অৱশেষত জীৱনৰ ক’লা অধ্যায়ৰ বিষয়ে ৰাজহুৱা কৰিলে মোহময়ী মহিমাই

ছুপাৰহিট ছবি 'পৰদেশ'ৰ জৰিয়তে বলীউডত প্ৰৱেশ কৰি খুব কম সময়তে দৰ্শকৰ মনত সুকীয়া দখল কৰিবলৈ সক্ষম হৈছিল মোহময়ী অভিনেত্ৰী মহিমা চৌধুৰী।কিন্তু অভিনেত্ৰীগৰাকীৰ ব্যক্তিগত জীৱনলৈ ইমানেই অস্থিৰতা আহিল যে, তেওঁ বলীউড ত্যাগ কৰিবলৈ বাধ্য হয়। যিজনক মহিমাই মন-প্ৰাণ সৰ্বস্ব দিছিল, সেইজনেই তেওঁৰ হৃদয় বেয়াকৈ ভাঙি পেলাইছিল।

author-image
Asomiya Pratidin
New Update
অৱশেষত জীৱনৰ ক’লা অধ্যায়ৰ বিষয়ে  ৰাজহুৱা কৰিলে মোহময়ী মহিমাই

ডিজিটেল ডেস্ক: ছুপাৰহিট ছবি 'পৰদেশ'ৰ জৰিয়তে বলীউডত প্ৰৱেশ কৰি খুব কম সময়তে দৰ্শকৰ মনত সুকীয়া দখল কৰিবলৈ সক্ষম হৈছিল মোহময়ী অভিনেত্ৰী মহিমা চৌধুৰী।কিন্তু অভিনেত্ৰীগৰাকীৰ ব্যক্তিগত জীৱনলৈ ইমানেই অস্থিৰতা আহিল যে, তেওঁ বলীউড ত্যাগ কৰিবলৈ বাধ্য হয়। যিজনক মহিমাই মন-প্ৰাণ সৰ্বস্ব দিছিল, সেইজনেই তেওঁৰ হৃদয় বেয়াকৈ ভাঙি পেলাইছিল।

Advertisment

হয়, আন যুৱতীৰ দৰে যৌৱনত মহিমাও প্ৰেমত পৰিছিল। মহিমাই খেলুৱৈ লিয়েণ্ডাৰ পেছৰ লগত ৬ বছৰ ধৰি সম্পৰ্কত আছিল। কিন্তু তেওঁলোকৰ বিবাহ হোৱাৰ ঠিক আগমূহুতৰ্তে লিয়েণ্ডাৰে মহিমাক এৰি আন এগৰাকীৰ প্ৰেমত পৰিছিল। প্ৰকৃততে সঞ্জয় দত্তৰ দ্বিতীয় পত্নী ৰিয়া পিল্লাইৰ বাবেই মহিমাৰ সৈতে সম্পৰ্ক ভাঙিছিল লিয়েণ্ডাৰে।শেহতীয়া এক সাক্ষাৎকাৰত, মহিমাই এই সকলোবোৰৰ বিষয়ে মুকলিকৈ প্ৰকাশ কৰিছে। মহিমাৰ মতে, লিয়েণ্ডাৰ পেছ এজন সফল টেনিছ খেলুৱৈ হ'ব পাৰে, কিন্তু ব্যক্তি হিচাপে তেওঁ একেবাৰেই ভাল নহয়।উল্লেখ্য যে, সঞ্জয় দত্তই ১৯৯৮ চনত ৰিয়া পিল্লাইৰ সৈতে বিবাহপাশত আবদ্ধ হৈছিল। কিন্তু ২০০৫ চনত দুয়োৰে মাজত বিবাহ বিচ্ছেদ হৈছিল। মহিমাৰ সৈতে সম্পৰ্ক বিচ্ছেদ হোৱাৰ পিছত পেছ ৰিয়াৰ সৈতে 'লিভ-ইন'ত আছিল।

বিয়াৰ আগতেই গৰ্ভৱতী আছিল মহিমা 

এই সম্পৰ্ক ভংগ কৰি মহিমা চৌধুৰী ভাঙি পৰিছিল যদিও পৰৱৰ্তী সময়ত ব্যৱসায়ী ববী মুখাৰ্জীৰ সৈতে বিবাহ পাশত আবদ্ধ হয়। অভিনেত্ৰীগৰাকী বিবাহৰ আগতেই গৰ্ভৱতী আছিল, যাৰ বাবে তেওঁ খৰখেদাকৈ বিবাহ পাশত আৱদ্ধ হৈছিল।তেওঁলোকৰ এগৰাকী কন্যা সন্তান আছে। কিন্তু মহিমা আৰু ববীৰ বিয়াও বেছি দিন স্থায়ী নহ'ল।তেতিয়াৰে পৰা এতিয়ালৈ মহিমা আৰু তেওঁৰ কন্যা একেলগে আছে।

Also Read: বৰশী বোৱা প্ৰতিযোগিতাত প্ৰথম পুৰস্কাৰ অৰুণাচলৰ এল বিজয়ৰ, লাভ কৰিলে ১ লাখ টকা...