দীপিকা কক্কৰে পুত্ৰক দিলে ইছলামিক নাম, উত্তাল ছ’চিয়েল মেডিয়া

টেলিভিছনৰ জনপ্ৰিয় 'বোৱাৰী' দীপিকা কক্কৰৰ সুনামৰ বিষয়ে হয়তো দোঁহৰাৰ প্ৰয়োজন নাই।কিন্তু অভিনেত্ৰী হিচাপে দীপিকাৰ সুনাম যিমান, সমালোচনাও সিমান।তেওঁ জীৱনত গ্ৰহণ কৰা সিদ্ধান্তবোৰৰ বাবে সঘনাই অনুৰাগীৰ ৰোষৰ বলি হৈ আহিছে।

author-image
Asomiya Pratidin
New Update
দীপিকা কক্কৰে পুত্ৰক দিলে ইছলামিক নাম, উত্তাল ছ’চিয়েল মেডিয়া

ডিজিটেল ডেস্ক: টেলিভিছনৰ জনপ্ৰিয় 'বোৱাৰী' দীপিকা কক্কৰৰ সুনামৰ বিষয়ে হয়তো দোঁহৰাৰ প্ৰয়োজন নাই।কিন্তু অভিনেত্ৰী হিচাপে দীপিকাৰ সুনাম যিমান, সমালোচনাও সিমান।তেওঁ জীৱনত গ্ৰহণ কৰা সিদ্ধান্তবোৰৰ বাবে সঘনাই অনুৰাগীৰ ৰোষৰ বলি হৈ আহিছে।'ছছুৰাল ছিমৰ কা' ধাৰাবাহিকখনৰ জৰিয়তে অভূতপূৰ্ব সফলতা লাভ কৰা অভিনেত্ৰীগৰাকীয়ে ছোয়েব ইব্ৰাহীমৰ লগত বিয়া হৈ ইছলাম ধৰ্ম গ্ৰহণ কৰাই নহয়, টিভিৰ পৰাও তেওঁ নিজকে আঁতৰাই ৰাখে।দীপিকাই অৱশ্যে তেওঁৰ ইউটিউবৰ ‘ব্লগ’ৰ জৰিয়তে অনুৰাগীসকলৰ সৈতে সম্পৰ্ক ৰাখে। 

Advertisment

কেইদিনমান পূৰ্বে ছোয়েব আৰু দীপিকাৰ এটা পুত্ৰ সন্তান জন্ম হৈছে।সময়তকৈ আগতীয়াকৈ জন্ম হোৱা বাবে তেওঁলোকৰ শিশুটিক এনআইচিইউত ৰাখিবলগীয়া হৈছিল।জন্মৰ ২০ দিনৰ পাছত এতিয়া সুস্থ হৈ উঠা সন্তানটোক তেওঁলোকে হাস্পতালৰ পৰা ঘৰলৈ নিয়ে। তাৰ পাছতে তেওঁলোকে শিশুটোৰ নামকৰণ কৰে।তেওঁলোকৰ সন্তানটোৰ নাম ৰুহান ইব্ৰাহীম।উৰ্দুত ৰুহানৰ অৰ্থ দয়ালু আৰু নম্ৰ।

কিন্তু ছোয়েব-দীপিকাৰ পুত্ৰৰ নাম ভাইৰেল হোৱাৰ লগে লগেই উত্তাল হৈ পৰে ছ'চিয়েল মেডিয়া।দীপিকাই পুত্ৰৰ নাম ইছলাম ধৰ্মৰ মতে ৰখাৰ বাবে অনুৰাগীসকলে তেওঁক তীব্ৰ ভাষাৰে সমালোচনা কৰে।অনুৰাগীসকলে ইমানেই বেয়াকৈ তেওঁক সমালোচনা কৰি মন্তব্য কৰিলে যে দীপিকাই তেওঁৰ পুত্ৰৰ নাম সকলোকে জনাবৰ বাবে 'আপলোড' কৰা ‘ব্লগ’টো ‘ডিলিট’ কৰিবলৈ বাধ্য হয়।কিন্তু তাৰ পাছতো ক্ষান্ত থকা নাই ক্ষুব্ধ অনুৰাগীসকল।তেওঁলোকে এইবাৰ ছোয়েবৰ প’ষ্টত দীপিকাক সমালোচনা কৰা আৰম্ভ কৰিছে। অৱশ্যে এই সন্দৰ্ভত বৰ্তমানেও দীপিকা-ছোয়েবৰ এজনেই মুকলিকৈ একো মন্তব্য কৰা নাই।উল্লেখ্য যে, পূৰ্বে বিবাহপাশত আবদ্ধ হোৱা দীপিকা 'বিগ বছ-১২'ৰ বিজয়ীও আছিল।

Also Read: নেটিজেনসকলৰ প্ৰশংসা- ' আলিয়া ডাউন টু আৰ্থ'