ভাল খবৰ ! ২৭ জানুৱাৰীত ৰাজ্যৰ ৩১ টা চিনেমা হলত মুক্তি পাব 'অনুৰ'

ভাল খবৰ ! ২৭ জানুৱাৰীত ৰাজ্যৰ ৩১ টা চিনেমা হলত মুক্তি পাব 'অনুৰ'

author-image
Asomiya Pratidin
New Update
আজি ৰাজ্যৰ ৩১ টা চিনেমা হলত মুক্তি লাভ কৰিব অসমীয়া ছবি 'অনুৰ'...

ভাল খবৰ ! ২৭ জানুৱাৰীত ৰাজ্যৰ ৩১ টা চিনেমা হলত মুক্তি পাব 'অনুৰ'

ডিজিটেল ডেস্কঃ অৱশেষত বাধ্য হ'ল পাঠানৰ সমান্তৰাল ভাৱে অসমীয়া চিনেমা 'অনুৰ' চিনেমা গৃহত মুক্তি দিবলৈ। ৰাজ্যৰ ৩১ টা চিনেমা হলত মুক্তি লাভ কৰিব অসমীয়া চিনেমা অনুৰে।

Advertisment

অনুাৰাধা শৰ্মা পূজাৰীৰ এটা গল্পৰ আধাৰত নিৰ্মিত এই ছবিখনক লৈ আশংকাৰ সৃষ্টি হৈছিল। শ্বাহৰুখ খান অভিনীত ছবি 'পাঠান'ৰ সৈতে একেদিনাই ছবিখন মুক্তি দিয়াক লৈ সৃষ্টি হৈছিল সমস্যা।

২০২২ ৰ মে'তেই এই ছবিখনৰ মুক্তিৰ কথা পৰিচালক মঞ্জুল বৰুৱাই সদৰি কৰিছিল। কিন্তু এক শক্তিশালী লবীয়ে শেষ পৰ্যন্ত ছবিখনৰ মুক্তিৰ বাবে চিনেমা হল নিদিয়াক লৈ তীৰ্ব প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছিল।

অসমীয়া প্ৰতিদিন ডিজিটেলেও এই সন্দৰ্ভত বিস্তৃত বৰ্ণনাৰে এক বিশেষ লেখা প্ৰকাশ কৰিছিল। য'ত ৰাজ্যিক চলচ্চিত্ৰ নীতিৰ ২৭ নম্বৰ ধাৰাত আঞ্চলিক ভাষাৰ ছবি এটা প্ৰাইম শ্লটত মুক্তি দিবলৈ বাধ্য বুলি উল্লেখ কৰা হৈছিল।

তেনে চৰ্চা আৰু প্ৰতিক্ৰিয়াৰ পাছতেই এদিনৰ আগলৈকে অসমীয়া ছবিখনৰ সন্দৰ্ভত বিপৰীত ছবি গ্ৰহণ কৰি পাঠানক লৈ ব্যস্ত হৈ পৰা এই চক্ৰটোৱে বাধ্যত পৰি পৰিচালকগৰাকীয়ে বিচৰা ধৰণে ৰাজ্যৰ ৩১ টা ছবিগৃহত ছবিখন মুক্তি দিবলৈ সিদ্ধান্ত লয়।

অসমীয়া প্ৰতিদিন ডিজিটেলক ছবিখনৰ পৰিচালক মঞ্জুল বৰুৱাই উৎসাহেৰ জানিবলৈ দিয়া অনুসৰি, ২৭ জানুৱাৰীত ৰাজ্যত ৩১ টা ছবিগৃহত এই ছবিখনে মুক্তি লাভ কৰিব। কলাত্মক ছবি নিৰ্মাণৰ বাবে পৰিচিত মঞ্জুল বৰুৱাৰ এইখন তৃতীয় ছবি। এই ছবিখনে ইতিমধ্যে কেৰালা আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱতো অংশ লৈ সুনাম কঢ়িয়াই আনিছে।

ক্লিক কৰি পঢ়কঃ মুখ্যমন্ত্ৰী মহোদয়, আমাৰ 'অনুৰ' কি হ'ব ?

অনুৰ অনুৰাধা শৰ্মা পূজাৰী অসমীয়া চিনেমা মঞ্জুল বৰুৱা