আজি পাপনৰ জন্মদিন: আপুনি শুনিছেনে পাপনৰ এইকেইটা জনপ্ৰিয় গীত ?

papon birthday
papon birthday

ডিজিটেল ডেস্ক: অংগৰাগ মহন্ত অথবা পাপন।অসম তথা দেশৰ সংগীতৰ ক্ষেত্ৰখনত সম্প্ৰতি এক উজ্জল নক্ষত্ৰ দৰেই জিলিকি আছে এইগৰাকী অসম সন্তান। অংগৰাগৰ মঞ্চৰ নাম পাপন।পাপন বুলিয়েই তেওঁ দেশে-বিদেশতো পৰিচিত।

আজি পাপনৰ জন্মদিন। এইগৰাকী কণ্ঠশিল্পীৰ ১৯৭৫ চনৰ ২৪ নৱেম্বৰত নগাঁৱত জন্ম হৈছিল।তেওঁৰ পিতৃ বিশিষ্ট কণ্ঠশিল্পী,বিহু সম্ৰাট খগেন মহন্ত আৰু মাতৃ কণ্ঠশিল্পী অৰ্চনা মহন্ত।সৰুৰে পৰাই সাংস্কৃতিক পৰিৱেশত ডাঙৰ হৈ পাপন স্বাভাৱিকভাৱেই সংগীতৰ প্ৰতি দুৰ্বল হৈ পৰিছিল। ১৯৯৮ চনত ‘স্নিদ্ধ জোনাক’ এলবামটোৰ ‘নাছাবা চকুলে’ শীৰ্ষক গীতটোত পোন প্ৰথম বাৰৰ বাবে কণ্ঠদান কৰি পাপন ৰাইজৰ মাজত চিনাকি হৈ পৰিছিল।২০০৪ পাপনৰ প্ৰথমটো গীতৰ এলবাম ‘জোনাকী ৰাতি’ মুক্তি পাইছিল। তাৰ পাছতে আৰম্ভ হৈছিল পাপনৰ সংগীতৰ সোণালী যাত্ৰা।

বহু অসমীয়া গীতত কণ্ঠদান কৰি অসমবাসীৰ মনত এক সুকীয়া স্থান দখল কৰা পাপনে ২০০৬ চনত  ‘ষ্ট্ৰিংছ-ব’ণ্ড বাই ফেইথ’ ছবিখনৰ ‘ওম মন্ত্ৰ’ গানটোৰ জৰিয়তে বলীউডত আত্মপ্ৰকাশ কৰে। ২০১১ চনত আন এখন হিন্দী ছবি ‘ডম মাৰ’ ডম’ৰ ‘জিয়ে কিউ’ত পাপনে কণ্ঠদান কৰে। এই ছুপাৰহিট গীতটোৰ পাছতে বলীউডো দখল কৰে এইগৰাকী কণ্ঠশিল্পীয়ে।২০১৪ চনত ‘ক্যা দিল্লী ক্যা লাহোৰ’ ছবিখনত গুলজাৰৰ এটা কবিতাৰ আধাৰত ‘লকীৰে’ শীৰ্ষক গীতটোত কণ্ঠদান কৰি দেশবাসীৰ সীমাহীন সমাদৰ লাভ কৰিবলৈ সক্ষম হৈছিল। 

২০০৭ চনত পাপনে ‘পাপন এণ্ড দ্য ইষ্ট ইণ্ডিয়া কোম্পানী’ নামৰ এটা ইলেক্ট্ৰনিক লোক-সংমিশ্ৰণ বেণ্ড গঠন কৰি দেশ তথা বিদেশত অসমীয়া লোক সংগীতৰ প্ৰচাৰ কৰি আহিছে।সংগীত জগতলৈ আগবঢ়োৱা অৱদানৰ বাবে তেওঁ শ্ৰেষ্ঠ কণ্ঠশিল্পীৰ ‘আইফা এৱাৰ্ড’, ‘গ্ল’বেল ইণ্ডিয়া মিউজিক এৱাৰ্ড’, ‘মিৰ্চি মিউজিক এৱাৰ্ড’, ‘টাইমছ অফ ইণ্ডিয়া ফিল্ম এৱাৰ্ড’, ‘স্ক্ৰীণ এৱাৰ্ড’, ‘গিমা এৱাৰ্ড’, ‘প্ৰাগ চীনে এৱাৰ্ড’কে ধৰি বহু পুৰস্কাৰ লাভ কৰিবলৈ সক্ষম হৈছে।ৰাষ্ট্ৰীয় টেলিভিছনৰ জনপ্ৰিয় শ্ব’ ‘ক’ক ষ্টুডিঅ’, ‘এম টি ভি আনপ্লাগ’, ‘এম টি ভি ৰ’ডিজ এক্স’ৰ পাপন কণ্ঠদান কৰা গীত সমূহেও সীমাহীন জনপ্ৰিয়তা লাভ কৰিছে।

