/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-11/37479ec4-ff74-47c2-aade-6b5972440548/nora.jpg)
ডিজিটেল ডেস্ক: ন’ৰা ফাতেহী, নামেই যাৰ পৰিচয়। ন’ৰাৰ অদ্ভুট নৃত্যশৈলীয়ে দৰ্শকক আচৰিত কৰি তোলে।পিছে এইবাৰ নৃত্যৰ নহয়, অভিনয়ৰ যাদু দেখুৱাবলৈ সাজু হৈছে ন’ৰা ফাতেহী।হয়, এইবোৰ দৰ্শকে উপভোগ কৰিব পাৰিব ন’ৰাৰ অভিনয় শৈলী।
বলীউডৰ প্ৰখ্যাত কৰিঅ'গ্ৰাফাৰ-পৰিচালক ৰেম’ ডিচুজাৰ পৰিচালনাৰ পৰৱৰ্তী ছবিখনত অভিনয় কৰিব ন’ৰাই।এই ছবিখনৰ নাম 'বি হেপ্পী'। বলীউডৰ প্ৰবীণ মেগাষ্টাৰ অমিতাভ বচ্চনৰ সৈতে অভিনয় কৰিব ন’ৰা ফাতেহীয়ে।যাৰ বাবে সম্প্ৰতি চৰ্চাৰ শীৰ্ষত আছে ন’ৰা ফাতেহীৰ নাম। এই খবৰ পোহৰলৈ অহাৰ পিছতে অমিতাভ বচ্চনৰ সৈতে ন’ৰাৰ অভিনয় উপভোগ কৰিবলৈ এতিয়া অনুৰাগীসকলৰ উৎসুকতা দুগুণে বৃদ্ধি পাইছে।
এজন পিতৃ আৰু তেওঁৰ ১৩ বছৰীয়া কন্যাৰ কাহিনীৰে নিৰ্মাণ কৰা হৈছে 'বি হেপ্পী'।ছবিখনত অভিষেক বচ্চনেও এক গুৰুত্বপূৰ্ণ চৰিত্ৰত অভিনয় কৰিছে। উল্লেখ্য যে, ৰেম’ৰ সৈতে ন’ৰাৰ সম্পৰ্ক যথেষ্ট পুৰণি। ৰেম’ৰ ‘ষ্ট্ৰীট ডাঞ্চাৰ’ ছবিখনত ন’ৰাই নৃত্য কৰা গৰ্মী গীতটোৰ ভিডিঅ' এতিয়াও প্ৰতিজন দৰ্শকৰ চকুত ভাঁহি আছে।আগন্তুক বৰ্ষৰ শেষৰ ফালে মুক্তি পাবলগীয়া 'বি হেপ্পী'ৰ কাহিনী কণিষ্কা সিং দেউ আৰু চিৰাগ গাৰ্গৰ।
Also Read: অমিতাভ বচ্চনৰ ইমান টকা থকাৰ পাছতো অভিষেকৰ পৰা ধাৰ লৈ চলিছিল শ্বেতা বচ্চনে