ঠিকনা সলনিৰে অস্তিত্বহে ৰ'বগৈ আকাশবাণী গুৱাহাটীৰ...

আকাশবাণী গুৱাহাটী কেন্দ্ৰ। ৰাজ্যৰ ভাষা, সাহিত্য, সংস্কৃতি চৰ্চাৰ এক অন্যতম প্ৰতিষ্ঠান। ৰাজ্যৰ এটাৰ পাছত আনটো সম্পদ গৈ আছে পূঁজিপতিৰ হাতত।
ঠিকনা সলনিৰে অস্তিত্বহে ৰ'বগৈ আকাশবাণী গুৱাহাটীৰ...

আকাশবাণী গুৱাহাটী কেন্দ্ৰ। ৰাজ্যৰ ভাষা, সাহিত্য, সংস্কৃতি চৰ্চাৰ এক অন্যতম প্ৰতিষ্ঠান। ৰাজ্যৰ এটাৰ পাছত আনটো সম্পদ গৈ আছে পূঁজিপতিৰ হাতত। এইবাৰ আকাশবাণী গুৱাহাটীত পৰিছে চৰকাৰৰ চকু। কাটি পেলোৱা হৈছে চৌহদত থকা গছ। অতি কৌশলেৰে পূৰ্ণদ্যমে চলিছে আকাশবাণী অন্যস্থানলৈ স্থানন্তৰিত কৰাৰ যো জা। এই সন্দৰ্ভত 'অসমীয়া প্ৰতিদিন ডিজিটেল'ৰ এক বিশেষ প্ৰতিবেদন...

নিশকটীয়া হৈ পৰিছে আকাশবাণী গুৱাহাটী। লাহে লাহে পূৰ্বৰ সেই গৰিমা হেৰুওৱাৰ পাছত ৰাজ্যৰ ভাষা-সাহিত্য , সংস্কৃতিৰ চৰ্চাৰ এই মাধ্যম তথা প্ৰতিষ্ঠানটো অংগক্ষত অভিযান আৰম্ভ হৈছে অতি কৌশলেৰে।

পূৰ্বৰ প্ৰায়বোৰ অনুষ্ঠানৰ মান মৰ্যদা এতিয়া হেৰুৱাই পেলাইছে আকাশবাণী গুৱাহাটীয়ে। কেৱল ফেচবুক, টুইটাৰতে থাকিব গৈ নেকি আকাশবাণী গুৱাহাটী। নতুন অনুষ্ঠান কৰিবলৈ ধনৰ অভাৱৰ লগতে এতিয়া আকাশবাণী গুৱাহাটীত নাই মানুহো। বহু পদ খালী থকাৰ পাছতো সেই পদ সমূহত স্থায়ী মকৰল দিয়া নাই প্ৰচাৰ ভাৰতীয়ে।

তাৰ বিপৰীতে অংশকালীন কৰ্মচাৰীৰ জৰিয়তে কেৱল জীয়াই ৰখা হৈছে আকাশবাণী গুৱাহাটী। বৰ্তমান আকাশবাণী গুৱাহাটীত আছে ১০-১৫ জন মানহে স্থায়ী বিষয়া-কৰ্মচাৰী।

ছৰ্টৱেভ অনুষ্ঠান বন্ধ কৰাৰ পাছত অতি কম পৰিধি সামৰি লোৱা মিডিয়াম ৱেভৰ সম্প্ৰতাৰৰ বিপৰীতে প্ৰায় বাকীবোৰ অনুষ্ঠান এফএমক জৰিয়তে সম্প্ৰচাৰিত হয় আকাশৱাণী গুৱাহাটীৰ পৰা।

পূৰ্বৰ দৰে স্থালীতে বাণীবদ্ধ কৰা অনুষ্ঠানো নাইকীয়া হোৱা সদৃশ হৈছে আকাশবাণী গুৱাহাটীত। আকাশবাণী গুৱাহাটী চানমাৰি চৌহদত থকা বিশাল চৌহদটোত কোনে কি কৰিছে তাৰো চোৱা চিতা কৰা মানুহৰ অভাৱ হৈছে।

