একে সময়তে চাৰিখন কী ব’ৰ্ড বজাব পাৰে এ আৰ ৰহমানে

এ আৰ ৰহমান, ভাৰতীয় সংগীত জগতৰ এক উজ্জ্বল তাৰকা।নিজৰ অতুলনীয় সৃষ্টিৰ বাবে বিশ্বত নাম উজলোৱা এইগৰাকী সংগীত তাৰকাৰ আজি জন্মদিন।

author-image
Asomiya Pratidin
New Update
একে সময়তে চাৰিখন কী ব’ৰ্ড বজাব পাৰে এ আৰ ৰহমানে

ডিজিটেল ডেস্ক: এ আৰ ৰহমান, ভাৰতীয় সংগীত জগতৰ এক উজ্জ্বল তাৰকা।নিজৰ অতুলনীয় সৃষ্টিৰ বাবে বিশ্বত নাম উজলোৱা এইগৰাকী সংগীত তাৰকাৰ আজি জন্মদিন।স্বাভাৱিকভাৱেই জন্মদিনৰ শুভেচ্ছা বাৰ্তাৰে ভৰি পৰিছে ছ’ছিয়েল মেডিয়া।

Advertisment

এ আৰ ৰহমান অৰ্থাৎ আল্লা ৰাখা ৰহমানৰ জন্ম হৈছিল ১৯৬৭ চনৰ ৬ জানুৱাৰীত তামিলনাডুৰ মাদ্ৰাজত। এইগৰাকী সংগীত শিল্পীয়ে চাৰি বছৰ বয়সতে পিয়ান’ আৰু কী ব’ৰ্ড বজাবলৈ শিকি সকলোকে আচৰিত কৰি তুলিছিল।সেয়াই আছিল তেওঁৰ সংগীত শিক্ষাৰ আৰম্ভণি।গায়ক, গীতিকাৰ, ৰেকৰ্ড প্ৰযোজক তথা বাদ্যযন্ত্ৰী হিচাপে বিশ্বত নিজৰ সুকীয়া পৰিচয় গঢ়া এইগৰাকী শিল্পীয়ে ইতিমধ্যে ছয় বাৰ ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা, দুবাৰ একাডেমী বঁটা, দুটাকৈ গ্ৰেমী বঁটা, এটা বাফটা বঁটা, এটা গ’ল্ডেন গ্ল’ব বঁটা, পোন্ধৰটা ফিল্মফেয়াৰ বঁটা আৰু সোতৰটা ফিল্মফেয়াৰ বঁটা, দক্ষিণ লাভ কৰিছে।২০১০ চনত ভাৰত চৰকাৰে তেওঁক দেশৰ তৃতীয় সৰ্বোচ্চ অসামৰিক বঁটা পদ্মভূষণ প্ৰদান কৰে।

জন্মদিনৰ এই বিশেষ দিনটোত শিল্পীজনৰ বিষয়ে কেতবোৰ নজনা কথা জানো আহক।

এ আৰ ৰহমানৰ প্ৰকৃত নাম এ এছ দিলীপ কুমাৰ।

একে সময়তে চাৰিখন কী ব’ৰ্ড বজাব পাৰে এ আৰ ৰহমানে।

এইগৰাকী সংগীত শিল্পীয়ে দূৰদৰ্শনৰ ধাৰাবাহিক 'ৱণ্ডাৰ বেলুন'ত অভিনয় কৰি দৰ্শকৰ দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হৈছিল।

কানাডাৰ মাৰ্খামত এ আৰ ৰহমানৰ নামত এটা পথ আছে। এই পথটোৰ নাম 'আল্লা ৰাখা ৰহমান ষ্ট্ৰীট'। ২০১৩ চনত এই পথটো মুকলি কৰা হৈছিল।

এয়াৰটেলৰ ‘ছিগনেশ্বাৰ টিউন’টোৰ ৰচক এ আৰ ৰহমান। 

অস্কাৰ বিজয়ী ট্ৰেক 'জয় হো' প্ৰথমতে ছলমান খান অভিনীত ছবি 'যুৱৰাজ'ৰ বাবেহে ৰচনা কৰা কৰিছিল এ আৰ ৰহমানে।

Also Read: আজি 'ডিম্পল গাৰ্ল' দীপিকাৰ জন্মদিন, জনাওঁক শুভেচ্ছা

a r rahman