দৰ্শকৰ দাবী! মাজ নিশাও চলিব 'পাঠান'ৰ শ্ব'

২৫ জানুৱাৰীত মুক্তি লাভ কৰিছে বহু অপেক্ষিত ছবি 'পাঠান'। ছবিখন মুক্তিৰ পূৰ্বেই ইতিমধ্যে অভিলেখৰ সৃষ্টি কৰিছিল। প্ৰথম দিনাও দৰ্শকৰ অভূতপূৰ্ব সঁহাৰি দেখা যায়।

author-image
Asomiya Pratidin
New Update
মুক্তিৰ পূৰ্বেই ছুপাৰহিট ! চেৰ পেলালে 'কে জি এফ ২'ক

ডিজিটেল ডেস্ক: ২৫ জানুৱাৰীত মুক্তি লাভ কৰিছে বহু অপেক্ষিত ছবি 'পাঠান'। ছবিখন মুক্তিৰ পূৰ্বেই ইতিমধ্যে অভিলেখৰ সৃষ্টি কৰিছিল। প্ৰথম দিনাও দৰ্শকৰ অভূতপূৰ্ব সঁহাৰি দেখা যায়।

Advertisment

শ্বাহৰুখ খান, দীপিকা পাডুকন আৰু জন আব্ৰাহামৰ দ্বাৰা অভিনীত পাঠানে এক উৎকৃষ্ট সঁহাৰি লাভ কৰিছে। মানুহে পুৱাৰে পৰা ছবিগৃহত ভিৰ কৰা পৰিলক্ষিত হয়।

ইয়াৰ মাজতে দৰ্শকৰ দাবীৰ প্ৰতি সঁহাৰি জনাই য়শ ৰাজ ফিল্মে নিশা দৰ্শনী দিয়াৰ ব্যৱস্থা কৰিছে। নিশা ১২.৩০ বজাতো পাঠান চাবলৈ পাব দৰ্শকে। অনুৰাগী সকলৰ দাবীৰ বাবে অতিৰিক্ত ৩০০ টা দৰ্শনীৰ ব্যৱস্থা কৰা হৈছে। যাৰ বাবে নিশাও হলত চলিব পাঠান।

উল্লেখ্য যে, বিশ্বব্যাপী প্ৰায় ৮০০০ টা ছবি গৃহত পাঠানৰ স্ক্ৰীণিং কৰা হৈছে। এই ছবি খনে এক অভিলেখ সৃষ্টি কৰিব পাৰে। বিশেষজ্ঞ সকলৰ মতে প্ৰথম দিনটোত পাঠানে ৫০ কোটি টকা উপাৰ্জন কৰাৰ সম্ভাৱণা আছে।

পাঠান মুক্তিৰ পূৰ্বে সমগ্ৰ ভাৰততে দেখা গৈছিল বিতৰ্কৰ জোৱাৰ। বিভিন্ন জনে পোষ্টাৰ জ্বলাই প্ৰতিবাদ কৰি ছবি খনৰ বিৰোধিতা কৰিছিল। কিন্তু থমকি নৰ'ল পাঠান। দৰ্শকৰ সঁহাৰিয়ে অভিলেখ গঢ়াৰ দিশত গতি কৰিছে পাঠানে।

আৰু পঢ়ক: ঠিকনা সলনিৰে অস্তিত্বহে ৰ'বগৈ আকাশবাণী গুৱাহাটীৰ...

deepika padukon john abraham shahrukh khan pathaan