/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-06/5a5e1bae-0c7e-41b1-8b60-a7e6edfc164e/2__18_.jpg)
ডিজিটেল ডেস্ক: ব্যতিক্ৰমী ব্যক্তিত্ব তথা অভিনয় দক্ষতাৰে খুব কম দিনতে দৰ্শকৰ মনত এক সুকীয়া আসন দখল কৰিবলৈ সক্ষম হ’ল অভিনেত্ৰী জাহ্নৱী কাপুৰ।বলীউডৰ বিখ্যাত প্ৰযোজক তথা পৰিচালক বনী কাপুৰ আৰু প্ৰয়াত অভিনেত্ৰী শ্ৰীদেৱীৰ দুহিতা জাহ্নৱী এতিয়া তেওঁৰ নতুন ছবি ‘মিষ্টাৰ এণ্ড মিচেছ মাহী’ৰ বাবে চৰ্চাত আছে।কিন্তু এইগৰাকী অভিনেত্ৰীয়ে মাতৃৰ কথা শুনাহ’লে আজি অভিনেত্ৰী হিচাপে নহয়, পালেহেতেন চিকিৎসকৰ পৰিচয়।
হয়, এই কথা নিজ মুখৰে প্ৰকাশ কৰিছে অভিনেত্ৰীগৰাকীয়ে।প্ৰকৃততে, শেহতীয়াকৈ জাহ্নৱী ‘মিষ্টাৰ এণ্ড মিচেছ মাহী’ৰ প্ৰচাৰৰ বাবে ‘দ্য গ্ৰেট ইণ্ডিয়ান কপিল শ্ব'ত উপস্থিত হৈছিল।তেতিয়াই তেওঁ এই বিষয়ে কমেডিয়ান কপিল শৰ্মাৰ সন্মুখত প্ৰকাশ কৰে। জাহ্নৱীয়ে এই সন্দৰ্ভত কয়, ‘মা নিজে ইমান সফল অভিনেত্ৰী আছিল যদিও মোক অভিনয় জগতৰ পৰা আঁতৰাই ৰাখিবলৈ সদায়েই চেষ্টা কৰিছিল।মায়ে মই এগৰাকী চিকিৎসক হোৱাটোয়েই সদায় কামনা কৰিছিল।কিন্তু মোৰ সৰুৰে পৰাই অভিনেত্ৰী হোৱাৰ মন আছিল।সেয়ে মই মাৰ কথা কেতিয়াও শুনা নাছিলো।কিন্তু মাৰ এই সপোন পূৰণ কৰিবলৈ মই ভৱিষ্যতে এগৰাকী চিকিৎসকৰ চৰিত্ৰত অভিনয় কৰিম।’
উল্লেখ্য যে, ৩১ মেত মুক্তি লাভ কৰা ‘মিষ্টাৰ এণ্ড মিচেছ মাহী’ এখন ৰোমাণ্টিক ছবি।ইয়াত জাহ্নৱীৰ বিপৰীতে অভিনয় কৰিছে ৰাজকুমাৰ ৰাওয়ে।ছবিখন পৰিচালনা কৰিছে চৰণ শৰ্মাই।
Also Read: ‘হাই প্ৰফাইল’ পিতৃ-কন্যাক প্ৰথমবাৰৰ বাবে একেলগে চাবলৈ উৎসাহী অনুৰাগী