এনে কাম পুনৰ নকৰিবলৈ আহ্বান অনুৰাগীৰ

তাৰকাসকলৰ সামাজিক জীৱনটো সঁচাকৈয়ে অনিশ্চয়তাৰে ভৰা।কেতিয়াবা যদি অনুৰাগীৰ প্ৰশংসা, কেতিয়াবা আকৌ তেওঁলোক সেই একেখিনি অনুৰাগীৰেই সমালোচনাৰ বলি হ’বলগীয়া হয়।

author-image
Asomiya Pratidin
New Update
advani

ডিজিটেল ডেস্ক: তাৰকাসকলৰ সামাজিক জীৱনটো সঁচাকৈয়ে অনিশ্চয়তাৰে ভৰা।কেতিয়াবা যদি অনুৰাগীৰ প্ৰশংসা, কেতিয়াবা আকৌ তেওঁলোক সেই একেখিনি অনুৰাগীৰেই সমালোচনাৰ বলি হ’বলগীয়া হয়। হয়, এইবাৰ এনে দশাৰ সন্মুখীন হ’ল বলীউডৰ অতি জনপ্ৰিয় অভিনেত্ৰী কিয়াৰা আদৱানী

Advertisment

শেহতীয়াকৈ কিয়াৰাই পৰিধান কৰা এযোৰ বিশেষ সাজক কেন্দ্ৰ কৰি তেওঁ অনুৰাগীৰ তীব্ৰ সমালোচনাৰ বলি হৈছে। মুম্বাইত অনুষ্ঠিত এক বিশেষ অনুষ্ঠানত কিয়াৰাক এযোৰ বিশেষ ৰঙা বিশেষ সাজত দেখা গৈছিল।স্বাভাৱিকভাৱেই কিয়াৰাৰ এই আকৰ্ষণীয় নতুন ফটো ক্ষন্তেকতে ছ’চিয়েল মেডিয়াত ভাইৰেল হৈ পৰে আৰু ইয়াৰ পাছতেই অনুৰাগীৰ ৰোষৰ বলি হ’বলগীয়া হয় অভিনেত্ৰীগৰাকী।

প্ৰকৃততে, কিয়াৰাই পৰিধান কৰা সাজযোৰৰ দৰে সাইলাখ একেই সাজ বহুদিন পূৰ্বে পিন্ধিছিল ‘বি টাউন’ৰ ডিম্পল গাৰ্ল দীপিকা পাডুকনে।সেয়েহে, দীপিকাক ‘কপি’ কৰিছে বুলি অভিযোগ আনি অনুৰাগীসকলে কিয়াৰাক সমালোনাৰে থকা-সৰকা কৰে।অগনন লোকে ছ’চিয়েল মেডিয়াত কিয়াৰাৰ উদ্দ্যেশি বহু বিৰূপ মন্তব্য কৰিছে।একাংশই লেখিছে, ‘দীপিকাক কপি কৰিলেই আপুনি দীপিকা হৈ নাযায়।’ আন একাংশৰ মতে, একেই সাজ দুয়োয়ে পিন্ধিছে যদিও কিয়াৰাতকৈ দীপিকাকহে হেনো বেছি ধুনীয়া লাগিছে।আনহাতে, সৰহসংখ্যক লোকেই কিয়াৰাক এই ভুল দ্বিতীয়বাৰ নকৰিবলৈ আহ্বান জনাইছে।

Also Read:  অজয়ক পৰাজয় কৰি কাৰ্তিকৰ অপ্ৰতিৰোধ্য যাত্ৰা...