গেৰুৱা ৰঙক কৰা অপমান সহ্য কৰা নহ'বঃ 'পাঠান' ছবি বিৰোধিতাৰে গুৱাহাটীত প্ৰতিবাদ

২৫ জানুৱাৰীত মুক্তি লাভ কৰিব বহু অপেক্ষিত ছবি 'পাঠান'। বলিউডৰ বাদশ্বাহ শ্বাহৰুখ খান , অভিনেতা জন আব্ৰাহম আৰু অভিনেত্ৰী দীপিকা পাডুকনৰ দ্বাৰা অভিনীত এই ছবিখন মুক্তিৰ পূৰ্বেই বিতৰ্কৰ মাজলৈ আহিছে।
গেৰুৱা ৰঙক কৰা অপমান সহ্য কৰা নহ'বঃ 'পাঠান' ছবি বিৰোধিতাৰে গুৱাহাটীত প্ৰতিবাদ

ডিজিটেল ডেস্ক: ২৫ জানুৱাৰীত মুক্তি লাভ কৰিব বহু অপেক্ষিত ছবি 'পাঠান'। বলিউডৰ বাদশ্বাহ শ্বাহৰুখ খান , অভিনেতা জন আব্ৰাহম আৰু অভিনেত্ৰী দীপিকা পাডুকনৰ দ্বাৰা অভিনীত এই ছবিখন মুক্তিৰ পূৰ্বেই বিতৰ্কৰ মাজলৈ আহিছে।

দেশৰ বিভিন্ন প্ৰান্তত 'পাঠান' বিৰোধী ঢৌ চলি থকাৰ মাজতে এইবাৰ গুৱাহাটীত এই ছবিৰ বিৰোধিতা কৰিছে একাংশই। শুকুৰবাৰে গুৱাহাটীৰ নাৰেংগীস্থিত গ'ল্ড চিনেমা হলৰ সন্মুখত এই ছবিৰ বিৰোধিতা কৰি তীব্ৰ প্ৰতিবাদ সাৱ্যস্ত কৰে বজৰং দলে। সংগঠনটোৱে এই ছবি বৰ্জন কৰাৰ দাবী কৰি প্ৰতিবাদ সাৱ্যস্ত কৰে।

'পাঠান' ছবি বৰ্জন কৰক, হিন্দুত্বৰ বৰ্জন সহ্য কৰা নহ'ব আদি বিভিন্ন শ্লোগানেৰে পৰিৱেশ উত্তাল কৰি তোলে প্ৰতিবাদকাৰীয়ে। ছবিখনৰ পোষ্টাৰ জ্বলাই দি গেৰুৱা ৰঙক কৰা অপমান সহ্য কৰা নহয় বুলি কয়। লগতে কয় যে ভাৰত হিন্দু ৰাষ্ট্ৰ আৰু হিন্দুক সন্মান কৰিবই লাগিব।

উল্লেখ্য যে, কিছুদিন পূৰ্বে 'পাঠান' ছবি খনৰ টিজাৰ মুকলি হোৱাৰ পাছতেই বিতৰ্কৰ সৃষ্টি হৈছিল। ছবিখনৰ গীত এটিও বিতৰ্কৰ মাজলৈ আহিছিল। তেতিয়াৰ পৰাই একাংশ হিন্দুত্ববাদী সংগঠনে ইয়াৰ বিৰোধিতা কৰি আহিছে।

ইয়াৰ মাজতে মন কৰিবলগীয়া যে, একাংশই পাঠান ছবি খনৰ বিৰোধিতা কৰিলেও শ্বাহৰুখ খানৰ অনুৰাগীয়ে তেওঁক সমৰ্থন জনাইছে। ইতিমধ্যে ছবি খনৰ বহু টিকট মুক্তিৰ পূৰ্বে বিক্ৰীও হৈছে।

আৰু পঢ়ক: ৩৮ জন কংগ্ৰেছ কৰ্মকৰ্তাক দলৰ পৰা নিলম্বন, অভিযোগ গুৰুতৰ...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in