মাতৃ প্ৰিয়ংকাৰ দৰেই দামী সামগ্ৰী ব্যৱহাৰ কৰে মালতীয়ে

ইয়াৰে এখন স্বামী নিকৰ সৈতে ধুনীয়া ‘ছেলফি’ আৰু মালতী মেৰী জোনাছৰ ৰে'ল যাত্ৰা উপভোগ কৰা এখন খুব মৰমলগা ফটো। এখন ফটোত মালতীক এটা অতি ধুনীয়া এটা ‘পাৰ্চ’ৰ সৈতে খেলি থকা দেখা গৈছে।

author-image
Asomiya Pratidin
New Update
মাতৃ প্ৰিয়ংকাৰ দৰেই দামী সামগ্ৰী ব্যৱহাৰ কৰে মালতীয়ে

ডিজিটেল ডেস্ক: বলীউডৰ ‘দেশী গাৰ্ল’ প্ৰিয়ংকা চোপ্ৰা সম্প্ৰতি পৰিয়ালক সময় দিয়াত ব্যস্ত। কেইদিনমান পূৰ্বে তেওঁ শাহু-শহুৰ, মাতৃ আৰু স্বামী নিক জোনাছৰ তথা কন্যা মালতী মেৰী জোনাছৰ সৈতে ইংলেণ্ডৰ লিভাৰপুলত সময় অতিবাহিত কৰা ফটো ছ’চিয়েল মেডিয়াত ‘শ্বেয়াৰ’ কৰিছে।য'ত মালতীক অতি ব্যয়বহুল সামগ্ৰীৰ সৈতে দেখা গৈছে।

Advertisment

প্ৰিয়ংকাই ‘ইনষ্টাগ্ৰাম’ত পৰিয়ালৰ সৈতে ভ্ৰমণৰ কিছু ফটো ‘শ্বেয়াৰ’ কৰিছে।ইয়াৰে এখন স্বামী নিকৰ সৈতে ধুনীয়া ‘ছেলফি’ আৰু মালতী মেৰী জোনাছৰ ৰে'ল যাত্ৰা উপভোগ কৰা এখন খুব মৰমলগা ফটো। এখন ফটোত মালতীক এটা অতি ধুনীয়া এটা ‘পাৰ্চ’ৰ সৈতে খেলি থকা দেখা গৈছে। 

এখন ৰেষ্টুৰেণ্টৰ চকীত বহি মালতীয়ে এটা সৰু সেউজীয়া বেগ লৈ আছে। বেগটো বিলাসী ব্ৰেণ্ড 'বিভলগাৰী'ৰ।এই বেগটোৰ মূল্য ২,৪৫,০০০ টকা। কেৱল এয়াই নহয়, আন এখন ফটোত মালতীক পিতৃ-মাতৃ নিক জোনাছ আৰু প্ৰিয়ংকা চোপ্ৰাৰ সৈতে 'গুচ্চি' বেণ্ডৰ অভাৰকোট আৰু উলৰ বুট পিন্ধা দেখা গৈছিল। এই মুগা ৰঙৰ ষ্টাইলিছ আৰু বিলাসী অভাৰকোটৰ মূল্য ৭৩৫ পাউণ্ড। ভাৰতীয় মুদ্ৰা অনুসৰি ইয়াৰ মূল্য ৭৪,৭১০ টকা। এই সামগ্ৰীবোৰৰ মূল্যৰ বিষয়ে অৱগত হৈ এই তাৰকা যুটীটোৰ অনুৰাগীসকল আচৰিত হৈ পৰিছে।ইয়াৰ পৰা এয়া সহজেই অনুমেয় যে প্ৰিয়ংকাই তেওঁৰ কন্যাক বিলাসীতাৰে ডাঙৰ-দীঘল কৰাৰ ক্ষেত্ৰত কোনো ত্ৰুটি এৰা নাই।

আনহাতে, মালতীৰ আন এখন ফটোক লৈয়ো ছ’চিয়েল মেডিয়াত খুব চৰ্চা চলিছে।সকলোয়ে একেমুখে এই বিশেষ ফটোখনক প্ৰশংসা কৰিছে।য’ত মালতীয়ে ককাক আৰু দেউতাকৰ সৈতে হাতত ধৰি খোজ কাঢ়ি আছে।

Also Read: সকলোৰে প্ৰশংসাৰ পাত্ৰ হ'বলৈ এইদৰে কৰক ছালৰ পৰিচৰ্যা