/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-01/b45b1a7c-3434-43b9-92ed-04d4169183a9/AP_FOR_WEB_sonam.jpg)
ডিজিটেল ডেস্ক ‘মাতৃত্বৰ সুখ লৈ সঁচাকৈয়ে সময়বোৰ অতি সুন্দৰভাৱে কটাইছো।বিবাহ পাশত আৰম্ভ হৈ বাহিৰৰ জগতখনৰ পৰা এটা ভাল বিৰতি ল’লো।কিন্তু এতিয়া পুনৰ কাম কৰিবলৈ মই সাজু হৈছো। মই আগৰ দৰেই কাম কৰি ব্যস্ত হৈ থাকিব বিচাৰো।এই মন্তব্য অভিনেত্ৰী সোণম কাপুৰৰ।মাতৃত্ব অৰ্জনৰ পাছত পুনৰ ‘বি টাউন’লৈ ঘূৰি অহা সন্দৰ্ভত দেশবাসীক এইদৰে অৱগত কৰিলে অভিনেত্ৰীগৰাকীয়ে।
ব্যৱসায়ী আনন্দ আহুজাৰ সৈতে ২০১৮ চনত বিবাহপাশত আবদ্ধ হোৱা সোণম এতিয়া এটি ছমহীয়া পুত্ৰ সন্তানৰ মাতৃ। সোনমৰ পুত্ৰ সন্তানটিৰ নাম বায়ু।বিশিষ্ট ছবি নিৰ্মাতা সঞ্জয় লীলা ভাঞ্চালীৰ ছবি ব্লেকত সহকাৰী পৰিচালক হিচাপে কৰ্মজীৱন আৰম্ভ কৰা অভিনেত্ৰীগৰাকীক অতি শীঘ্ৰেই ‘ব্লাইণ্ড’ শীৰ্ষক ছবিখনত দৰ্শকে দেখিবলৈ পাব।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-01/385336b5-67aa-4d6f-b3dc-8bc593caea94/sonam_blind.jpg)
বলীউডৰ অন্যতম জনপ্ৰিয় অভিনেতা অনিল কাপুৰৰ কন্যা ছোনমে অভিনয় কৰা প্ৰথম ছবি ছাৱৰিয়া। আই হেট লাভ ষ্টৰীজ, ভাগ মিলখা ভাগ,সঞ্জু, প্ৰেম ৰতন ধন পায়ো, নীৰজা, বীৰে দি ৱেডিং আদি হৈছে ছোনমে অভিনয় কৰা কেইখনমান সফল ছবি।কেৰিয়াৰত দুৰ্দান্ত অভিনয়ৰ বাবে ছোনমে ইতিমধ্যে ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা আৰু ফিল্মফেয়াৰ বঁটাকে ধৰি বহু সন্মান লাভ কৰিবলৈ সক্ষম হৈছে।
আনহাতে, ব্লাইণ্ড ছবিখন পৰিচালনা কৰিছে শ্বোম মাখিজে। এই অপৰাধমূলক থ্ৰীলাৰ ছবিখন প্ৰযোজনা কৰিছে সুজয় ঘোষ, অভিশেক ঘোষ, হিউনউ থমাছ কিম, শচীন নাহৰ, পিঙ্কেশ নাহাৰ আৰু মনীষ ডব্লিউয়ে। ছবিখনত সোনমৰ লগতে মুখ্য চৰিত্ৰত অভিনয় কৰিছে পূৰব কোহলী, বিনয় পাঠক আৰু লিলে দুতেবে।ছবিখন চলিত বছৰৰ মাজ ভাগত ছবিগৃহলৈ আহিব।
Also Read: মুক্তিৰ পূৰ্বেই ছুপাৰহিট ! চেৰ পেলালে 'কে জি এফ ২'ক