/asomiyapratidin/media/media_files/2024/11/29/YE6lTZTG6T5I7EfTublh.jpeg)
ডিজিটেল ডেস্ক: সঁচাই, তাৰকাসকলৰ জীৱনশৈলীয়েই সুকীয়া।কোনোয়ে যদি সোণৰ গ্লাছত পানী খাই, কোনোয়ে আকৌ ব্যৱহাৰ কৰে সোণখচিত বাথৰূম, সোণৰ টুথব্ৰাছ।হয়, শেহতীয়াকৈ পোহৰলৈ অহা তথ্য অনুসৰি বলীউডৰ জনপ্ৰিয় অভিনেত্ৰী কিয়াৰা আদৱানীয়ে দাঁত চাফা কৰিবলৈ ব্যৱহাৰ কৰে সোণৰ ব্ৰাছ।
প্ৰকৃততে, অভিনেত্ৰী কিয়াৰাই ছ’চিয়েল মেডিয়াত কৰা প’ষ্টৰ পৰা এই বিষয়ে জানিব পৰা গৈছে। তেওঁ শেহতীয়াকৈ ইনষ্টাগ্ৰামৰ ষ্টৰীত দেখা গ’ল বাথৰূমৰ এখন ‘মিৰ’ৰ ছেলফী’।য’ত তেওঁক হাতত এই বিশেষ ব্ৰাছডাল লৈ থকা দেখা গৈছে।কিয়াৰাৰ এই ছেলফী এতিয়া ভাইৰেল হৈছে। তেওঁৰ এনে জীৱনশৈলীৰ বিষয়ে জানিব পাৰি সকলো অনুৰাগী আচৰিত হৈছে।বহু অনুৰাগীৰ মতে, কিয়াৰাই আম্বানী পৰিয়ালকো পিছ পেলালে।
উল্লেখ্য যে, ২০১৪ত কমেডী ছবি 'ফুগলী'ৰ জৰিয়তে বলীউডত প্ৰৱেশ কৰা কিয়াৰাই 'এম এছ ধোনী: দ্য আনটল্ড ষ্টৰী’, ‘কবীৰ সিং’, ‘ছেৰশ্বাহ’, ‘কলংক’, ‘ভুল ভুলেইয়া ২’ৰ দৰে বহু সফল ছবিত অভিনয় কৰি দৰ্শকৰ মনত এক সুকীয়া স্থান দখল কৰিবলৈ সক্ষম হৈছে।বিগত বৰ্ষৰ ৭ ফেব্ৰুৱাৰীত তেওঁ অভিনেতা সিদ্ধাৰ্থ মালহোত্ৰাৰ সৈতে বিবাহ পাশত আবদ্ধ হয়।বৰ্তমান সময়ৰ অন্যতম চৰ্চিত অভিনেত্ৰী কিয়াৰাক আগন্তুক বৰ্ষৰ প্ৰথমতেই ‘ৱাৰ ২’ত দৰ্শকে দেখিবলৈ পাব।