নানা পাটেকাৰৰ আজৱ আচৰণত স্তম্ভিত অনুৰাগী, খুজিলে ক্ষমা

নানা পাটেকাৰৰ আজৱ আচৰণত স্তম্ভিত অনুৰাগী, খুজিলে ক্ষমা

 ডিজিটেল ডেস্ক: আজৱ আচৰণ প্ৰদৰ্শন কৰি এইবাৰ অনুৰাগীৰ ৰোষত পৰিল প্ৰখ্যাত অভিনেতা নানা পাটেকাৰ।হয়, 'মি টু'ৰে নাম সাঙোৰ খোৱাৰ দীৰ্ঘদিনৰ পাছত আকৌ এবাৰ বিৰ্তকলৈ আহিছে অভিনেতাজন।যাৰ বাবে অভিনেতাজনক অগণন অনুৰাগীয়ে মুকলিকৈ সমালোচনা কৰিছে।

প্ৰকৃততে, ছ'চিয়েল মেডিয়াত ভাইৰেল হোৱা এক বিশেষ ভিডিঅ'য়ে এই সমগ্ৰ বিষয়টো পোহৰলৈ আনিছে। ভিডিঅ'টোত দেখা গৈছে যে অভিনেতাজনে তেওঁৰ দৃশ্যগ্ৰহণৰ সময়ত ছেলফি ল'বলৈ অহা এগৰাকী অনুৰাগীৰ মূৰত হাতৰে আঘাত কৰিছে।ইয়াৰ পাছত ক্ৰু মেম্বাৰজনে অনুৰাগীজনক দৃশ্যগ্ৰহণস্থলীৰ পৰা ডিঙিত ধৰি বাহিৰলৈ উলিয়াই দিয়ে।

ভিডিঅ'টোত নানা পাটেকাৰক এটা মূগা ৰঙৰ ব্লেজাৰ আৰু কলা টুপী পিন্ধি থকা দেখা গৈছে।ইয়াৰ পাছতেই ছ'চিয়েল মেডিয়াযোগে অনুৰাগীসকলে তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে।এজনে লেখিছে- 'এই শিল্পীসকলৰ এয়াই বাস্তৱ। সাধাৰণ লোকৰ সৈতে চেলিব্ৰেটীয়ে কৰা এনে আচৰণ দুৰ্ভাগ্যজনক, আমাৰ প্ৰকৃত নায়কসকল সীমান্তত আছে, পৰ্দাত নহয়।' আন এজনৰ মতে, 'দৰাচলতে, আমি সাধাৰণ মানুহে ভাৰতৰ এই অভিনেতা আৰু ক্ৰিকেট খেলুৱৈসকলক ঈশ্বৰৰ মৰ্যাদা দিছো, সেয়েহে আমি তেওঁলোকৰ চৰ-গোৰ খাবলৈ সাজু থাকিব লাগিব।' অৱশ্যে, এই আচৰণৰ বাবে ৰাজহুৱাকৈ ক্ষমা খুজিছে অভিনেতাজনে।

উল্লেখ্য যে, নানা পাটেকাৰে বাৰাণসীৰ দশশ্বমেধ ঘাটলৈ যোৱা এটা ঠেক পথটোত 'জাৰ্নি' ছবিখনৰ দৃশ্যগ্ৰহণ কৰি আছে। আনহাতে নানাক অলপতে বিবেক অগ্নিহোত্ৰীৰ 'দ্য ভেকছিন যুদ্ধ'ত দেখা গৈছিল, য'ত তেওঁ ভাৰতীয় চিকিৎসা গৱেষণা পৰিষদৰ (আইচিএমআৰ) প্ৰাক্তন সঞ্চালক প্ৰধানৰ ভূমিকা পালন কৰিছিল।

নানা পাটেকাৰৰ আজৱ আচৰণত স্তম্ভিত অনুৰাগী, খুজিলে ক্ষমা
অমিতাভ বচ্চনৰ ইমান টকা থকাৰ পাছতো অভিষেকৰ পৰা ধাৰ লৈ চলিছিল শ্বেতা বচ্চনে

Related Stories

No stories found.
logo
Asomiya Pratidin
www.asomiyapratidin.in