জানুৱাৰীত কে এল ৰাহুল-আথিয়াৰ বিয়া

জানুৱাৰীত কে এল ৰাহুল-আথিয়াৰ বিয়া

প্ৰস্তুতি তুংগত:নিমন্ত্ৰণ আৰম্ভ

ডিজিটেল ডেস্ক: বলীউড আৰু ক্ৰিকেটৰ এক এৰাব নোৱাৰা সম্পৰ্ক আছে। ইতিহাসেও ইয়াৰ সাক্ষ্য বহন কৰে। ক্ৰিকেটাৰৰ সৈতে গঢ়ি উঠা সম্পৰ্কৰ বাবে প্ৰায়েই চৰ্চাৰ শীৰ্ষত থাকে বলীউডৰ সুন্দৰী।শেহতীয়াকৈ এনে এক সম্পৰ্কৰ বাবেই চৰ্চাত আছে ছুপাৰষ্টাৰ সুনীল ছেট্টীৰ কন্যা অভিনেত্ৰী আথিয়া ছেট্টী আৰু ক্ৰিকেটাৰ কে এল ৰাহুল।বহু বছৰ ধৰি চলি অহা তেওঁলোকৰ প্ৰেমৰ সম্পৰ্কই এতিয়া এক নতুন নাম পাবলৈ গৈ আছে।হয়, প্ৰেমত মছগুল এই যুটীয়ে অতি শীঘ্ৰেই বিবাহপাশত আবদ্ধ হ’ব। আগন্তুক বৰ্ষৰ জানুৱাৰীৰ শেষৰ ফালে তেওঁলোকৰ বিবাহ সম্পন্ন হ’ব।

খবৰ অনুসৰি, ২১ ৰ পৰা ২৩ জানুৱাৰীলৈ তিনিদিনীয়া কাৰ্যসূচীৰে ৰাহুল আৰু আথিয়াৰ বিবাহৰ কাৰ্যসূচী অনুষ্ঠিত হ’ব।এই হাই প্ৰফাইল বিয়াখনৰ অতিথিৰ তালিকা সাজু হৈ উঠিছে।কিছু অতিথিলৈ বিয়াৰ নিমন্ত্ৰণী পত্ৰ ইতিমধ্যে প্ৰেৰণো কৰা হৈছে।

এই সন্দৰ্ভত আথিয়াৰ পিতৃ  সুনীল ছেট্টীয়ে অনুৰাগীক জনোৱা মতে, বিয়াৰ প্ৰস্তুতি তুংগত যদিও কে এল ৰাহুল অত্যন্ত ব্যস্ত।সুনীল ছেট্টীৰ খাণ্ডালাৰ বাংলোত বিয়াৰ কাৰ্যসূচী অনুষ্ঠিত হ’ব।এই বিবাহৰ অতিথিৰ তালিকাত অমিতাভ বচ্ছন, শ্বাহৰুখ খান,, ছলমান খান, বিৰাট কোহলিকে ধৰি বহু নামী দামী তাৰকাৰ নাম অন্তৰ্ভূক্ত আছে।

জানুৱাৰীত কে এল ৰাহুল-আথিয়াৰ বিয়া
অপেক্ষাৰ অন্ত ! কৰিশ্মা কাপুৰক বিয়া পাতিব ছলমান খানে

উল্লেখ্য, বলীউডী আৰু ক্ৰিকেট তাৰকাৰ যুটীত ইতিমধ্যে সফল হৈছে শৰ্মিলা টেগৰ(ঠাকুৰ)-নবাব আলী খান পাটাউডী,ৰীণা ৰয়-মহছিদ খান, সংগীতা বিজলানী-মহম্মদ আজহাৰউদ্দিন, গীতা বাছৰা-হৰভজন সিং, হাজেল কীছ-যুৱৰাজ সিং, সাগৰিকা ঘাটগে-জাহিৰ খান তথা বিৰাট কোহলী আৰু অনষ্কা শৰ্মাৰ বহুচৰ্চিত যুটী।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in