'Sharma ji har cheez mein jhoot kyon dhoondhte ho'- কাক উদ্দেশ্য কৰি শ্বাহৰুখ খানে ক'লে এইদৰে...

'Sharma ji har cheez mein jhoot kyon dhoondhte ho'- কাক উদ্দেশ্য কৰি শ্বাহৰুখ খানে ক'লে এইদৰে...
'Sharma ji har cheez mein jhoot kyon dhoondhte ho'- কাক উদ্দেশ্য কৰি শ্বাহৰুখ খানে ক'লে এইদৰে...

ডিজিটেল ডেস্কঃ ''Sharma ji har cheez mein jhoot kyon dhoondhte ho…kaha na positive raho Zinda raho!!''- কাক উদ্দেশ্য কৰি বলিউদ বাদশ্বাহ শ্বাহৰুখ খানে কৰিলে এইদৰে টুইট? যি টুইট এতিয়া ভাইৰেল হৈ পৰিছে।

২৫ জানুৱাৰীত মুক্তি লাভ কৰিব পাঠান ছবিখনে। মুক্তিৰ পূৰ্বে বিতৰ্কই জোকাৰি যোৱাৰ আঁৰত পাঠান ছবিখনৰ বেছৰম গানটো। গানটোৰ দৃশ্যাংশত দীপিকা পাডুকনে পৰিধান কৰিছে গেৰুৱা ৰং। ইয়াকে লৈ আৰম্ভ হোৱা বিতৰ্কৰই স্পৰ্শ কৰি গৈছে অসমকো।

মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই পাঠান বিতৰ্ক সন্দৰ্ভত সাংবাদিকে কৰা মন্তব্যত শ্বাহৰুখ খানক চিনি নাপাও বুলি কৈছিল। যিয়ে দেশজুৰি আলোড়নৰ সৃষ্টি কৰিছিল। প্ৰসংগ ক্ৰমে তেওঁ শ্বাহৰুখ খানে তেওঁলৈ ফোন কৰা নাই বুলিও মন্তব্য কৰিছিল।

মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ এনে মন্তব্যৰ পিছতে নিশা ২ বজাত শ্বাহৰুখ খানৰে মুখ্যমন্ত্ৰীৰ টেলিফোনিক কথা বতৰা হৈছিল। যি কথা মুখ্যমন্ত্ৰীয়ে নিজেই সামাজিক মাধ্যমৰ জৰিয়তে প্ৰকাশ কৰিছিল। এই গোটেই প্ৰক্ৰিয়াটোৱে বিগত দুটা দিন সামাজিক সমাধ্যমত আলোড়নৰ সৃষ্টি কৰিছে।

তাৰ মাজতে আজি শ্বাহৰুখ খানে টুইট কৰি লিখিছে- ''Sharma ji har cheez mein jhoot kyon dhoondhte ho…kaha na positive raho Zinda raho!!''। আচলতে শ্বাহৰুখ খানে এটা টুইটক ৰিটুইট কৰিছিল। অৱশ্যে শ্বাহৰুখ খানে ৰিটুইট কৰাৰ পিছতে সেই বিশেষ টুইট ডিলিট কৰিছিল।

যাৰ বাবে বহু টুইটাৰ ব্যৱহাৰকাৰীৰ মনত প্ৰশ্নৰ উদয় হৈছে, বলিউদ বাদশ্বাহে কিয় এইদৰে ক'ল। দৰাচলতে পি জে শৰ্মা নামৰ এজন ব্যক্তিয়ে নিজৰ টুইটাৰ হেণ্ডেলৰ পৰা কৰিছিল এটা টুইট। য'ত তেওঁলিখিছিল- 'শ্বাহৰুখ জি আপোনাৰ টীমক ক'ব ভালকৈ ৰিপ্লাই দিবলৈ। কিয়নো আপোনাৰটো সময় নায়েই। ইয়াতটো সত্যতা দেখুৱাওক।'

এই টুইট শ্বাহৰুখ খানক টেগ কৰি কৰা হৈছিল। ইয়াৰ পিছতে শ্বাহৰুখ খানে পি জে শৰ্মাৰ টুইটক ৰিটুইট কৰি লিখিলে এইদৰে। যিয়ে গৰম কৰি তুলিলে টুইটাৰ।

User

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in