনো তেওঁ তেওঁৰ  আইতাকৰ পৰা শিকিছে।এই ফেচপেকৰ বাবে আপুনি বেছি খৰচ কৰিবও নালাগে।আজি এই বিষয়ে জানো আহক-

Advertisment

ওঁঠৰ স্ক্ৰাব

ওঁঠখন আকৰ্ষণীয় কৰিবলৈ প্ৰথমে এটা বাটিত এক চিকুট নিমখ, এটোপাল বিশুদ্ধ গ্লিচাৰিন আৰু কেইটোপালমান গোলাপ জল মিহলি কৰিব। এতিয়া এই মিশ্ৰণটো আপোনাৰ ওঁঠত লাহে লাহে বৃত্তাকাৰ গতিত ঘঁহি দিব। ইয়াক পিছত ভালদৰে ধুই পেলাব। এই স্ক্ৰাবে ওঁঠখন কোমল আৰু গুলপীয়া কৰে। 

দেহৰ স্ক্ৰাব

এই স্ক্ৰাব তৈয়াৰ কৰিবলৈ একাপ বেচনৰ লগত অলপ চন্দনৰ গুৰি, হালধি আৰু গাখীৰ মিহলি কৰিব। সকলোবোৰ ভালদৰে মিহলি কৰি এটা পেষ্ট বনাব। এই পেষ্টটো গোটেই শৰীৰত প্ৰয়োগ কৰি শুকাবলৈ দিব। তাৰ পিছত ভালদৰে ঘঁহি ঘঁহি গাটো ধুব পেলাব।

স্কেল্প ট্ৰিটমেণ্ট স্ক্ৰাব

এই স্ক্ৰাব প্ৰস্তুত কৰিবলৈ এটা বাটিত দৈ, এক চাহ চামুচ মৌ আৰু এটা কণী ভালদৰে মিহলি কৰিব। এতিয়া ইয়াক মূৰৰ ছালত প্ৰয়োগ কৰি ৩০ মিনিটৰ বাবে এনেদৰে এৰি দিয়ক, যাতে ই মূৰৰ ছালবোৰ ভালদৰে পুষ্টি প্ৰদান কৰিব পাৰে। পিছত গৰম পানী আৰু চেম্পুৰে চুলিখিনি ধুব দিব। ই আপোনাৰ ক্ষতিগ্ৰস্ত আৰু শুকান চুলিৰ বাবে যথেষ্ট উপকাৰী।

Also Read: ৰণবীৰৰ লগত বিয়া হ’বলৈ মন নাছিল দীপিকা পাডুকনৰ