/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-05/9e86217e-2199-4dfe-8ea3-d95e18fa882f/325.jpg)
ডিজিটেল ডেস্ক : এক, দুই, তিনি, চাৰি/ যুতি দিলো গৰুগাড়ী/ অ’ দেখিছানে, হাতীয়ে চলায়...। শীৰ্ষক চিৰসেউজ গীতটি চাগৈ প্ৰতিগৰাকী অসমীয়া দৰ্শকৰে মনত আছে। এই গীতটি ৮০ৰ দশকৰ বিখ্যাত ছবি ককাদেউতা নাতি আৰু হাতী বোলছবিৰ গীত আছিল।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-05/1ceeefac-ed45-4928-888e-dfff78be3e9b/446951705_992092432281641_1036371505005709008_n.jpg)
ককাদেউতা নাতি আৰু হাতী পৰিচালনা কৰিছিল বিশিষ্ট পৰিচালক নিপ বৰুৱাই। অভিনয় কৰিছিল দ্বিগজ অভিনেতা নিপন গোস্বামী, প্ৰাঞ্জল শইকীয়া, মৃদুলা বৰুৱা আদি ভালেকেইগৰাকী শিল্পীয়ে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-05/02ba8b7a-9da6-4960-931e-75c51519a332/446863574_992092415614976_5194924349086433614_n.jpg)
এইখিনিতে উল্লেখ কৰা প্ৰয়োজন যে ছবিখনৰ শীৰ্ষক গীতটিত এটি শিশুশিল্পীৰ চৰিত্ৰত অভিনয় কৰিছিল হিমন্ত বিশ্ব শৰ্মাই। এন চি দত্তই প্ৰযোজনা কৰা ছবিখনে মুক্তি লাভ কৰিছিল ১৯৮৩ চনৰ ১৮ নৱেম্বৰত। যিখন চিনেমা চাবলৈ হিলদল ভাগি ছবিগৃহলৈ ওলাই আহিছিল দৰ্শক।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-05/630b547a-0fe1-4457-b0e3-f46de86c9086/446961110_992092385614979_7756119789085585962_n.jpg)
পিছে চলচ্চিত্ৰপ্ৰেমীৰ বাবে ভাল খবৰ যে, ককাদেউতা নাতি আৰু হাতী ছবিখনৰ ছিকুৱেল নিৰ্মাণ হ’ব। প্ৰাইড ইষ্ট এন্টাৰটেইনমেন্টৰ বেনাৰত নিৰ্মাণ হ’ব কাকাদেউতা নাতি আৰু হাতী-২ নামৰ ছবিখন।
বুধবাৰে জ্যোতিচিত্ৰবনত ছবিখনৰ মহুৰত হৈ যায়। জানিবলৈ দিয়া মতে কাকাদেউতা নাতি আৰু হাতী-২ পৰিচালনা কৰিব যুৱ পৰিচালক অচিন্ত শংকৰে। আনহাতে ইয়াৰ কাহিনী আৰু চিত্ৰনাট্য। ৰচনা কৰিছে নাট্যকাৰ তথা গীতিকাৰ ৰাজদ্বীপে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-05/b356996a-ad04-42bb-90ad-3314bdb73812/446865249_992092472281637_8045574215588103731_n.jpg)
ৰিণিকি ভূঞা শৰ্মাই পৰিকল্পনা কৰা ছবিখনত অভিনয় কৰিব যতীন বৰা, উৎপল দাস, সিদ্ধাৰ্থ শৰ্মা, বিবেক বৰা, কমল লোচন দাস, যশশ্ৰী ভূঞাকে ধৰি ভালেকেইগৰাকী ন-পুৰণি শিল্পীয়ে। বুধবাৰে অনুষ্ঠিত মহুৰত পৰ্বত কেমেৰাত মাল্যাৰ্পণ কৰি প্ৰথমটো দৃশ্যগ্ৰহণৰ শুভাৰম্ভ কৰে।
Also Read: ইজৰাইল ৱাৰ : ৰাফাঃৰ সমৰ্থনত বলীউড তাৰকা...