ডিজিটেল ডেস্ক: এই বিষয়ে ইতিমধ্যে সকলো জ্ঞাত যে বলীউডৰ অন্যতম জনপ্ৰিয় অভিনেত্ৰী ছাৰা আলী খানে ভ্ৰমণ কৰিবলৈ বৰ ভাল পায়। ছ'চিয়েল মেডিয়াৰ ফটোবোৰেই ইয়াৰ প্ৰমাণ দিয়ে।ছাৰায়ে সঘনাই তেওঁৰ ছ’চিয়েল মেডিয়াত ভ্ৰমণৰ ফটোবোৰ আপলোড কৰে আৰু অনুৰাগীয়ে তেওঁৰ নতুন ৰূপ তথা নতুন ঠাইৰ ফটো চাই আপ্লুুত হয়।
পূৰ্বতে ছাৰায়ে আপলোড কৰা ফটোত তেওঁক প্ৰায়ে অকলেই দেখা গৈছিল।কিন্তু এতিয়া ছাৰা আলী খানৰ এই ভ্ৰমণত সংগী দিছে এজন বিশেষ ব্যক্তিয়ে।হয়, অভিনেত্ৰীগৰাকীয়ে ফুৰিবলৈ এজন সংগী বিচাৰি পাইছে। বাতৰি অনুসৰি, পাটাউডী পৰিয়ালৰ এইগৰাকী সুন্দৰীয়ে মডেল অৰ্জুন প্ৰতাপ বাজৱাক ডেট কৰি আছে।অৰ্জুনৰ সৈতে তেওঁ ৰাজস্থান ভ্ৰমণলৈও গৈছে। কেইমাহমান আগতেও কেদাৰনাথ ধামত দুয়োকে একেলগে দেখা গৈছিল।
ছাৰা আৰু অৰ্জুনে ৰাজস্থানৰ এখন বিলাসী হোটেলৰ পৰা তেওঁলোকৰ ফটো ছ’চিয়েল মেডিয়াত শ্বেয়াৰ কৰিছে।এখন ফটোত ছাৰাক হোটেলৰ কৰ্মচাৰীৰ এজন সদস্যৰ সৈতে প’জ দিয়াৰ উপৰিও আন এখন ফটোত মৰুভূমিৰ ছাফাৰী উপভোগ কৰা দেখা গৈছে। আনহাতে, অৰ্জুনে হোটেলৰ জিমত ব্যায়াম কৰাৰ এখন ফটো শ্বেয়াৰ কৰিছে।
উল্লেখ্য যে, অৰ্জুন প্ৰতাপ বাজৱা এগৰাকী বিখ্যাত মডেল আৰু এমএমএ যুঁজাৰু।অৰ্জুনে ইতিমধ্যে কেইবাখনো ছবিৰ সৈতে জড়িত হৈছে। ছাৰাৰ সৈতে সম্পৰ্কলৈ আহাৰ পাছৰে পৰা চৰ্চাৰ শীৰ্ষত থকা অৰ্জুন হৈছে বৰ্তমান পঞ্জাৱত ভাৰতীয় জনতা পাৰ্টিৰ (বিজেপি) উপ-সভাপতি ফতেহ জং সিং বাজৱাৰ পুত্ৰ।
Also Read: তোলপাৰ ছ’চিয়েল মেডিয়া, অনুৰাগীয়ে জনালে বিশেষ আহ্বান