অসমীয়া শিপিনীয়ে হাতেবোৱা পোছাক পৰিধান কৰি অভিভূত মহিমা চৌধুৰী...

অসমৰ সৈতে থকা আত্মিক সম্পৰ্কৰ কথাও সোঁৱৰিলে বলিউড অভিনেত্ৰীগৰাকীয়ে

author-image
Asomiya Pratidin
New Update
অসমীয়া শিপিনীয়ে হাতেবোৱা পোছাক পৰিধান কৰি অভিভূত মহিমা চৌধুৰী...

অসমীয়া শিপিনীয়ে হাতেবোৱা পোছাক পৰিধান কৰি অভিভূত মহিমা চৌধুৰী...

ডিজিটেল ডেস্কঃ বিয়া নামৰ সুৰৰ তালে তালে লয়ালস খোজ দিলে বলিউডৰ জনপ্ৰিয় অভিনেত্ৰী মহিমা চৌধুৰীয়ে। অসমীয়া পোচাক পৰিধান কৰি মহিমা চৌধুৰী হৈ পৰিলে এগৰাকী সুন্দৰী অসমীয়া বোৱাৰী।

Advertisment

অসমৰ সৈতে মহিমাৰ আছে এক আত্মিক সম্পৰ্ক। শৈশৱৰ বহু সময় তেওঁ অসমতেই পাৰ কৰিছিল। তেওঁৰ পিতৃ আছিল এগৰাকী চাহ ব্যৱসায়ী। সেই সূত্ৰে অসমৰ সৈতে তেওঁলোকৰ আছে এক বিশেষ সম্পৰ্ক।

পিতৃৰ ব্যৱসায়ৰ সূত্ৰেই মহিমাই শৈশৱৰ বহু সময় তেজপুৰ, যোৰহাট, গোলাঘাট, গুৱাহাটী, খাৰুপেটীয়া আদিত পাৰ কৰিছিল। বলিউডৰ বহু চৰ্চিত আৰু জনপ্ৰিয় ডাগ, ধড়কন, কুৰুক্ষেত্ৰ, দিল ক্যা কৰে, লজ্জা, ডুবাৰা আদি ছবিত অভিনয় কৰি খ্যাতি অৰ্জন কৰা মহিমাই গুৱাহাটীতেই হেনো বেছি চিনেমা চাইছে।

শেহতীয়াকৈ এক অনুষ্ঠানত ভাগ ল'বলৈ গুৱাহাটীলৈ আহি অতীত ৰোমন্থন কৰি এই কথা সোঁৱৰিলে মহিমাই। উল্লেখ্য যে, যোৱা ২০ অক্টোবৰত গুৱাহাটীৰ আই টি এ মাছখোৱাত ইণ্ডিয়াজ ছাইনিং এৱাৰ্ডছ-২০২৪ (ছিজন-৫)ত অংশগ্ৰহণ কৰিবলৈ আহিছিল বলিউডৰ এইগৰাকী মোহময়ী অভিনেত্ৰী।

তেওঁ ডিজাইনাৰ প্ৰাৰ্থনা চৌধুৰীয়ে প্ৰস্তুত কৰা পোছাকৰ এক প্ৰদৰ্শনীত শ্ব’ ষ্টপাৰ হিচাপে খোজ দিয়ে। পৰিধান কৰে অসমীয়া শিপিনীয়ে হাতে বোৱা ‘প্ৰাৰ্থনা’জ হাউছ অব ডিজাইন’ৰ পোছাক। এই পোছাক পৰিধান কৰি অভিভূত হৈ পৰা বুলিও প্ৰকাশ কৰে অভিনেত্ৰীগৰাকীয়ে।

Also Read: তেজপুৰত গৌৰৱ গগৈৰ উপস্থিতিত কংগ্ৰেছত যোগদান বিহালীৰ প্ৰাৰ্থী জয়ন্তৰ

মহিমা চৌধুৰী বলিউড