সীমা সমস্যাক লৈ ৰাজহুৱা সভা : অৰুণাচলক ১ ইঞ্চিও মাটি এৰি নিদিয়াৰ অংগীকাৰ...

সীমা সমস্যাক লৈ ৰাজহুৱা সভা : অৰুণাচলক ১ ইঞ্চিও মাটি এৰি নিদিয়াৰ অংগীকাৰ...
সীমা সমস্যাক লৈ ৰাজহুৱা সভা : অৰুণাচলক ১ ইঞ্চিও মাটি এৰি নিদিয়াৰ অংগীকাৰ...

ডিজিটেল সংবাদ চিলাপথাৰঃ অসম- অৰুণাচল সীমা সমস্যাক লৈ চিলাপথাৰৰ সীমান্তঞ্চলত অব্যাহত আছে তীব্ৰ প্ৰতিক্ৰিয়া। অসম-অৰুণাচল প্ৰদেশৰ সীমান্তৱৰ্তী চিলাপথাৰৰ চিলি অসমীয়া গাঁৱৰ আদৰ্শ বৰনামঘৰত অসমৰ ভূমি অৰুণাচলক গটাই দিয়াৰ আশংকাত ৰাইজে এখন ৰাজহুৱা সভা অনুষ্ঠিত কৰে।

বৰ্ষাবিঘ্নিত পৰিৱেশৰ মাজতো অঞ্চলটোৰ বহু লোক সমবেত হৈ অঞ্চলটোৰ ভূমি অৰুণাচলক হস্তান্তৰ কৰাৰ পৰা বিৰত থাকিবলৈ দাবী জনায়। আছু,আটাছু, আগছু, সদৌ চুতীয়া ছাত্ৰ সন্থা, সদৌ অসম সোনোৱাল কছাৰী ছাত্ৰ সন্থা আদি সংগঠনৰ লগতে স্থানীয় সৰ্বজনগোষ্ঠীয় ৰাইজে অংশ লয় এই ৰাজহুৱা সভাত।

বিশিষ্ট সমাজকৰ্মী সুৰেন বুঢ়াগোহাঁইৰ সভাপতিত্বত অনুষ্ঠিত সভাৰ উদ্দেশ্য ব্যাখ্যা কৰে স্থানীয় যুৱক ৰিতুপৰ্ণ চুতীয়াই। সভাখনত আটাছুৰ মুখ্য উপদেষ্টা দুলাল বৰুৱা, জিলা উপসভাপতি পবিত্ৰ গগৈ, মহকুমা প্ৰতিনিধি কিৰন বৰুৱা, ধিৰেন গগৈ, দিপক বৰুৱা, ধেমাজি জিলা আটাছুৰ সভাপতি বাবুল বুঢ়াগোহাঁই, ধেমাজি জিলা আছুৰ সভাপতিৰ সভাপতি সঞ্জীৱ দাস, উপ-সভাপতি দেৱ কলিতা, মহকুমা ছাত্ৰ সন্থাৰ অৰবিন্দ গগৈ, সোনোৱাল কছাৰী ছাত্ৰ সন্থাৰ ধেমাজি জিলাৰ সম্পাদক চন্দন কছাৰী, আগছুৰ ধেমাজি জিলাৰ সভাপতি চ'মৰাজ পুৰি, আটাছুৰ দীপক ফুকন, স্থানীয় যুৱক ধৰ্মেন্দ্ৰ বৰগোহাঁই, যতীন বুঢ়াগোহাঁই আদি বহু লোক উপস্থিত থাকি বক্তব্য প্ৰদান কৰে।

সীমা সমস্যাক লৈ ৰাজহুৱা সভা : অৰুণাচলক ১ ইঞ্চিও মাটি এৰি নিদিয়াৰ অংগীকাৰ...
লখিমপুৰ জিলাৰ ২১৮ খন প্ৰাথমিক বিদ্যালয়লৈ শ্ৰেষ্ঠত্বৰ বঁটা...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in