বৰশী বোৱা প্ৰতিযোগিতাত প্ৰথম পুৰস্কাৰ অৰুণাচলৰ এল বিজয়ৰ, লাভ কৰিলে ১ লাখ টকা...

বৰশী বোৱা প্ৰতিযোগিতাত প্ৰথম পুৰস্কাৰ অৰুণাচলৰ এল বিজয়ৰ, লাভ কৰিলে ১ লাখ টকা...

ডিজিটেল সংবাদ, ঢকুৱাখনা: এক পৰম্পৰা। গ্রামাঞ্চলৰ চহা জীৱনৰ জীৱন জীৱিকাৰে সম্পৃক্ত এই পৰম্পৰা। যুৱ প্ৰজন্মৰ মাজত এই চহা জীৱনৰ লোক সংস্কৃতিক চিনাকি কৰি দিয়াৰ লগতে এই পৰম্পৰাক ব্যৱসায়িক উত্তৰণ ঘটোৱাৰ লক্ষ্যৰে দেওবাৰে ঢকুৱাখনাত অনুষ্ঠিত হয় বৰশীৰে মাছ ধৰা প্ৰতিযোগিতা ।

ঢকুৱাখনা মহকুমাৰ গন্ধিয়া গাঁও পঞ্চায়তৰ খুঁটাপৰা গাঁওত দেওবাৰে অনুষ্ঠিত হয় এই দৃষ্টিনন্দন প্ৰতিযোগিতা।  জোনবাই ক্লাৱৰ সৌজন্যত প্ৰায় শতাধিক প্ৰতিযোগীৰ অংশ গ্ৰহণেৰে অনুষ্ঠিত হয় এই প্ৰতিযোগিতা।  ক্লাৱে এই প্ৰতিযোগিতাৰ প্ৰথম পুৰস্কাৰ হিচাবে নগদ ১লাখ টকা ,দ্বিতীয় পুৰস্কাৰ হিচাবে নগদ ৫০ হাজাৰ টকা ,তৃতীয় পুৰস্কাৰ হিচাবে নগদ ২৫ হাজাৰ টকা আৰু বাকী চতুৰ্থ ,পঞ্চম ,ষষ্ঠ ,সপ্তম আৰু অষ্টম পুৰস্কাৰ হিচাবে নগৰ ৫হাজাৰকৈ টকা ঘোষণা কৰিছিল ।

অৰুণাচল ,পশ্চিমবঙ্গৰ লগতে অসমৰ বিভিন্ন জিলাৰ শতাধিক প্ৰতিযোগীয়ে পুৱা ১০বজাৰ পৰা প্ৰায় ৫ ঘণ্টা ধৰি অংশগ্ৰহণ কৰা এই প্ৰতিযোগিতাত সৰ্বাধিক ১কেজি ৪০০ গ্ৰাম ওজনৰ মাছ বৰশীত ধৰি প্ৰথম পুৰস্কাৰ লাভ কৰিবলৈ সক্ষম হয় অৰুণাচল প্ৰদেশৰ এল বিজয়ে ।বিপৰীতে প্ৰায় ১ কেজি ১০গ্ৰাম ওজনৰ এটা মাছ ধৰি দ্বিতীয় স্থান অর্জন কৰে পশ্চিমবংগৰ সুৰজ বৰ্মনে ।

তেনেদৰে তৃতীয় স্থান অর্জন কৰে বিপুল গগৈয়ে মুঠ ৯১৫ গ্ৰাম ওজনৰ এটা মাছ উঠাই। এনেদৰে মুঠ ৬ গৰাকী প্ৰতিযোগীযে এই প্ৰতিযোগিতাত অংশগ্ৰহণ কৰি নির্দিষ্ট পুৰস্কাৰ গ্ৰহণ কৰে । উল্লেখযোগ্য যে এই অগতানুগতিক প্ৰতিযোগিতা প্ৰত্যক্ষ কৰিবলৈ ভিন্ন স্থানৰ অগণন ৰাইজৰ সমাগম ঘটে । ৰাইজৰ উৎসাহপূৰ্ণ পৰিবেশৰ মাজত প্ৰথম ৬ টা স্থান প্ৰাপক সকলক নগদ ধন আৰু ফুলাম গামোচাৰে সন্মানিত কৰে আয়োজক জোনবাই ক্লাৱৰ কৰ্মকর্তা সকলে ।

বৰশী বোৱা প্ৰতিযোগিতাত প্ৰথম পুৰস্কাৰ অৰুণাচলৰ এল বিজয়ৰ, লাভ কৰিলে ১ লাখ টকা...
নিৰ্বাচনৰ পূৰ্বে কেদাৰনাথ মন্দিৰ দৰ্শন কংগ্ৰেছ নেতা ৰাহুল গান্ধীৰ

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in