অৱশেষত ‘ড্ৰীম গাৰ্ল’ক লগ পালে বাদশ্বাহে

অৱশেষত ‘ড্ৰীম গাৰ্ল’ক লগ পালে বাদশ্বাহে

ডিজিটেল ডেস্ক: এখন ভাইৰেল ফটোয়ে এতিয়া কঁপাই তুলিছে ছ’চিয়েল মেডিয়া।এই বিশেষ ফটোখন জনপ্ৰিয় ভাৰতীয় ৰেপাৰ বাদশ্বাহ আৰু পাকিস্তানী অভিনেত্ৰী হানিয়া আমিৰৰ।ইয়াৰ পিছতেই স্বাভাৱিকভাৱেই চৰ্চাৰ শীৰ্ষত আছে বাদশ্বাহ আৰু হানিয়া।

এই ফটোখনে চৰ্চা লাভ কৰাৰ এক বিশেষ কাৰণ আছে।প্ৰকৃততে, বাদশ্বাহৰ ‘ড্ৰীম গাৰ্ল’ হানিয়া আমিৰ। হয়, বাদশ্বাহে এটা ইনষ্টাগ্ৰাম লাইভত এই কথা স্বীকাৰ কৰিছিল।বাদশ্বাহে কৈছিল, ‘হানিয়া মোৰ বাবে ‘মুড লিফ্টাৰ’।তেওঁৰ খুব ইতিবাচক শক্তি আছে, যিয়ে মোক তেওঁৰ প্ৰতি বেছিকৈ আকৰ্ষিত কৰে।’ হানিয়াইও এই ভিডিঅ'টো তেওঁৰ একাউণ্টত প’ষ্ট কৰি বাদশ্বাহক প্ৰশংসা কৰি সঁহাৰি জনাইছিল।

হানিয়া আৰু বাদশ্বাহৰ এই সম্পৰ্কক কেন্দ্ৰ কৰি অনুৰাগীসকলে বিভিন্ন সময়ত বিভিন্ন মন্তব্য প্ৰকাশ কৰি আহিছে। শেহতীয়াকৈও নেটিজেনসকলে বাদশ্বাহ আৰু হানিয়াৰ ফটোখনক খুবেই প্ৰশংসা কৰা দেখা গৈছে।তেওঁলোকৰ মতে, বাদশ্বাহে তেওঁৰ প্ৰেমিকা হানিয়াক অৱশেষত লগ পালে।যাৰ ফলতা তেওঁলোকৰ প্ৰেম কাহিনীয়ে লাভ কৰিব এক নতুন গতি।কিন্তু আন একাংশৰ মতে, এই ফটোখন সম্পাদিত।দুয়োজন তাৰকাই  হেনো বাস্তৱ জীৱনত কেতিয়াও ইজনে সিজনক লগ পোৱা নাই।এই সন্দৰ্ভত অৱশ্যে বাদশ্বাহ আৰু হানিয়াই বৰ্তমানলৈ কোনো স্পষ্টতা প্ৰকাশ কৰা নাই।

অৱশেষত ‘ড্ৰীম গাৰ্ল’ক লগ পালে বাদশ্বাহে
বিয়াৰ দিন ঠিক হ’ল অনন্ত আম্বানী-ৰাধিকা মাৰ্চেণ্টৰ

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in