অতি শেহতীয়াকৈ আকাশৱাণী গুৱাহাটী চানমাৰি চৌহদত কাটি পেলোৱা হৈছে বহু সংখ্যক গছ। চাফাই অভিযান আৰু পথ বহলোৱাৰ নামত এই বন ধ্বংস অভিযান বিনা দ্বিধাই চলিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰত।

এতিয়া আকাশৱাণী গুৱাহাটী কেন্দ্ৰত নিয়োজিত গাড়ী চালকে কৰ্তব্যৰ সলনি কৰিব লাগে বন চাফাই। আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ বহু বাহন বিকল হৈ পৰি আছে চৌহদটোতে। দিল্লীৰ পৰা নিয়ন্ত্ৰিত লবীয়ে বাহিৰৰ পৰা ফাৰ্মৰ জৰিয়তে অনুষ্ঠান প্ৰযোজনা কৰাৰ উপৰিও প্ৰয়োজনীয় যান বাহন যোগান ধৰাত স্থায়ী গাড়ী চালক সকলৰ কামেই নোহোৱা হৈ পৰিছে।

ভাষা-সংস্কৃতি ৰক্ষাৰ ক্ষেত্ৰত আকাশবাণী গুৱাহাটী পূৰ্বৰ গৰিমা এতিয়া একেবাৰেই নাই। দিল্লীৰ পৰা পঠোৱা অনুষ্ঠানৰ নমুনা দেখিলে চকু কপালত উঠিব। কেৱল নৰেন্দ্ৰ মোডী কেন্দ্ৰিক অনুষ্ঠান আৰু খবৰৰ বাবেহে এতিয়া আকাশবাণী গুৱাহাটী কেন্দ্ৰ চলি আছে।

এইদৰে সংক্ষিপ্ত ৰূপত আকাশবাণী গুৱাহাটী ডিব্ৰুগড়ৰ পাছত লক্ষ্য কৰি লৈছে প্ৰচাৰ ভাৰতীয়ে। বহু সাহিত্য সংস্কৃতিৰ সংৰক্ষণস্থলী এই অনুষ্ঠানটো চানমাৰি চৌহদৰ পৰা তুলি নিবলৈও চলিছে ব্লু প্ৰিন্ট।

আকাশবাণী গুৱাহাটীৰে এক বিশ্বস্ত সূত্ৰৰ মতে এফএম ৰূপত কোনো এটা ঘৰৰ পৰা আকাশবাণী গুৱাহাটীৰ অনুষ্ঠান সম্প্ৰচাৰ কৰাৰ লক্ষ্যৰে এই চক্ৰটোৱে পৰিকল্পনাৰো প্ৰস্তুতি প্ৰায় সম্পূৰ্ণ কৰিছে।

গুৱাহাটী দুৰদৰ্শন কেন্দ্ৰৰ চৌহদলৈ আকাশবাণী গুৱাহাটী কেন্দ্ৰ উঠাই নি চানমাৰি এই বিশাল ভূমি কোনো পূঁজিপতি চক্ৰক লীজত দিয়াৰ কথা চিন্তা চৰ্চা কৰা হৈছে। লোকচান দেখুৱাই দি এনেদৰে আকাশবাণীক ধ্বংস কৰাৰ যো জা চলিছে পূৰ্ণ উদ্যমেৰে।

এসময়ত আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ ভিতৰলৈ সোমালেই মন পৰশা এক ভাললগা পৰিৱেশে বিৰাজ কৰিছিল। বতৰৰ ফুলে ছানি ধৰিছিল আকাশবাণী গুৱাহাটীৰ চৌহদ। এতিয়া সেই পৰিৱেশ নাই তাত। অনিশ্চিত ভৱিষ্যতলৈ আকাশবাণী গুৱাহাটী কেন্দ্ৰ এতিয়া মৃত্যুৰ দিশে যেন গতি কৰিছে।

আৰু পঢ়ক: অৱশেষত মুক্ত হ'ল নীলপৱন, দীপালী বৰঠাকুৰ: নষ্ট হ'ল পূৰ্বৰ সৌন্দৰ্য

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in