ৰণবীৰৰ লগত বিয়া হ’বলৈ মন নাছিল দীপিকা পাডুকনৰ

আকৰ্ষণীয় ব্যক্তিত্ব তথা অতুলনীয় সৌন্দৰ্য্যৰ বাবে দেশে-বিদেশে সদায়েই চৰ্চাত থাকে বলীউডৰ ‘ডিম্পল গাৰ্ল’ দীপিকা পাডুকন।

author-image
asomiyapratidin
New Update
ৰণবীৰৰ লগত বিয়া হ’বলৈ মন নাছিল দীপিকা পাডুকনৰ

ডিজিটেল ডেস্ক: আকৰ্ষণীয় ব্যক্তিত্ব তথা অতুলনীয় সৌন্দৰ্য্যৰ বাবে দেশে-বিদেশে সদায়েই চৰ্চাত থাকে বলীউডৰ ‘ডিম্পল গাৰ্ল’ দীপিকা পাডুকন। পিছে এইবাৰ এক বিশেষ কাৰণত পুনৰ চৰ্চালৈ আহিছে এইগৰাকী অভিনেত্ৰীগৰাকীৰ নাম।হয়, শেহতীয়াকৈ পোহৰলৈ অহা দীপিকাৰ এক ‘প্ৰেম কাহিনী’য়ে এতিয়া অনুৰাগীক চিন্তিত কৰি তুলিছে।

Advertisment

আপুনি জানি আচৰিত হ’ব যে, বহুতৰে ‘সপোন কুঁৱৰী’ দীপিকাৰ ৰণবীৰ সিঙৰ লগত বিয়া হ’বলৈ মন নাছিল।প্ৰখ্যাত পৰিচালক সঞ্জয় লীলা ভাঞ্চালীৰ সৈতেহে বিয়াত বহিব বিছাৰিছিল দীপিকাই।এয়া দীপিকাই নিজ মুখেৰে কোৱা কথা।দীপিকাৰ এটা ‘থ্ৰোবেক’ ভিডিঅ' সম্প্ৰতি ছ’ছিয়েল মেডিয়াত ভাইৰেল হৈ পৰিছে, যি ভিডিঅ’ত অভিনেত্ৰীগৰাকীয়ে এই বিষয়ে প্ৰকাশ কৰিছে।উল্লেখ্য, দীপিকাই সঞ্জয় লীলা ভাঞ্চালীৰ বহুকেইখন সফল ছবিত অভিনয় কৰিছে।

এই পুৰণি ভিডিঅ'টো দীপিকা ‘বিগ বছ’ত অতিথি হিচাপে উপস্থিত হোৱাৰ ভিডিঅ’।য’ত ‘বিগ বছ’ৰ ‘হ’ষ্ট’ ছলমান খানে দীপিকাৰ সৈতে ‘কিল, মেৰী, হুকআপ’ৰ খেল খেলিছিল আৰু তেওঁক তিনিটা বিকল্প দিছিল ৰণবীৰ সিং, সঞ্জয় লীলা ভাঞ্চালী আৰু শ্বাহিদ কাপুৰ। তেতিয়া দীপিকাই কৈছিল যে, তেওঁ সঞ্জয় লীলা ভাঞ্চালীক বিয়া কৰাব। ছলমানে আচৰিত হৈ উত্তৰ দিছিল যে  'ছলেগী নহী য়ে ছাদী'। দীপিকাই লগতে কৈছিল যে, 'মই ৰণবীৰ সিঙক ডেট কৰিম আৰু শ্বাহিদ কাপুৰ বিবাহিত, সেয়েহে তেওঁক হত্যা কৰিব লাগিব'। দীপিকা পাডুকনে তেওঁৰ ছবি ‘পদ্মাৱত’ৰ প্ৰচাৰৰ বাবে ‘বিগ বছ’ৰ অতিথি হৈছিল। 

দীপিকাৰ শেহতীয়া মুক্তিপ্ৰাপ্ত 'পাঠান' ছবিখনৰ সফলতাৰ বিষয়ে হয়তো পুনৰাই কোৱাৰ প্ৰয়োজন নাই।তদুপৰি, অভিনেত্ৰীগৰাকীক অতি শীঘ্ৰে হৃত্বিক ৰোশনৰ সৈতে 'ফাইটাৰ' আৰু অমিতাভ বচ্চনৰ সৈতে 'প্ৰজেক্ট কে' শীৰ্ষক ছবিখনত দেখা যাব।আনহাতে, 'সিংঘম'ৰ ছিকুৱেল ছবিখনতো দীপিকাক দৰ্শকে এক নতুন ৰূপত দেখিবলৈ পাব।

Also Read: শ্বাহৰুখ খানৰ ‘ডংকী’ত প্ৰিয়ংকা চাহাৰ চৌধুৰী

দীপিকা পাডুকন