অনুৰাগীৰ বহু প্ৰশ্ন, বিয়াৰ পূৰ্বে এনে কৰাটো গ্ৰহণযোগ্য নে ?

তেওঁলোক দুয়োয়ে লণ্ডনত মধুৰ সময় অতিবাহিত কৰাৰ এটা ভিডিঅ' অনুৰাগীয়ে ছ'চিয়েল মেডিয়াত প'ষ্ট কৰাৰ পাছতেই চৌদিশে সমালোচনাৰ পাত্ৰ হৈছে এই ৰাঘৱ চদ্ধা আৰু পৰিণীতি চোপ্ৰা।

author-image
Asomiya Pratidin
New Update
অনুৰাগীৰ বহু প্ৰশ্ন, বিয়াৰ পূৰ্বে এনে কৰাটো গ্ৰহণযোগ্য নে ?

ডিজিটেল ডেস্ক: এইবাৰ অনুৰাগীৰ ৰোষত পৰিল বলীউডৰ জনপ্ৰিয় অভিনেত্ৰী পৰিণীতি চোপ্ৰা।হয়, বিবাহপাশত আবদ্ধ নোহোৱাকৈ প্ৰেমিকৰ সৈতে বিদেশ ভ্ৰমণ কৰি অনুৰাগীৰ বহু প্ৰশ্নৰ সন্মুখীন হ'বলগীয়া হৈছে পৰিণীতি চোপ্ৰা।উল্লেখ্য যে, বিগত মাহত আম আদমী পাৰ্টিৰ নেতা ৰাঘৱ চদ্ধাৰ সৈতে বাগদান কৰিছিল অভিনেত্ৰীগৰাকীয়ে।সম্প্ৰতি দুয়োয়ে তেওঁলোকৰ কিছু আচুতীয়া সময় লণ্ডনত উপভোগ কৰি আছে । তেওঁলোক দুয়োয়ে লণ্ডনত মধুৰ সময় অতিবাহিত কৰাৰ এটা ভিডিঅ' অনুৰাগীয়ে ছ'চিয়েল মেডিয়াত প'ষ্ট কৰাৰ পাছতেই চৌদিশে সমালোচনাৰ পাত্ৰ হৈছে এই ৰাঘৱ চদ্ধা আৰু পৰিণীতি চোপ্ৰা।

Advertisment

ছ'চিয়েল মেডিয়াত ভাইৰেল হোৱা এই ভিডিঅ'টোত ৰাঘৱ আৰু পৰিণীতিক লণ্ডনত খোজ কাঢ়ি থকা দেখা গৈছে। অভিনেত্ৰীগৰাকীয়ে গুলপীয়া ছুৱেটাৰ, জীনছ, বুট আৰু বগা টপ পৰিধান কৰাৰ বিপৰীতে ৰাঘৱক অতি সাধাৰণ সাজ-পোছাকত দেখা গৈছে। একাংশৰ মতে পৰিণীতিৰ মুখৰ হাঁহিটোয়ে ৰাঘৱৰ সৈতে তেওঁ কিমান সুখী, সেয়া স্পষ্টকৈ প্ৰকাশ পাইছে।

ইয়াকে লৈ এতিয়া একাংশ লোকে দুয়োকে বেয়াকৈ সমালোচনা কৰিছে।ভাৰতীয় সংস্কৃতিত  বিবাহৰ পূৰ্বে এনেদৰে একেলগে সময় কটোৱাটো গ্ৰহণযোগ্য নহয় বুলি একাংশই মত পোষণ কৰিছে।একাংশৰ মতে, দুয়োজনে বিয়াৰ বজাৰৰ কৰিবলৈ লণ্ডনলৈ গৈছে। আন একাংশই আকৌ তেওঁলোক মনে মনে বিদেশলৈ যোৱাৰ কাৰণ কি বুলিও প্ৰশ্ন কৰিছে।পিছে, এই সন্দৰ্ভত অনুৰাগীক ওলোটাই একো উত্তৰ দিয়া নাই ৰাঘৱ-পৰিণীতিয়ে। সি যি কি নওঁহক, এই বছৰৰ শেষলৈ  অনুষ্ঠিত হ'ব পৰিণীতি আৰু আৰু ৰাঘৱৰ বিবাহৰ অনুষ্ঠান।এই হাই প্ৰফাইল বিয়াখন ৰাজস্থানত অনুষ্ঠিত হ’ব।

Also Read: আপুনি বিছাৰেনে কাৰ্তিক আৰ্যনৰ দৰে স্বামী ?