গোৰ মাৰি গংগাত পেলালে শ্বাহৰুখক ! ১ হাজাৰ কোটিৰ ক্লাবত 'পাঠান'

গোৰ মাৰি গংগাত পেলালে শ্বাহৰুখক ! ১ হাজাৰ কোটিৰ ক্লাবত 'পাঠান'
গোৰ মাৰি গংগাত পেলালে শ্বাহৰুখক ! ১ হাজাৰ কোটিৰ ক্লাবত 'পাঠান'

ডিজিটেল ডেস্কঃ বিতৰ্কই যেন মৃত সঞ্জীবনীহে প্ৰদান কৰিলে বলিউডক। ধাৰাবাহিক ভাবে বিফলতাৰ সন্মুখীন হৈ অহা বলিউডক সফলতাৰ ট্ৰেকলৈ লৈ আনিলে শ্বাহৰুখ খানৰ বহু বিতৰ্কিত চিনেমা পাঠানে।

'পাঠান'ৰ মুক্তিৰ পূৰ্বে ধাৰাবাহিক ভাৱে দীৰ্ঘসময় ধৰি বলিউডৰ চিনেমা ফ্লপ হৈ আহিছিল। বাদ পৰি ৰোৱা নাছিল অক্ষয় কুমাৰ, আমিৰ খানৰ দৰে অভিনেতাৰ চিনেমাও। কিন্তু এই ধাৰাবাহিকতাক ভংগ কৰিলে পাঠানে।

'পাঠান' চিনেমাত ব্যৱহাৰ কৰা 'বেছৰম' গানৰ দৃশ্যায়নত মূখ্য অভিনেত্ৰী দিপীকা পাডুকনৰ দেহত গেৰুৱা ৰঙৰ বিকিনী ব্যৱহাৰ কৰি হিন্দু ধৰ্মক অপমান কৰাৰ অভিযোগেৰে বজৰং দলকে ধৰি একাংশ হিন্দুত্ববাদী দল, সংগঠনে 'পাঠান'ৰ মুক্তিৰ বিৰোধিতাৰে প্ৰতিবাদ সাব্যস্ত কৰাৰ লগতে চিনেমা হলত মুক্তিৰ পূৰ্বেই লণ্ডভণ্ড কৰি বিতৰ্কৰ সূচনা কৰিছিল।

দেশজুৰি সৃষ্টি হোৱা সেই বিতৰ্কই যেন শ্বাহৰুখ খানক গোৰ মাৰি গংগাতহে পেলালে। কিয়নো বলিউড বাদশ্বাহ শ্বাহৰুখ খান অভিনীত পাঠানে বিশ্বব্যাপী বক্স অফিচত ১ হাজাৰ কোটিৰো অধিক ধন উপাৰ্জন কৰিবলৈ সক্ষম হৈছে।

ইয়াৰ লগে লগে সৃষ্টি হৈছে নতুন ৰেকৰ্ড। পাঠান হৈ পৰিল ১ হাজাৰ কোটি টকা উপাৰ্জন কৰা দ্বিতীয়খন বলিউড চিনেমা। যশৰাজ ফিল্মছৰ বেনাৰত নিৰ্মিত পাঠানে এই পৰ্যন্ত ভাৰতত ৬২৩ কোটি আৰু বিদেশত ৩৭৭ কোটি টকা উপাৰ্জন কৰিছে।

মন কৰিবলগীয়া যে, এই পৰ্যন্ত ভাৰতৰ মুঠ ৪ খন চিনেমাইহে বক্স অফিচত ১ হাজাৰৰো অধিক কোটি টকা উপাৰ্জন কৰিবলৈ সক্ষম হৈছে। এই ৪ খন ভাৰতীয় চিনেমাৰ ভিতৰত আছে বলিউডৰ ২ খন আৰু দক্ষিণৰ ২ খন চিনেমা।

১০০০ কোটিৰ ক্লাৱ অতিক্ৰম কৰা এই কেইখন চিনেমা হৈছে আমিৰ খান অভিনীত 'ডংগল', দক্ষিণৰ 'বাহুবলি-২', 'আৰ আৰ আৰ' আৰু 'কে জি এফ চেপ্টাৰ-২'। আমিৰ খান অভিনীত 'ডংগল' সৰ্বকালৰ সৰ্বাধিক উপাৰ্জনকাৰী হিন্দী চিনেমাৰ শীৰ্ষ স্থানত আছে।

'ডংগল' চিনেমাখনে মুঠ ২ হাজাৰ কোটি টকা উপাৰ্জন কৰিবলৈ সক্ষম হৈছিল। দক্ষিণৰ চুপাৰহিট চিনেমা 'বাহুবলি-২ য়ে' উপাৰ্জন কৰিছিল ১৮১০ কোটি টকা। আনহাতে 'আৰ আৰ আৰ' আৰু 'কে জি এফ চেপ্টাৰ-২' য়ে উপাৰ্জন কৰিছে ক্ৰমে ১২০০ কোটি আৰু ১০০০ কোটি।

গোৰ মাৰি গংগাত পেলালে শ্বাহৰুখক ! ১ হাজাৰ কোটিৰ ক্লাবত 'পাঠান'
সীমা সমস্যাক লৈ ৰাজহুৱা সভা : অৰুণাচলক ১ ইঞ্চিও মাটি এৰি নিদিয়াৰ অংগীকাৰ...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in