বৰ্তমান মুম্বাইৰ বাসিন্দা পাপনৰ দুটি সন্তানৰ সৈতে আছে এখন সুখৰ সংসাৰ । পাপনৰ পত্নীৰ নাম স্বেতা মিশ্ৰ মহন্ত, পু্ত্ৰ পোহৰ মহন্ত আৰু কন্যা পাৰিজাত মহন্ত।

আজি জন্মদিন উপলক্ষে পাপনৰ জনপ্ৰিয় গীতসমূহত চকু ফুৰাই গুণগুণাও আহক- 

কৈ নো কৈ নিদিয়া কিয় 

শেহতীয়াকৈ মুক্তি লাভ কৰা পাপনৰ এই গীতটোয়ে সীমাহীন  জনপ্ৰিয়তা লাভ কৰিবলৈ সক্ষম হৈছে।এই গীতটোত পাপনৰ লগতে কণ্ঠদান কৰিছে বলীউডৰ জনপ্ৰিয় কণ্ঠশিল্পী শ্ৰেয়া ঘোষালে। 

নিয়ৰ সেমেকা

পাপনৰ অতি জনপ্ৰিয় অসমীয়া গীতৰ ভিতৰত এক অন্যতম গীত নিয়ৰ সেমেকা 

তোমাৰ কথা

তোমাৰ কথা গীতটোও হৈছে পাপনৰ সফল গীতৰ তালিকাত অন্তৰ্ভূক্ত এক অন্যতম গীত।

হমনাভা 

বলীউডৰ অন্যতম সফল ছবি হামাৰী অধুৰী কাহানী ৰ হমনাভা শীৰ্ষক এই গীতটোৰ বাবে পাপনে ষ্টাৰডাষ্ট এৱাৰ্ডৰ নমিনেশ্যন লাভ কৰিছিল।

মোহ মোহ কে ধাগে

হিন্দী ছবি দম লগা কে হেইছাৰ গীত মোহ মোহ কে ধাগে।প্ৰতিজন শ্ৰোতাৰে অন্যতম প্ৰিয় এই গীতটোৰ বাবে পাপনে বহু কেইটা এৰ্ৱাডৰ নমিনেশ্যন লাভ কৰিছিল।
বুল্লেয়া

 ছলমান খানৰ ছুপাৰহিট ছবি ছুলটানৰ ছুপাৰহিট গান বুল্লেয়া।এই গীতটোৰ পাছতে বলীউডত পাপনৰ জনপ্ৰিয়তা দুগুণে বৃদ্ধি পায়।

কৌন মেৰা

 ২০১৩ ত মুক্তিপ্ৰাপ্ত ছবি স্পেছিয়েল ২৬ৰ জনপ্ৰিয় গীত কৌন মেৰা। 

মৌলা ছুন লে ৰে

বলীউডৰ ছবি মাদ্ৰাছ কেফেৰ অতি জনপ্ৰিয় গীত মৌলা ছুন লে ৰে

কৌন ৰণবীৰ কাপুৰ-প্ৰিয়ংকা চোপ্ৰা অভিনীত বৰ্ফি ছবিখনৰ অন্যতম জনপ্ৰিয় গীত কৌন

সোঁৱৰণি কুঁৱলী

পাপনৰ জনপ্ৰিয় গীতৰ তালিকাত নিসন্দেহে অন্তৰ্ভুক্ত হয় সোঁৱৰণি কুৱলী শীৰ্ষক গীতটো।

বৈঠা মাৰ' ৰে

২০১২ চনত মুক্তিপ্ৰাপ্ত 'পাপন- দ্য ষ্টৰী ছ' ফাৰ' এলবামটোৰ এটা অতি জনপ্ৰিয় গীত বৈঠা মাৰ' ৰে।

papon birthday
5 Assamese Actors who made Assam Proud: বলীউডত প্ৰতিষ্ঠিত অসমীয়া অভিনেতা

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in