‘দ্য আৰ্চিছ’ৰ প্ৰিমিয়াৰত প্ৰয়াত মাতৃৰ কাপোৰ পিন্ধি জিলিকি উঠিল খুছী কাপুৰ

জীৱনৰ প্ৰথমখন ছবিৰ প্ৰিমিয়াৰ অনুষ্ঠানত মাতৃৰ কাপোৰ পিন্ধি জিলিকিল বলীউডৰ প্ৰখ্যাত অভিনেত্ৰী শ্ৰীদেৱীৰ সৰু কন্যা খুছী কাপুৰ।হয়, ‘দ্য আৰ্চিছ’ ছবিখনৰ জৰিয়তে বলীউডত প্ৰৱেশ কৰিলে কাপুৰ পৰিয়ালৰ এইগৰাকী কণিষ্ঠ অভিনেত্ৰীয়ে।জীৱনৰ এই বিশেষ মূহুৰ্তত প্ৰয়াত মাতৃক সোৱৰণ কৰিয়েই হয়তো খুছীয়ে পিন্ধিবলৈ বাচনি কৰে এই বিশেষ কাপোৰ।

author-image
Asomiya Pratidin
New Update
‘দ্য আৰ্চিছ’ৰ প্ৰিমিয়াৰত প্ৰয়াত মাতৃৰ কাপোৰ পিন্ধি জিলিকি উঠিল খুছী কাপুৰ

ডিজিটেল ডেস্ক: জীৱনৰ প্ৰথমখন ছবিৰ প্ৰিমিয়াৰ অনুষ্ঠানত মাতৃৰ কাপোৰ পিন্ধি জিলিকিল বলীউডৰ প্ৰখ্যাত অভিনেত্ৰী শ্ৰীদেৱীৰ সৰু কন্যা খুছী কাপুৰ।হয়, ‘দ্য আৰ্চিছ’ ছবিখনৰ জৰিয়তে বলীউডত প্ৰৱেশ কৰিলে কাপুৰ পৰিয়ালৰ এইগৰাকী কণিষ্ঠ অভিনেত্ৰীয়ে।জীৱনৰ এই বিশেষ মূহুৰ্তত প্ৰয়াত মাতৃক সোৱৰণ কৰিয়েই হয়তো খুছীয়ে পিন্ধিবলৈ বাচনি কৰে এই বিশেষ কাপোৰ।

Advertisment

খুছীয়ে এই প্ৰিমিয়াৰ অনুষ্ঠানত মাতৃ শ্ৰীদেৱীয়ে ইতিমধ্যে পিন্ধা চিকমিকনি স্ট্ৰেপলেছ গাউনটো পৰিধান কৰিছে। ইয়াৰ লগত তেওঁ হীৰাৰ নেকলেছ আৰু কাণফুলিও পিন্ধিছে। উল্লেখ্য যে, ‘আইফা বঁটা ২০১৩’ত শ্ৰীদেৱীয়ে এই বিশেষ গাউনটো পৰিধান কৰিছিল।কেৱল খুছীয়েই নহয়, শ্ৰীদেৱীৰ জ্যেষ্ঠ কন্যা জাহ্নৱী কাপুৰেও বহুসময়ত মাতৃৰ শাৰী পিন্ধি বহু অনুষ্ঠানত অংশগ্ৰহণ কৰা পৰিলক্ষিত হয়।

জয়া আখটাৰৰ দ্বাৰা পৰিচালিত ‘দ্য আৰ্চিছ’ আজিৰে পৰা নেটফ্লিক্সত প্ৰদৰ্শিত হৈছে।ছবিখন আমেৰিকান কমিক্সৰ জনপ্ৰিয় কাল্পনিক চৰিত্ৰসমূহৰ জীৱন সন্দৰ্ভত আধাৰিত।এই ছবিখনৰ জৰিয়তে খুছীৰ লগতে অমিতাভ বচ্চনৰ জী নাতি অগষ্ট্য নন্দা, শ্বাহৰুখ খানৰ একমাত্ৰ কন্যা সুহানা খানেও বলীউডত প্ৰৱেশ কৰিলে।এইকেইজন ষ্টাৰ কিডৰ সৈতে ছবিখনত মুখ্য চৰিত্ৰত অভিনয় কৰিছে মিহিৰ আহুজা, বেদাং ৰাইনা, অডিতি ডট আৰু যুৱৰাজ মেণ্ডাই।

Also Read: এতিয়াৰে পৰা কন্যা ৰাহা, মাতৃ-পত্নীৰ যত্নত ব্যস্ত হ’ব ৰণবীৰ