ব্যতিক্ৰমী কাহিনীৰ এখন নতুন ছবি চাবলৈ আপুনিও সাজু হওক

ট্ৰেইলাৰ মুকলিৰ পাছতেই এই ছবিখনে ৰাজ্যজুৰি যথেষ্ট চৰ্চা লাভ কৰিবলৈ সক্ষম হৈছে।

author-image
Asomiya Pratidin
New Update
ব্যতিক্ৰমী কাহিনীৰ এখন নতুন ছবি চাবলৈ আপুনিও সাজু হওক

ডিজিটেল ডেস্ক: ছবিপ্ৰেমীসকলৰ বাবে ভাল খবৰ।হয়, মুক্তিৰ বাবে সম্পূৰ্ণ সাজু হৈ উঠিছে আৰু এখন অসমীয়া ছবি। ছবিখনৰ নাম 'কি কোৱা, দোস্তি..!' নামটোৰ দৰেই ছবিখনো কিছু ব্যতিক্ৰম। কৌতুকধৰ্মী এই ছবিখন পৰিচালনা কৰিছে ‘লোকেল কুংফু’খ্যাত অভিনেতা-পৰিচালক কেনী বসুমতাৰীয়ে। ট্ৰেইলাৰ মুকলিৰ পাছতেই এই ছবিখনে ৰাজ্যজুৰি যথেষ্ট চৰ্চা লাভ কৰিবলৈ সক্ষম হৈছে।

Advertisment

শেহতীয়াকৈ ছবিখনৰ ট্ৰেইলৰ মুকলি কৰে 'আমীষ' খ্যাত অভিনেত্ৰী লিমা দাসে।ট্ৰেইলাৰ মুকলি কৰি অভিনেত্ৰীগৰাকীয়ে কয়, ‘যদি আপোনাৰ প্ৰেম, হাঁহি আৰু বন্ধুত্ব প্ৰিয়, তেন্তে আপুনি 'কি কোৱা, দোস্তি..!' চাবই লাগিব।আনহাতে, ছবিখনৰ সন্দৰ্ভত কিছু আভাস দি পৰিচালক কেনী বসুমতাৰীয়ে কয়, ' আমাৰ অধিকাংশৰে ভাৰাঘৰ, হোষ্টেল বা মেছত থকাৰ অভিজ্ঞতা আছে।’কি কোৱা, দোস্তি..!'ও মূলতে ভাড়াঘৰৰে কাহিনী।এই ছবিখনত ভাড়াঘৰত থকা চাৰিজন যুৱক আৰু তিনিগৰাকী যুৱতীৰ মাজত ঘটা সৰু-বৰ কেতবোৰ ঘটনা উপস্থাপন কৰা হৈছে।’

ছবিখনত অভিনয় কৰিছে ৰূপাশ্ৰী ফুকন, শ্ৰুতি হুছেইন, ৰিমি দেউৰী, ছাজু আহমেদ, কৌশিক নাথ, যতীন দাস আৰু দীপজ্যোতি দত্তই।উল্লেখ্য যে, কৌশিক নাথক দৰ্শকে ইতিমধ্যে ‘লোকেল উৎপাত' আৰু 'বৰনদী ভটিয়াই' নামৰ ছবি দুখনত দেখিবলৈ পাইছে।আনহাতে, যতীন দাস আৰু দীপজ্যোতি দত্তইও কেনী বসুমতাৰীৰ পূৰ্বৰ ছবিসমূহত নেতিবাচক চৰিত্ৰত অভিনয় কৰিছে যদিও বাকী কেইজন অভিনেতা-অভিনেত্ৰীক দৰ্শকে পোন প্ৰথমবাৰৰ বাবে পৰ্দাত দেখিবলৈ পাব।আনহাতে, ছবিখনত কেনী বসুমতাৰীয়েও এটা বিশেষ চৰিত্ৰত অভিনয় কৰিছে।

কেনীয়ে লগতে জনোৱা মতে,  ২৮ এপ্ৰিলত সমগ্ৰ ৰাজ্যজুৰি মুক্তি পাবলগীয়া এই ছবিখনত বিভূতি ভূষণ হাজৰিকা, গায়ত্ৰী শৰ্মা, বিভাষ সিনহা, উৎকল হাজোৱাৰী আৰু ৰুবুল বড়োৰ দৰে বহুকেইজন প্ৰখ্যাত অভিনেতা-অভিনেত্ৰীয়েও অভিনয় কৰিছে।ব্লেক মেজিক ৬ কে প্ৰ' কেমেৰাৰে  'কি কোৱা, দোস্তি..!'ৰ দৃশ্যগ্ৰহণ কৰা হৈছে।ছবিখনত প্ৰযোজনা ডিজাইনাৰ হিচাপে কাম কৰিছে  কুলনন্দিনী মহন্তই। 'লোকেল উৎপাত'ৰ নায়িকা পুনম গুৰুঙে ছবিখনত সাজ-পাৰ ডিজাইন কৰিছে। কেমেৰা সুৰজ ডেকাৰ। ইফালে, ছবিখনৰ উৎপত্তি সম্পৰ্কে কেনীয়ে জনোৱা মতে, ‘মই সদায় 'বন্ধু'ৰ দৰে সম্পৰ্কক অনুভৱ আৰু এই অনুভৱক ছবিৰ জৰিয়তে পুনৰ সৃষ্টি কৰিব বিচাৰিছিলো, যাক আপুনি বাৰে বাৰে উপভোগ কৰিব পাৰে।' কি কোৱা, দোস্তি..!' তাৰেই প্ৰয়াস, যি খন ছবিক আপুনি বন্ধু আৰু পৰিয়ালৰ সৈতে বাৰে বাৰে আহি চাব পাৰিব আৰু প্ৰতিবাৰেই উপভোগ কৰিব পাৰিব।’

Also Read: হাতত নাছিল কোনো কাম, কানাড়া অভিনেতাৰ আত্মহত্যা...

কি কোৱা দোস্তি