ডিজিটেল ডেস্ক: আৰ্য়ন খান, ব্যতিক্ৰমী ব্যক্তিত্বৰ বাবে প্ৰায়ে চৰ্চাত থকা এইগৰাকী তাৰকা পুত্ৰৰ জনপ্ৰিয়তাৰ বিষয়ে হয়তো দোহৰাৰ প্ৰয়োজন নাই।বলীউডৰ 'কিং খান' শ্বাহৰুখ খানৰ বৰপুত্ৰ আৰ্য়ন খান। বলীউডত ভৰি নিদিওঁতেই তাৰকাৰ দৰেই বিতৰ্ক আৰু চৰ্চাত থাকে আৰ্য়ন খান।
কিন্তু এতিয়া বলীউডত খোজ দিবলৈ সাজু হৈছে 'কিং খান'ৰ পুত্ৰ। হয়, শ্বাহৰুখ খানৰ ৰেড চিলিজ এণ্টাৰটেইনমেণ্টে অটিটি প্লেটফৰ্ম নেটফ্লিক্সৰ সৈতে সহযোগিতা কৰিছে আৰু আনুষ্ঠানিকভাৱে এখন ৱেব চিৰিজ নিৰ্মাণৰ কথা ঘোষণা কৰিছে।যিখনত আৰ্য়ন খানে পৰিচালক তথা অভিনেতা হিচাপে আত্মপ্ৰকাশ কৰাটো প্ৰায় নিশ্চিত হৈছে।আগন্তুক বৰ্ষত মুক্তি লাভ কৰিব গীয়া এই ৱেব ছিৰিজখন ভাৰতীয় চলচ্চিত্ৰ উদ্যোগৰ পটভূমিত নিৰ্মাণ কৰা হ'ব।
উল্লেখ্য যে, ফাইন আৰ্টছ, চিনেমেটিক আৰ্টছ আৰু টেলিভিছন প্ৰডাকচনত স্নাতক ডিগ্ৰী অৰ্জন কৰাৰ পাছত আৰ্য়ন খানে পিতৃৰ পদাংক অনুসৰণ কৰিলে। ইফালে, ২০২১ৰ অক্টোবৰত এখন ক্ৰুজ জাহাজত অভিযান চলাই নাৰ্কোটিক্স কণ্ট্ৰোল ব্যুৰো (এনচিবি)ৰ দ্বাৰা ড্ৰাগছ যোগান ধৰা আৰু সেৱন কৰাৰ অভিযোগত গ্ৰেপ্তাৰ হ'বলগীয়া হৈছিল 'কিং খান'ৰ পুত্ৰ। সেই সময়ত সংবাদ মাধ্যমত সীমাহীন চৰ্চা লাভ কৰিছিল আৰ্য়নে। ২৬ দিন কাৰাগাৰত কটোৱাৰ পিছত জামিনত মুক্তি পাইছিল আৰ্য়ন খানে।
Also Read: আম্বানী পৰিয়ালকো পিছ পেলালে বলীউডী সুন্দৰীয়ে