আপুনি বিছাৰেনে কাৰ্তিক আৰ্যনৰ দৰে স্বামী ?

তেওঁ তেওঁৰ আচৰণৰ বাবে সদায় অনুৰাগীৰ মন জয় কৰে।শেহতীয়াকৈ তেওঁ পুনৰবাৰ এজন ভদ্ৰ পুৰুষৰ চিনাকি দিলে।যাৰ বাবে এইজন অভিনেতাজন এতিয়া সকলোৰে প্ৰশংসাৰ পাত্ৰ হৈ পৰিছে।

author-image
Asomiya Pratidin
New Update
আপুনি বিছাৰেনে কাৰ্তিক আৰ্যনৰ দৰে স্বামী ?

ডিজিটেল ডেস্ক: সুদৰ্শন চেহেৰা, অদমনীয় অভিনয় তথা ব্যতিক্ৰমী ব্যক্তিত্বৰ বাবে সদায়েই চৰ্চাৰ শীৰ্ষত থাকে বলীউডৰ জনপ্ৰিয় অভিনেতা কাৰ্তিক আৰ্যন।বিশেষকৈ যুৱতীসকলৰ খুবেই প্ৰিয় এইজন অভিনেতা। সকলো যুৱতীয়েই  তেওঁৰ প্ৰেমিক বা স্বামী কাৰ্তিক আৰ্যনৰ দৰে হোৱাটো বিচাৰে। ইয়াৰ কাৰণ হৈছে কাৰ্তিক এজন খুব ভাল ব্যক্তি।তেওঁ তেওঁৰ আচৰণৰ বাবে সদায় অনুৰাগীৰ মন জয় কৰে।শেহতীয়াকৈ তেওঁ পুনৰবাৰ এজন ভদ্ৰ পুৰুষৰ চিনাকি দিলে।যাৰ বাবে এইজন অভিনেতাজন এতিয়া সকলোৰে প্ৰশংসাৰ পাত্ৰ হৈ পৰিছে।

Advertisment

সম্প্ৰতি কাৰ্তিক আৰ্যন তেওঁৰ পৰৱৰ্তী ছবি 'সত্যপ্ৰেম কি কথা'ৰ প্ৰচাৰৰ কামত ব্যস্ত হৈ আছে।এই ছবিখনত কাৰ্তিকৰ বিপৰীতে অভিনয় কৰিছে কিয়াৰা আদৱানীয়ে।যাৰ বাবে দুয়োজনেই তেওঁলোকৰ ছবিৰ প্ৰচাৰ কৰি আছে।শেহতীয়াকৈ এই ছবিখনৰ এটি গীত 'চান চাজনী' মুকলি অনুষ্ঠাত ঘটা এক ঘটনাক কেন্দ্ৰ কৰি এতিয়া চৌদিশে চৰ্চা চলিছে।

প্ৰকৃততে, এই অনুষ্ঠানটো চলি থকাৰ মাজতে কিয়াৰাৰ ছেণ্ডেল এপাত খোল খাই যায়।ফলত কিয়াৰাই ভাৰসাম্য হেৰুৱাই পেলায়। কিয়াৰাক বিচলিত হোৱা দেখি কাৰ্তিকে লগে লগে কিয়াৰৰ ওচৰলৈ গৈ তেওঁক ধৰি খুলি যোৱা ছেণ্ডেল পিন্ধাই দিয়ে।কাৰ্তিকৰ এই আচৰণ দেখি সকলোয়ে একেমুখে অভিনেতাজনৰ সংস্কাৰক শলাগ লয়।উল্লেখ্য, কিয়াৰা-কাৰ্তিকৰ বহুচৰ্চিত ছবি 'সত্যপ্ৰেম কি কথা' ২৯ জুনত ছবিগৃহলৈ আহিব।ছবিখনৰ পৰিচালনাৰ দায়িত্বত আছে সমীৰ বিদৱঞ্চ।

Also Read: আলিয়া ভাটৰ স্বামীৰ প্ৰশংসাত পঞ্চমুখ ৰশ্মিকা মান্দান্না