তেজপুৰত গৌৰৱ গগৈৰ উপস্থিতিত কংগ্ৰেছত যোগদান বিহালীৰ প্ৰাৰ্থী জয়ন্তৰ

উপস্থিত নাথাকিল বিশ্বনাথ কংগ্ৰেছে, অসম প্ৰদেশৰ আন জ্যেষ্ঠ নেতা

author-image
Asomiya Pratidin
New Update
তেজপুৰত গৌৰৱ গগৈৰ উপস্থিতিত কংগ্ৰেছত যোগদান বিহালীৰ প্ৰাৰ্থী জয়ন্তৰ

তেজপুৰত গৌৰৱ গগৈৰ উপস্থিতিত কংগ্ৰেছত যোগদান বিহালীৰ প্ৰাৰ্থী জয়ন্তৰ

ডিজিটেল ডেস্কঃ এহাতে টিকট আনহাতে দলৰ সাধাৰণ সদস্যপদ- ঠিক এনেকৈয়ে কংগ্ৰেছত যোগদান কৰিলে সদ্য বিজেপিত্যাগী নেতা জয়ন্ত বৰাই। সকলো জল্পনা, কল্পনাৰ অন্ত পেলাই বুধবাৰে নিশা এ আই চি চিয়ে বিহালী সমষ্টিৰ কংগ্ৰেছৰ প্ৰাৰ্থী হিচাপে জয়ন্ত বৰাৰ নাম ঘোষণা কৰিলে।

Advertisment

ইয়াৰ পাছতেই কংগ্ৰেছেৰ ভিতৰচৰাত চলি থকা লবীকেন্দ্ৰীক ৰাজনৈতিক দিশটো সম্পূৰ্ণকৈ ওলাই পৰে। আজি পুৱা কংগ্ৰেছ সভাপতি ভূপেন বৰাই জয়ন্ত বৰাক আনুষ্ঠানিকভাৱে কংগ্ৰেছত যোগদান কৰিবলৈ চামগুৰি সমষ্টিলৈ আমন্ত্ৰণ জনাইছিল যদিও তেওঁ তেজপুৰতেই যোগদান কৰাৰ আগ্ৰহ প্ৰকাশ কৰে।

সেই মতেই ভূপেন বৰাই সদস্যপদৰ বাবে প্ৰয়োজনী নথি জয়ন্ত বৰালৈ প্ৰেৰণ কৰে যদিও পাছত গৌৰৱ গগৈৰ উপস্থিতি শোণিতপুৰ জিলা কংগ্ৰেছেৰ ৰাজীৱ ভৱনত আনুষ্ঠানিকভাৱে দলটোত যোগদান কৰে। মন কৰিবলগীয়া যে, বিহালী সমষ্টি বিশ্বনাথ জিলা কংগ্ৰেছৰ অন্তৰ্গত যদিও জয়ন্ত বৰাই তেজপুৰতহে যোগদান কৰিলে।

মন কৰিবলগীয়া যে, জয়ন্ত বৰাৰ নাম কংগ্ৰেছ প্ৰাৰ্থী হিচাপে চৰ্চালৈ অহাৰে পৰা বিশ্বনাথ জিলা কংগ্ৰেছে ইয়াৰ বিৰোধিতা কৰি আহিছিল। কেইবাখনো সংবাদ মেলৰ জৰিয়তে বিশ্বনাথ কংগ্ৰেছে জয়ন্ত বৰাৰ প্ৰাৰ্থিত্ব ৰাজহুৱাকৈ বিৰোধিতা কৰাই নহয় তেওঁক প্ৰাৰ্থিত্ব দিলে ৰাজহুৱা মুণ্ডন কৰাৰো ভাবুকি দিছিল।

এনে পৰিস্থিতিত আজি জয়ন্ত বৰাই গৌৰৱ গগৈৰ উপস্থিতিত তেজপুৰত কংগ্ৰেছত যোগদান কৰা বিষয়টো বিশেষ তাৎপৰ্যপূৰ্ণ। লক্ষ্যণীয় ভাৱে জয়ন্ত বৰাৰ কংগ্ৰেছত যোগদানৰ সময়ত বিশ্বনাথ জিলা কংগ্ৰেছৰ কোনো শীৰ্ষ নেতা উপস্থিত নাথিকিল।উপস্থিত থাকিল কেৱল শোণিতপুৰ জিলাৰ কংগ্ৰেছৰ সভাপতি আৰু একাংশ নেতা।

Also Read: পাঠদান এৰি প্ৰধান শিক্ষয়ত্ৰীৰ ঘৰলৈ আলু আনিব যাব লাগে শিক্ষকঃ শান্তিপুৰ প্ৰাথমিক বিদ্যালয়ত চৰম অৰাজকতা

গৌৰৱ গগৈ তেজপুৰ জয়ন্ত বৰা বিহালী