কৃত্ৰিম প্ৰক্ৰিয়াৰে ধুনীয়া হ’বলৈ আগ্ৰহী নহয় কৰীণা কাপুৰ খান

কৰীণা কাপুৰ খান।অপূৰ্ব সৌন্দৰ্য, ব্যতিক্ৰমী ব্যক্তিত্ব তথা অদমনীয় অভিনয় দক্ষতাৰ বাবে সকলোৰে মনত এক সুকীয়া স্থান দখল কৰিবলৈ সক্ষম হৈছে এইগৰাকী বলীউডৰ অভিনেত্ৰীয়ে।

author-image
Asomiya Pratidin
New Update
কৃত্ৰিম প্ৰক্ৰিয়াৰে ধুনীয়া হ’বলৈ আগ্ৰহী নহয় কৰীণা কাপুৰ খান

kareena-kapoor

ডিজিটেল ডেস্ক : কৰীণা কাপুৰ খান।অপূৰ্ব সৌন্দৰ্য, ব্যতিক্ৰমী ব্যক্তিত্ব তথা অদমনীয় অভিনয় দক্ষতাৰ বাবে সকলোৰে মনত এক সুকীয়া স্থান দখল কৰিবলৈ সক্ষম হৈছে এইগৰাকী বলীউডৰ অভিনেত্ৰীয়ে।দুটা সন্তানৰ মাতৃ হোৱাৰ পাছতো কৰীণাই নিজকে খুব আকৰ্ষণীয় কৰি ৰাখিছে।যাৰ বাবে তেওঁক বহুতে নিজৰ আদৰ্শ হিচাপেও গণ্য কৰে।মুক্তিৰ অপেক্ষাত থকা 'দ্য বাকিংহাম মাৰ্ডাৰছ' ছবিখনৰ বাবে কৰীণা এতিয়া চৰ্চাৰ শীৰ্ষত আছে। এই ছবিখনত কৰীণাই মুখ্য চৰিত্ৰত অভিনয় কৰিছে।

Advertisment

আনহাতে, আন এক বিষয়ক লৈও সম্প্ৰতি চৰ্চালৈ আহিছে কৰীণা কাপুৰ খানৰ নাম।হয়, শেহতীয়া এক সাক্ষাৎকাৰত তেওঁৰ কেতবোৰ বিশেষ কথা ৰাজহুৱা কৰিছে।এই সাক্ষাৎকাৰত নিজকে ধুনীয়া আৰু আকৰ্ষণীয় কৰিবলৈ তেওঁ কৃত্ৰিম পন্থাৰ সহায় লৈছে নেকি বুলি এক প্ৰশ্ন সোধা হৈছিল।ইয়াৰ উত্তৰত তেওঁ কয়, 'নিজকে ধুনীয়া কৰি ৰাখিবলৈ মই বৰ্তমানলৈ এনে কোনো পন্থাৰ সহায় লোৱা নাই। মোক এনেকৈয়ে মোৰ স্বামী ছেইফ আলী খানে খুব আকৰ্ষণীয় তথা ধুনীয়া দেখে। সেয়েহে মই মোৰ সৌন্দৰ্য অটুট ৰখাৰ বাবে তেনে কোনো কৃত্ৰিমতাৰ সহায় ল'ব লগা হোৱা নাই।কিন্তু মই প্ৰতিদিনে যোগ, ব্যায়াম কৰো।ভাল খাদ্য খাওঁ আৰু নিজকে সুস্থ কৰি ৰাখো।

উল্লেখ্য যে, কৰীণা আৰু ছেইফ আলী খান  ২০০৭ ত বিজয় কৃষ্ণ আচাৰ্যৰ 'তছন' নামৰ ছবিখনৰ দৃশ্যগ্ৰহণৰ সময়ত ইজনে সিজনৰ প্ৰেমত পৰিছিল। দুয়োজনে ২০১২ত বিবাহপাশত আৱদ্ধ হৈছিল আৰু ২০১৬ আৰু ২০২১ ত কৰীণাই ক্ৰমে টাইমুৰ আলী খান আৰু জেহাংগীৰ আলী খান নামৰ দুটা পুত্ৰৰ সৈতে জন্ম দিয়ে।

আনহাতে, কৰীণাক অতি শীঘ্ৰেই 'দ্য বাকিংহাম মাৰ্ডাৰছ' নামৰ ছবিখনত দৰ্শকে দেখিবলৈ পাব।  মুক্তিৰ পূৰ্বেই যথেষ্ট চৰ্চা লাভ কৰা এই ছবিখন ১৩ ছেপ্টেম্বৰত ছবিগৃহলৈ আহিব।ছবিখনত কৰীণাৰ লগতে কেইটামান গুৰুত্বপূৰ্ণ চৰিত্ৰত অভিনয় কৰিছে এছ টণ্ডন, ৰণবীৰ ব্ৰাৰ আৰু কিথ এলেনে।

Also Read: 'বিশেষ' আৰ্শীবাদ লাভ কৰিলে ৰণবীৰ-দীপিকাৰ নতুন আলহীয়ে