/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-10/32d503ee-213c-4740-abb5-e621c23265a2/AP_FOR_WEB_mika.jpg)
ডিজিটেল ডেস্ক: বিগত প্ৰায় বহুদিন ধৰি ব্যক্তিগত জীৱনৰ কেতবোৰ কথা স্পষ্ট নকৰাৰ বাবেই অনুৰাগীৰ যথেষ্ট প্ৰশ্নৰ সন্মুখীন হ’বলগীয়া হৈছিল বলীউডৰ আগশাৰীৰ গায়ক মিকা সিং।পিছে, এই সন্দৰ্ভত শেহতীয়াকৈ মুখ খুলিছে গায়কজনে।হয়, অভিনেত্ৰী তথা মডেল আকাংক্ষা পুৰীৰ সৈতে থকা সম্পৰ্ক বিচ্ছেদ সন্দৰ্ভত এইবাৰ মুকলিকৈ মন্তব্য কৰিছে মিকা সিঙে।
মিকাই ‘স্বয়ম্বৰ’ৰ জৰিয়তে আকাংক্ষা পুৰীক তেওঁৰ জীৱন সংগী হিচাপে বাছনি কৰিছিল।কিন্তু বিয়া নোহোৱাৰ আগতেই তেওঁলোকৰ সম্পৰ্ক ছেদ হৈছিল। অৱশ্যে এই সম্পৰ্ক ছেদ হোৱাৰ কাৰণ সন্দৰ্ভত কোনো দিনাই ৰাজহুৱাকৈ একো মন্তব্য কৰা নাছিল মিকা আৰু আকাংক্ষাই।
শেহতীয়াকৈ এক অনুষ্ঠানত মিকাই আকাংক্ষাৰ সৈতে তেওঁৰ সম্পৰ্ক কিয় শেষ হ’ল, সেই বিষয়ে অনুৰাগীক জানিবলৈ দিছে। মিকাই কয়, 'মই আচলতে মোৰ বিয়াখন পাতিবলৈ বিচাৰিছিলো। মোৰ বন্ধুসকলেও মোক সোনকালে বিয়া পাতিবলৈ কৈছিল।কিন্তু যেতিয়া মই আকাংক্ষাক বিয়াৰ বিষয়ে সুধিছিলো, তেওঁ একেমুখে বিয়াৰ বাবে অস্বীকাৰ কৰিছিল। তেতিয়া মই এইটোও অনুভৱ কৰিছিলো যে আকাংক্ষাক সংগী হিচাপে বাছনি কৰাটো মোৰ বাবে উচিত সিদ্ধান্ত নাছিল।আমাৰ চিন্তা নিমিলে, যাৰ বাবে আমি একেলগে জীৱন অতিবাহিত কৰাটো সম্ভৱ নহয়। কিন্তু এইটোও মই স্পষ্ট কৰিব বিচাৰো যে মই তেওঁক প্ৰেমত প্ৰতাৰণা কৰা নাই। এই সকলোবোৰ হঠাতে ঘটিল।’
ইফালে, আন এক অনুষ্ঠানত আকাংক্ষা পুৰীয়ে কয় যে মিকা আৰু তেওঁ কেৱল ভাল বন্ধুহে।বাকী তেওঁলোকৰ মাজত একো সম্পৰ্ক নাই। শেহতীয়াকৈ ‘বিগ বছ অটিটি ছিজন-২’ত ‘চুম্বন’ বিতৰ্কত নাম সাঙোৰ খোৱা আকাংক্ষা পুৰী সম্প্ৰতি বিদেশী মডেল তথা অভিনেতা জেড হাডিডৰ সৈতে একপক্ষীয় সম্পৰ্ক চলাই থকাৰ বাবে চৰ্চাত আছে।
Also Read: পত্নী সন্দৰ্ভত মুখ খুলিছে বিকি কৌশলে, আচৰিত অনুৰাগী